--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত এতিয়াও আশা বৰ্তী আছে জাৰ্মানীৰ। গ্ৰুপৰ প্ৰথম মেচত জাপানৰ হাতত আশ্বৰ্যজনকভাৱে পৰাজীত হোৱাৰ পাছত দ্বিতীয়খন মেচত স্পেইনৰ বিৰুদ্ধে ড্ৰ’ কৰিছে চাৰি বাৰৰ চেম্পিয়ন দলটোৱে।

মেচখনত স্পেইনে দূৰ্দান্ত প্ৰদৰ্শন কৰে। ৬২ মিনিটত আলভাৰো মৰাটাৰ গ’লেৰে স্পেইনে অগ্ৰগতি লয়। কিন্তু ৮৩ মিনিটত জাৰ্মানীৰ নিকলাছ ফুলকুৰ্গে গ’ল দিবলৈ সক্ষম হয়। শেষত মেচখন ড্ৰ’ হয়। ফলত জাৰ্মানীৰ আশা বৰ্তি থাকে।

স্পেইনৰ বিৰুদ্ধে খেলা নিৰ্ণায়ক মেচখনত জাৰ্মানী পৰাজীত হোৱা হ’লেই বিশ্বকাপৰ পৰা আঁতৰিলেহেঁতেন। মেচখনত জয়ী হ’ব নোৱাৰিলেও ড্ৰ’ কৰিবলৈ সক্ষম হয়। ফলত দুয়োটা দলেই ১ পইণ্টকৈ ভগাই লয়।

জাৰ্মানী আছে বিশ্বকাপৰ গ্ৰুপ ই-ত। এতিয়ালৈকে শীৰ্ষত আছে স্পেইন। দুখন মেচত ৪ পইণ্ট লাভ কৰিছে শক্তিশালী স্পেইনে। দুখন মেচত ৩ পইণ্ট লাভ কৰি দ্বিতীয় স্থানত আছে জাপান। সমান পৰিমাণৰ পইণ্টেৰে তৃতীয় স্থানত আছে কোষ্টাৰিকা। কোষ্টাৰিকা তৃতীয় স্থানত থকাৰ মূলতে হ’ল জাপানৰ স’তে দলটোৰ গ’ল পাৰ্থক্য আছে। গ্ৰুপৰ শেষত ৰৈছে জাৰ্মানী। ২খন মেচত তেওঁলোকে মাত্ৰ ১ পইণ্ট অৰ্জন কৰিছে।

গ্ৰুপৰ শেষ মেচত স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব জাপান। আনহাতে, জাৰ্মানীয়ে খেলিব কোষ্টাৰিকাৰ বিৰুদ্ধে। পৰৱৰ্তী ৰাউণ্ডলৈ আগুৱাবলৈ হ’লে জাৰ্মানীয়ে কোষ্টাৰিকাৰ বিৰুদ্ধে জয়ী হ’বই লাগিব। তেতিয়া তেওঁলোকৰ পইণ্ট হ’ব ৪। তেতিয়া কোষ্টাৰিকা ৩ পইণ্ট লাভ কৰি তৃতীয় স্থানত থাকিব। যদি স্পেইনে জাপানক হৰুৱায়, তেনে স্পেইনৰ পইণ্ট হ’ব ৭। জাপানৰ পইণ্ট হ’ব ৩। তেনেক্ষেত্ৰত গ্ৰুপৰ দ্বিতীয় দল হিচাপে পৰৱৰ্তী ৰাউণ্ডলৈ যাব জাৰ্মানী।

আনহাতে, ইয়াৰ বিপৰীতে যদি জাপানে স্পেইনক হৰুৱায় তেনেহ’লে জাপানৰ পইণ্ট হ’বগৈ ৬। স্পেইনৰ পইণ্ট হ’ব ৪। যদি ড্ৰ’ হয় তেন্তে স্পেইনৰ পইণ্ট হ’ব ৫। জাপানৰ হাতত থাকিব ৪ পইণ্ট। দুয়োটা ক্ষেত্ৰতে গ’ল ব্যৱধানত পৰৱৰ্তী ৰাউণ্ডলৈ যাব পাৰিব জাৰ্মানী।
গ্ৰুপৰ গ’ল ব্যৱধান আটাইতকৈ বেছি স্পেইনৰ। তেওঁলোকৰ গ’ল ব্যৱধান ৭। জাপানৰ ০ আৰু জাৰ্মানীৰ গ’ল পাৰ্থক্য -১। অৰ্থাৎ গ’ল ব্যৱধানত কোনেও স্পেইনক চুব নোৱাৰে। ইয়াৰ অৰ্থ এইটোৱে যে নিজৰ মেচ জিকিলে অথবা ড্ৰ’ হ’লে আৰু স্পেইনে জাপানক হৰুৱালে বিশ্বকাপত টিকি থাকিব জাৰ্মানী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক