--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যতি পৰিল এটা বৰ্ণময় কেৰিয়াৰ। কাটাৰ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৰ হাতত পৰাস্ত হ’ল পৰ্তুগাল। লগে লগে শেষ হ’ল সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ তাৰকা ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ কেৰিয়াৰ। ইয়াৰ পাছত আৰু ৰোণাল্ডোক দেখা পোৱা নাযাব বিশ্বকাপত।

বিশ্বকাপৰে আৰম্ভণিৰে পৰা ফুটবল অনুৰাগীসকলে কৈছিল যে এয়া অঘটনৰ বিশ্বকাপ। কোৱাৰ্টাৰ ফাইনেলতো সেয়া প্ৰতিপন্ন কৰিলে উত্তৰ আফ্ৰিকাৰ দেশ মৰক্কোৱে। পৰাস্ত কৰিলে তাৰকাখচিত পৰ্তুগালক।

আল থুমামা ষ্টেডিয়ামত খেলা মেচখনত ১-০ ব্যৱধানত পৰাস্ত হয় পতুৰ্গাল। পেপে, ৰুবেন ডিয়াজেৰে গঠিত পৰ্তুগালৰ শক্তিশালী ৰক্ষণ বিভাগৰ বেহু ফালি ৪২ মিনিটত গ’ল কৰিবলৈ সক্ষম হয় মৰক্কোৰ ষ্ট্ৰাইকাৰ য়ুচ্ছেফ এন-নেছিৰিয়ে।

নেছিৰিৰ গ’লৰ কোনো বিশেষ প্ৰত্যুত্তৰ জনাব নোৱাৰিলে পৰ্তুগালৰ তাৰকাখচিত আক্ৰমণ বিভাগে। ৫১ মিনিটত ক্ৰিষ্টিয়ানো ৰোণাল্ডো খেলপথাৰত নামিলেও বিশেষ অৰিহণা যোগাবলৈ সক্ষম নহ’ল। মৰক্কোৰ গ’লকীপাৰ য়াছিন বোনোৰ দেৱাল ভাঙিব নোৱাৰিলে ব্ৰুন’ ফাৰ্ণাণ্ডেজ, জোৱাও ফেলিক্স, গঞ্জাল’ ৰাম’ছে।

মেচখনৰ শেষৰ ফালে পতুৰ্গালে ব্যাপকভাৱে আক্ৰমণ চলালেও ব্যৰ্থ হয়। ফলস্বৰূপে বিজয়ী হয় মৰক্কো। চেমি ফাইনেলত উপনীত হয় এটলাছ পৰ্বতৰ সিংহ দেশখনে।

উল্লেখ্য যে পৰাজয়েৰে বিশ্বকাপৰ কেৰিয়াৰ সামৰণি মৰা ৰোণাল্ডোৰ নাম আছে ৮ টাকৈ বিশ্বকাপৰ গ’ল।  ২০০৬ চনৰ পৰা ২০২২ চনলৈকে মুঠ ছয়খন বিশ্বকাপত দেশৰ হৈ অৱতীৰ্ণ হৈছে তাৰকাগৰাকী। অৱশেষত মৰক্কোৰ হাতত পৰাজীত হৈ বৰ্ণময় বিশ্বকাপৰ কেৰিয়াৰ সামৰণি পৰে চিআৰচেভেনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক