--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যতি পৰিল এটা বৰ্ণময় কেৰিয়াৰ। কাটাৰ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৰ হাতত পৰাস্ত হ’ল পৰ্তুগাল। লগে লগে শেষ হ’ল সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ তাৰকা ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ কেৰিয়াৰ। ইয়াৰ পাছত আৰু ৰোণাল্ডোক দেখা পোৱা নাযাব বিশ্বকাপত।

বিশ্বকাপৰে আৰম্ভণিৰে পৰা ফুটবল অনুৰাগীসকলে কৈছিল যে এয়া অঘটনৰ বিশ্বকাপ। কোৱাৰ্টাৰ ফাইনেলতো সেয়া প্ৰতিপন্ন কৰিলে উত্তৰ আফ্ৰিকাৰ দেশ মৰক্কোৱে। পৰাস্ত কৰিলে তাৰকাখচিত পৰ্তুগালক।

আল থুমামা ষ্টেডিয়ামত খেলা মেচখনত ১-০ ব্যৱধানত পৰাস্ত হয় পতুৰ্গাল। পেপে, ৰুবেন ডিয়াজেৰে গঠিত পৰ্তুগালৰ শক্তিশালী ৰক্ষণ বিভাগৰ বেহু ফালি ৪২ মিনিটত গ’ল কৰিবলৈ সক্ষম হয় মৰক্কোৰ ষ্ট্ৰাইকাৰ য়ুচ্ছেফ এন-নেছিৰিয়ে।

নেছিৰিৰ গ’লৰ কোনো বিশেষ প্ৰত্যুত্তৰ জনাব নোৱাৰিলে পৰ্তুগালৰ তাৰকাখচিত আক্ৰমণ বিভাগে। ৫১ মিনিটত ক্ৰিষ্টিয়ানো ৰোণাল্ডো খেলপথাৰত নামিলেও বিশেষ অৰিহণা যোগাবলৈ সক্ষম নহ’ল। মৰক্কোৰ গ’লকীপাৰ য়াছিন বোনোৰ দেৱাল ভাঙিব নোৱাৰিলে ব্ৰুন’ ফাৰ্ণাণ্ডেজ, জোৱাও ফেলিক্স, গঞ্জাল’ ৰাম’ছে।

মেচখনৰ শেষৰ ফালে পতুৰ্গালে ব্যাপকভাৱে আক্ৰমণ চলালেও ব্যৰ্থ হয়। ফলস্বৰূপে বিজয়ী হয় মৰক্কো। চেমি ফাইনেলত উপনীত হয় এটলাছ পৰ্বতৰ সিংহ দেশখনে।

উল্লেখ্য যে পৰাজয়েৰে বিশ্বকাপৰ কেৰিয়াৰ সামৰণি মৰা ৰোণাল্ডোৰ নাম আছে ৮ টাকৈ বিশ্বকাপৰ গ’ল।  ২০০৬ চনৰ পৰা ২০২২ চনলৈকে মুঠ ছয়খন বিশ্বকাপত দেশৰ হৈ অৱতীৰ্ণ হৈছে তাৰকাগৰাকী। অৱশেষত মৰক্কোৰ হাতত পৰাজীত হৈ বৰ্ণময় বিশ্বকাপৰ কেৰিয়াৰ সামৰণি পৰে চিআৰচেভেনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু