--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত এতিয়াও আশা বৰ্তী আছে জাৰ্মানীৰ। গ্ৰুপৰ প্ৰথম মেচত জাপানৰ হাতত আশ্বৰ্যজনকভাৱে পৰাজীত হোৱাৰ পাছত দ্বিতীয়খন মেচত স্পেইনৰ বিৰুদ্ধে ড্ৰ’ কৰিছে চাৰি বাৰৰ চেম্পিয়ন দলটোৱে।

মেচখনত স্পেইনে দূৰ্দান্ত প্ৰদৰ্শন কৰে। ৬২ মিনিটত আলভাৰো মৰাটাৰ গ’লেৰে স্পেইনে অগ্ৰগতি লয়। কিন্তু ৮৩ মিনিটত জাৰ্মানীৰ নিকলাছ ফুলকুৰ্গে গ’ল দিবলৈ সক্ষম হয়। শেষত মেচখন ড্ৰ’ হয়। ফলত জাৰ্মানীৰ আশা বৰ্তি থাকে।

স্পেইনৰ বিৰুদ্ধে খেলা নিৰ্ণায়ক মেচখনত জাৰ্মানী পৰাজীত হোৱা হ’লেই বিশ্বকাপৰ পৰা আঁতৰিলেহেঁতেন। মেচখনত জয়ী হ’ব নোৱাৰিলেও ড্ৰ’ কৰিবলৈ সক্ষম হয়। ফলত দুয়োটা দলেই ১ পইণ্টকৈ ভগাই লয়।

জাৰ্মানী আছে বিশ্বকাপৰ গ্ৰুপ ই-ত। এতিয়ালৈকে শীৰ্ষত আছে স্পেইন। দুখন মেচত ৪ পইণ্ট লাভ কৰিছে শক্তিশালী স্পেইনে। দুখন মেচত ৩ পইণ্ট লাভ কৰি দ্বিতীয় স্থানত আছে জাপান। সমান পৰিমাণৰ পইণ্টেৰে তৃতীয় স্থানত আছে কোষ্টাৰিকা। কোষ্টাৰিকা তৃতীয় স্থানত থকাৰ মূলতে হ’ল জাপানৰ স’তে দলটোৰ গ’ল পাৰ্থক্য আছে। গ্ৰুপৰ শেষত ৰৈছে জাৰ্মানী। ২খন মেচত তেওঁলোকে মাত্ৰ ১ পইণ্ট অৰ্জন কৰিছে।

গ্ৰুপৰ শেষ মেচত স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব জাপান। আনহাতে, জাৰ্মানীয়ে খেলিব কোষ্টাৰিকাৰ বিৰুদ্ধে। পৰৱৰ্তী ৰাউণ্ডলৈ আগুৱাবলৈ হ’লে জাৰ্মানীয়ে কোষ্টাৰিকাৰ বিৰুদ্ধে জয়ী হ’বই লাগিব। তেতিয়া তেওঁলোকৰ পইণ্ট হ’ব ৪। তেতিয়া কোষ্টাৰিকা ৩ পইণ্ট লাভ কৰি তৃতীয় স্থানত থাকিব। যদি স্পেইনে জাপানক হৰুৱায়, তেনে স্পেইনৰ পইণ্ট হ’ব ৭। জাপানৰ পইণ্ট হ’ব ৩। তেনেক্ষেত্ৰত গ্ৰুপৰ দ্বিতীয় দল হিচাপে পৰৱৰ্তী ৰাউণ্ডলৈ যাব জাৰ্মানী।

আনহাতে, ইয়াৰ বিপৰীতে যদি জাপানে স্পেইনক হৰুৱায় তেনেহ’লে জাপানৰ পইণ্ট হ’বগৈ ৬। স্পেইনৰ পইণ্ট হ’ব ৪। যদি ড্ৰ’ হয় তেন্তে স্পেইনৰ পইণ্ট হ’ব ৫। জাপানৰ হাতত থাকিব ৪ পইণ্ট। দুয়োটা ক্ষেত্ৰতে গ’ল ব্যৱধানত পৰৱৰ্তী ৰাউণ্ডলৈ যাব পাৰিব জাৰ্মানী।
গ্ৰুপৰ গ’ল ব্যৱধান আটাইতকৈ বেছি স্পেইনৰ। তেওঁলোকৰ গ’ল ব্যৱধান ৭। জাপানৰ ০ আৰু জাৰ্মানীৰ গ’ল পাৰ্থক্য -১। অৰ্থাৎ গ’ল ব্যৱধানত কোনেও স্পেইনক চুব নোৱাৰে। ইয়াৰ অৰ্থ এইটোৱে যে নিজৰ মেচ জিকিলে অথবা ড্ৰ’ হ’লে আৰু স্পেইনে জাপানক হৰুৱালে বিশ্বকাপত টিকি থাকিব জাৰ্মানী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু