--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কাটাৰত এটলাছ সিংহৰ গৰ্জন অব্যাহত আছে। ক্ৰিষ্টিয়ানো ৰোনাল্দোৰ পৰ্তুগালক  মৰক্কোই খেল পথাৰতে ধৰাশায়ী কৰিলে। কোৱাৰ্টাৰ ফাইনেলত পৰ্তুগীজসকলক ১-০ গ'লত পৰাস্ত কৰি ইতিহাসত প্ৰথমবাৰৰ বাবে মৰক্কো ছেমি ফাইনেলত উপনীত হয়।

ফাৰ্নাণ্ডো চেণ্টোছে হয়তো পাহৰি গৈছিল  যে মৰক্কো চুইজাৰলেণ্ড আৰু বেলজিয়াম আৰু স্পেইনৰ দৰে দল  নহয়। প্ৰাক-কোৱাৰ্টাৰ ফাইনেল আৰু কোৱাৰ্টাৰ ফাইনেলৰ চাপ একে নহয় সেই কথাও হয়তো তেওঁ বুজি উঠা নাছিল। ফলত জয়ৰ কোনো সম্ভাৱনা সৃষ্টি হোৱা নাছিল, দলটোৱে মৰক্কোৰ প্ৰতিৰক্ষা ভংগ কৰিব পৰা নাছিল।  সৃষ্টি হোৱা  সুযোগবোৰ ৰামোছ, ফেলিক্সৰ দৰে খেলুৱৈয়ে  অপচয় কৰিছিল। খেলৰ এনে গতিৰ বিপৰীতে বিপৰীত মৰক্কোৰ য়ুচেফ এন-নেছৰীয়ে পৰ্তুগালৰ গ'লৰক্ষক কোষ্টাক বিব্ৰত কৰি তোলে । প্ৰথমাৰ্ধৰ শেষত মৰক্কো আগবাঢ়ি যায়।

দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে  পৰিস্থিতিটো প্ৰথমাৰ্ধৰ দৰেই একে যেন হৈ থাকিল।  খেলখনৰ 50 মিনিট পিছত  ক্ৰিষ্টিয়ানো খেলপথাৰলৈ আহিছিল। যাৰ বাবে গোটেই ষ্টেডিয়ামখনেই,  সম্ভৱতঃ গোটেই পৃথিৱীখনে অপেক্ষা কৰি আছিল। ৰোনাল্দোৰ অনুৰাগীসকলে আশা কৰিছিল যে এইবাৰ চুপাৰষ্টাৰৰ ভৰিৰ পৰা  যাদুকৰী শক্তি  ওলাই আহিব। এইবাৰ, ৰোনাল্ডোৱে নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব পাৰিব।  কিন্তু সেয়া নহয়। ৰোনাল্ডোৱে চেষ্টা বিফল হ’ল। 

সময়ত পৰ্তুগাল ১-০ গ’লৰ ব্যৱধানত পৰাজিত হ’ল, ৰোনাল্ডো পৰাজিত হৈছিল। বিশ্বৰ সৰ্বকালৰ সৰ্বাধিক গ'ল দাতাজনে খালী হাতেৰে উভতি আহিব লগীয়া হ’ল। পৰ্তুগালৰ অধিনায়কৰ চকুপানীৰে খেলপথাৰ উপচি পৰিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক