--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও একাধিক বাৰ পৰাজয়েৰে বিশ্বকাপ আৰম্ভমি কৰিছিল আৰ্জেণ্টিনাই। ইয়াৰ মাজতে এবাৰ ফাইনেলো খেলিবলৈ সক্ষম হৈছিল লেটিন আমেৰিকান দেশখন।

কাটাৰ বিশ্বকাপৰ প্ৰথমখন মেচত দুৰ্বল চৌদী আৰৱৰ হাতত পৰাজীত হোৱাৰ পাছত এতিয়া সৰ্বত্ৰে চাঞ্চল্য বিৰাজ কৰিছে। ভাগি পৰিছে আৰ্জেণ্টিনাৰ অনুৰাগীসকল।

কিন্তু বিশ্বকাপৰ ইতিহাসত এনেকুৱা অলেখ ঘটনা-পৰিঘটনাৰ সাক্ষী হৈ ৰৈছে আৰ্জেণ্টিনা। ১৯৩০ চনত প্ৰথমখন বিশ্বকাপত ৰানাৰ্ছ আপ হৈছিল দলটো। ১৯৩৪ চনৰ বিশ্বকাপ আৰম্ভ কৰা হয় নক আউট পদ্ধতিৰে। সেইবাৰ প্ৰথম মেচতে চুইডেনৰ হাতত ২-৩ গ’লত পৰাজীত হৈছিল আৰ্জেণ্টিনা। ফলস্বৰূপে বিশ্বকাপৰ পৰা বিদায় ল’বলগা হৈছিল।

১৯৫৮ চনৰ বিশ্বকাপতো প্ৰথম মেচত হাৰে আৰ্জেণ্টিনা। পশ্চিম জাৰ্মানীয়ে ১-৩ গ’লত হৰুৱায় দলটোক। ১৯৭৪ চনৰ বিশ্বকাপত প্ৰথমখন মেচত পোলেণ্ডৰ হাতত ২-৩ গ’লত হাৰে আৰ্জেণ্টিনা। ১৯৮২ চনৰ বিশ্বকাপতো বেলজিয়ামৰ হাতত ০-১ ব্যৱধানত প্ৰথমখন মেচত পৰাস্ত হয় দলটো।

তাৰপাছত আহিল ১৯৮৬ চনৰ বিশ্বকাপ। ডিয়েগ’ মাৰাডোনাৰ পৰাক্ৰম আৰু আৰ্জেণ্টনাৰ বিশ্ববিজয়! ১৯৯০ চনৰ বিশ্বকাপতো বিশ্বজয়ৰ তীব্ৰ দাবীদাৰ আছিল আৰ্জেণ্টিনা। কিন্তু প্ৰথমখন মেচতে কেমেৰুণৰ হাতত ০-১ ব্যৱধানত পৰাস্ত হয়। প্ৰথম মেচত হাৰিও দলটো ফাইনেলত প্ৰৱেশ কৰিছিল। ফাইনেলত পশ্চিম জাৰ্মানীৰ হাতত পৰাজীত হয় মাৰাডোনাবাহিনী।

২০১৮ চনতো বিশ্বকাপৰ প্ৰথমখন মেচত কথমপি পৰাজয়ৰ পৰা বাচি যাবলৈ সক্ষম হয় আৰ্জেণ্টিনা। আইচলেণ্ডৰ স’তে হোৱা মেচখন ড্ৰ হয়। বিশ্বকাপৰ ইতিহাসত এইদৰে অলেখ অভিজ্ঞতাৰ সন্মুখীন হোৱা মেছিবাহিনী পুনৰ উজ্বলি উঠিবনে? উদ্ধুদ্ধ হ’বনে মাৰাডোনাৰ উৎসাহেৰে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু