--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বপ্ন পূৰণ নহ’ল ব্ৰাজিলৰ। কাটাৰ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰাই ঘৰমুৱা হ’ল পাঁচবাৰৰ চেম্পিয়ন দলটোৱে। এনে লাগিছে যেন ফুটবল বিশ্বকাপত ব্ৰাজিল এটা পুৰণি স্মৃতি হিচাপে কালৰ গৰ্ভত হেৰাই যাবলৈ ওলাইছে। যোৱা ২০ বছৰ ধৰি ফুটবলৰ ৰজাৰ হাতত নাই ৰাজমুকুট! আৰৱৰ মৰুভূমিতো ব্যৰ্থ হ’ল ফুটবলৰ ৰজাৰ দেশ। ৰাজমুকুট আঁজুৰি আনিব নোৱাৰিলে নেইমাৰ, ভিনিচিয়াছ জুনিয়ৰ, ৰিচাৰ্লিছনহঁতেওঁ।

কিন্তু ব্ৰাজিলৰ এই ফুটবল সংকট কেৱল খেলপথাৰকেন্দ্ৰীকেই নে? আন কিছুমান কাৰকো আছে নেকি ইয়াৰ অন্তৰালত? ব্ৰাজিলৰ ফুটবলাৰসকল জড়িত হৈ পৰিছে দেশখনৰ উত্তেজনাপূৰ্ণ ৰাজনীতিৰ স’তে? ফুটবল তাৰকাসকল বিচ্ছিন্ন হ’ব ধৰিছে নেকি ফুটবল পাগল দেশবাসীৰ স’তে?

এই মুহূৰ্তত ব্ৰাজিলৰ আটাইতকৈ জনপ্ৰিয় ফুটবলাৰগৰাকী হৈছে নেইমাৰ। কিন্তু ৰাজনীতিৰ বাবেই ব্ৰাজিলত নেইমাৰক লৈ দুভাগত বিভক্ত ফুটবলপ্ৰেমীসকল। নেইমাৰৰ ৰাজনৈতিক দৃষ্টিভংগীক লৈ অসন্তুষ্ট দেশখনৰ বুজনসংখ্যক জনতা।

ইয়াৰ কাৰণ হৈছে ব্ৰাজিলৰ পূৰ্বসুৰী ৰাষ্ট্ৰপতি জোৱান বলছনাৰো। ৰাষ্ট্ৰপতিগৰাকীৰ সোঁপন্থী নীতিৰ বাবে ব্ৰাজিলৰ জনগণ অতিষ্ঠ হৈছিল। বিভিন্ন ধৰণৰ কুখ্যাত আঁচনিৰ বাবেই জনতাৰ আস্থা হেৰুৱাইছিল বলছনাৰোৱে। কিন্তু এই বলছনাৰোকে সমৰ্থন জনাই নেইমাৰে সামাজিক মাধ্যমত লিখিছিল- “প্ৰেচিডেণ্টৰ যি ইচ্ছাশক্তি, সেয়া মোৰ মূল্যবোধৰ স’তে মিলি যায়।” নেইমাৰৰ এই সমৰ্থনৰ পাছতে বলছনাৰোৰ সমৰ্থকসকলে দেশখনৰ জাতীয় ফুটবল দলটোক নিজৰ ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। ফলস্বৰূপে দেশখনৰ উদাৰবাদী তথা বাওঁপন্থী ৰাজনৈতিক শিবিৰৰ বাবে খলনায়কত পৰিণত হয় দেশখনৰ আইকনস্বৰূপ নেইমাৰ।

অৱশ্যে কেৱল নেইমাৰেই নহয়, ইয়াৰ পূৰ্বেও বহুবাৰ ব্ৰাজিলৰ ফুটবল ৰাজনৈতিক মেৰপেচত সোমাই পৰিছিল। ১৯৬৪ চনৰ পৰা ১৯৮৫ চনলৈকে দেশখনত সামৰিক শাসন চলিছিল। সেই সময়ছোৱাতে ব্ৰাজিলৰ ফুটবলৰ সোণালী যুগ চলিছিল। পেলে, গেৰিঞ্চা এই সময়ৰে তাৰকা। এই তাৰকাসকলেও দেশখনৰ সামৰিক নেতৃত্বৰ স’তে হাতে হাত ধৰি চলিছিল।

১৯৭০ চনত ব্ৰাজিলৰ শাসক আৰু ফুটবল দলৰ প্ৰশিক্ষকৰ মাজত ৰাজনৈতিক সংঘাত চলিছিল। বাওঁপন্থী আদৰ্শক সমৰ্থন কৰাৰ বাবেই প্ৰশিক্ষকগৰাকীক বৰ্খাস্ত কৰা হৈছিল। তৎসত্বেও সেইবাৰ বিশ্বকাপ জয় কৰিছিল দলটোৱে। এই বিজয়ক নিজৰ বিজয় বুলি দাবী কৰিছিল দেশখনৰ সোঁপন্থী সামৰিক শাসকপক্ষই।

আশীৰ দশকত ব্ৰাজিলৰ সামৰিক শাসন শেষৰ পৰ্যায়লৈ আহে। ফুটবলাৰসকলৰ মাজতো ৰাজনৈতিক সচেতনতা বাঢ়ে। চক্ৰেটিছ, জিকোৰ দৰে তাৰকাই বাওঁপন্থাৰ প্ৰতি আগ্ৰহী হয়। ১৯৮৮ চনত ব্ৰাজিলত প্ৰথমটো গণতান্ত্ৰিক নিৰ্বাচন অনুষ্ঠিত হয়। ১৯৯৪ চনৰ পৰা ২০০২ চনলৈকে ব্ৰাজিলৰ ফুটবল ৰাজনীতিমুক্ত আছিল বুলিয়ে ক’ব পাৰি। বিশ্বকাপো জয় কৰিবলৈ সক্ষম হৈছিল।

কিন্তু ২০১৩ চনৰ পৰা ব্ৰাজিলৰ ৰাজনৈতিক চিত্ৰপট পুনৰ সলনি হ’ব ধৰে। ইয়াৰ কিছু বছৰ পাছতে শাসনলৈ আহে জোৱান বলছনাৰো। বলছনাৰোৰ সময়ত ফুটবল দলটো ৰাজনৈতিক মেৰপেচলৈ অনা হয়। নেইমাৰৰ দৰে তাৰকাক বলছনাৰোৰ সমৰ্থক হিচাপে প্ৰদৰ্শন কৰা হৈছিল।

কিন্তু সকলো ফুটবলাৰেই বলছনাৰোৰ নীতিক লৈ সন্তুষ্ট নাছিল। কাটাৰ বিশ্বকাপত নান্দনিক প্ৰদৰ্শন আগবঢ়োৱা ৰিচাৰ্লিছনে এই সম্পৰ্কত মুখ খুলিছিল। ফুটবলৰ স’তে ৰাজনীতি জড়িত হৈ পৰাক লৈ অসন্তুষ্টি ব্যক্ত কৰিছিল ৰিচাৰ্লিছনে।

এতিয়া ব্ৰাজিলত পুনৰ শাসনলৈ আহিছে বাওঁপন্থী তথা উদাৰবাদী নেতা লুলা ডি চিলভা। দেশখনৰ জনতাই বলছনাৰোক আঁতৰাই লুলাক আনিছে। তেনে পৰিস্থিতিত নেইমাৰক লৈ ক্ষুণ্ণ হৈ আছে ব্ৰাজিলৰ একাংশ লোক। কাটাৰ বিশ্বকাপৰ পৰা ব্ৰাজিলৰ বিদায়ে এই ক্ষোভৰ জুইত ঘিও ঢলা বুলি ক’ব পাৰি।
FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াত আৰক্ষীক ১৪ বছৰৰ কাৰাদণ্ড
গান্ধী পৰিয়াল আঁতৰিলেহে কংগ্রেছ চাফা হ'ব: মুখ্যমন্ত্ৰী
বাক্সাৰ দীঘেলীত আজিও সোঁৱৰে ৰাভাৰ স্মৃতি
অধিক ভয়াৱহ ৰূপ লৈছে ইৰান-ইজৰাইলৰ যুদ্ধই
পুনৰ বাতিল ৪ আন্তঃৰাষ্ট্ৰীয়সহ ৮ বিমান সেৱা
ইৰানক লক্ষ্য কৰি মধ্যপ্রাচ্যত আমেৰিকাৰ ৰণসজ্জা
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত