--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কাটাৰত এটলাছ সিংহৰ গৰ্জন অব্যাহত আছে। ক্ৰিষ্টিয়ানো ৰোনাল্দোৰ পৰ্তুগালক  মৰক্কোই খেল পথাৰতে ধৰাশায়ী কৰিলে। কোৱাৰ্টাৰ ফাইনেলত পৰ্তুগীজসকলক ১-০ গ'লত পৰাস্ত কৰি ইতিহাসত প্ৰথমবাৰৰ বাবে মৰক্কো ছেমি ফাইনেলত উপনীত হয়।

ফাৰ্নাণ্ডো চেণ্টোছে হয়তো পাহৰি গৈছিল  যে মৰক্কো চুইজাৰলেণ্ড আৰু বেলজিয়াম আৰু স্পেইনৰ দৰে দল  নহয়। প্ৰাক-কোৱাৰ্টাৰ ফাইনেল আৰু কোৱাৰ্টাৰ ফাইনেলৰ চাপ একে নহয় সেই কথাও হয়তো তেওঁ বুজি উঠা নাছিল। ফলত জয়ৰ কোনো সম্ভাৱনা সৃষ্টি হোৱা নাছিল, দলটোৱে মৰক্কোৰ প্ৰতিৰক্ষা ভংগ কৰিব পৰা নাছিল।  সৃষ্টি হোৱা  সুযোগবোৰ ৰামোছ, ফেলিক্সৰ দৰে খেলুৱৈয়ে  অপচয় কৰিছিল। খেলৰ এনে গতিৰ বিপৰীতে বিপৰীত মৰক্কোৰ য়ুচেফ এন-নেছৰীয়ে পৰ্তুগালৰ গ'লৰক্ষক কোষ্টাক বিব্ৰত কৰি তোলে । প্ৰথমাৰ্ধৰ শেষত মৰক্কো আগবাঢ়ি যায়।

দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে  পৰিস্থিতিটো প্ৰথমাৰ্ধৰ দৰেই একে যেন হৈ থাকিল।  খেলখনৰ 50 মিনিট পিছত  ক্ৰিষ্টিয়ানো খেলপথাৰলৈ আহিছিল। যাৰ বাবে গোটেই ষ্টেডিয়ামখনেই,  সম্ভৱতঃ গোটেই পৃথিৱীখনে অপেক্ষা কৰি আছিল। ৰোনাল্দোৰ অনুৰাগীসকলে আশা কৰিছিল যে এইবাৰ চুপাৰষ্টাৰৰ ভৰিৰ পৰা  যাদুকৰী শক্তি  ওলাই আহিব। এইবাৰ, ৰোনাল্ডোৱে নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব পাৰিব।  কিন্তু সেয়া নহয়। ৰোনাল্ডোৱে চেষ্টা বিফল হ’ল। 

সময়ত পৰ্তুগাল ১-০ গ’লৰ ব্যৱধানত পৰাজিত হ’ল, ৰোনাল্ডো পৰাজিত হৈছিল। বিশ্বৰ সৰ্বকালৰ সৰ্বাধিক গ'ল দাতাজনে খালী হাতেৰে উভতি আহিব লগীয়া হ’ল। পৰ্তুগালৰ অধিনায়কৰ চকুপানীৰে খেলপথাৰ উপচি পৰিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু