--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও একাধিক বাৰ পৰাজয়েৰে বিশ্বকাপ আৰম্ভমি কৰিছিল আৰ্জেণ্টিনাই। ইয়াৰ মাজতে এবাৰ ফাইনেলো খেলিবলৈ সক্ষম হৈছিল লেটিন আমেৰিকান দেশখন।

কাটাৰ বিশ্বকাপৰ প্ৰথমখন মেচত দুৰ্বল চৌদী আৰৱৰ হাতত পৰাজীত হোৱাৰ পাছত এতিয়া সৰ্বত্ৰে চাঞ্চল্য বিৰাজ কৰিছে। ভাগি পৰিছে আৰ্জেণ্টিনাৰ অনুৰাগীসকল।

কিন্তু বিশ্বকাপৰ ইতিহাসত এনেকুৱা অলেখ ঘটনা-পৰিঘটনাৰ সাক্ষী হৈ ৰৈছে আৰ্জেণ্টিনা। ১৯৩০ চনত প্ৰথমখন বিশ্বকাপত ৰানাৰ্ছ আপ হৈছিল দলটো। ১৯৩৪ চনৰ বিশ্বকাপ আৰম্ভ কৰা হয় নক আউট পদ্ধতিৰে। সেইবাৰ প্ৰথম মেচতে চুইডেনৰ হাতত ২-৩ গ’লত পৰাজীত হৈছিল আৰ্জেণ্টিনা। ফলস্বৰূপে বিশ্বকাপৰ পৰা বিদায় ল’বলগা হৈছিল।

১৯৫৮ চনৰ বিশ্বকাপতো প্ৰথম মেচত হাৰে আৰ্জেণ্টিনা। পশ্চিম জাৰ্মানীয়ে ১-৩ গ’লত হৰুৱায় দলটোক। ১৯৭৪ চনৰ বিশ্বকাপত প্ৰথমখন মেচত পোলেণ্ডৰ হাতত ২-৩ গ’লত হাৰে আৰ্জেণ্টিনা। ১৯৮২ চনৰ বিশ্বকাপতো বেলজিয়ামৰ হাতত ০-১ ব্যৱধানত প্ৰথমখন মেচত পৰাস্ত হয় দলটো।

তাৰপাছত আহিল ১৯৮৬ চনৰ বিশ্বকাপ। ডিয়েগ’ মাৰাডোনাৰ পৰাক্ৰম আৰু আৰ্জেণ্টনাৰ বিশ্ববিজয়! ১৯৯০ চনৰ বিশ্বকাপতো বিশ্বজয়ৰ তীব্ৰ দাবীদাৰ আছিল আৰ্জেণ্টিনা। কিন্তু প্ৰথমখন মেচতে কেমেৰুণৰ হাতত ০-১ ব্যৱধানত পৰাস্ত হয়। প্ৰথম মেচত হাৰিও দলটো ফাইনেলত প্ৰৱেশ কৰিছিল। ফাইনেলত পশ্চিম জাৰ্মানীৰ হাতত পৰাজীত হয় মাৰাডোনাবাহিনী।

২০১৮ চনতো বিশ্বকাপৰ প্ৰথমখন মেচত কথমপি পৰাজয়ৰ পৰা বাচি যাবলৈ সক্ষম হয় আৰ্জেণ্টিনা। আইচলেণ্ডৰ স’তে হোৱা মেচখন ড্ৰ হয়। বিশ্বকাপৰ ইতিহাসত এইদৰে অলেখ অভিজ্ঞতাৰ সন্মুখীন হোৱা মেছিবাহিনী পুনৰ উজ্বলি উঠিবনে? উদ্ধুদ্ধ হ’বনে মাৰাডোনাৰ উৎসাহেৰে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক