--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লাহে লাহে কাষ চাপি আহিছে ক্ৰিকেট বিশ্বৰ আন এক বিশ্বযুদ্ধ আইচিচি টি-২০ বিশ্বকাপ। আৰু মাত্ৰ ১০ দিন পাছতে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'ব টি-২০ বিশ্বকাপৰ অষ্টম সংস্কৰণ। ইতিমধ্যে বিশ্বকাপৰ বাবে সাজু হৈ উঠিছে ক্ৰিকেট শক্তিসমূহ। শেহতীয়াকৈ অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলা জয়েৰে ভাৰতেও প্ৰস্তুতিৰ উমান দিছে। কিন্তু ভাৰতৰ বাবে বিশ্বকাপৰ প্ৰাকমুহূৰ্তত কেইটামান বিশেষ কাৰকে উদ্বেগৰো সৃষ্টি কৰিছে। প্ৰধানত: দলৰ তাৰকা বলাৰ যশপ্ৰীত বুমৰাহৰ অনুপস্থিতি দলৰ বাবে আটাইতকৈ বৃহৎ আঘাত হিচাপে বিবেচিত হৈছে। সেইদৰে তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ ফলত সমস্যাত পৰিব। আনহাতে ভাৰতৰ বলিং বিভাগৰ ফৰ্মহীনতাইও চিন্তিত কৰি তুলিছে সকলোকে।

এনে কেইবাটাও কাৰকে ভাৰতৰ বিশ্বজয়ৰ আশাত কিঞ্চিত সন্দেহৰ অৱকাশৰ সৃষ্টি কৰিছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সদ্যসমাপ্ত শৃংখলাৰ পাছতে এনে কোনটো কাৰকে ভাৰতীয় দলৰ সমুখত উদ্বেগৰ সৃষ্টি কৰিছে, সেই সন্দৰ্ভত এক প্ৰশ্ন সোধা হৈছিল ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাক। আৰু এই প্ৰশ্নৰ উত্তৰত ৰোহিত শৰ্মাই দেখুওৱা কাৰকে ক্ষন্তেকৰ বাবে হচকিত কৰি তোলে সকলোকে।  

বুমৰাহ-জাদেজাৰ অনুপস্থিতি কিম্বা বলাৰৰ ফৰ্মহীনতাৰ পাছতো ৰোহিত শৰ্মাই ভাৰতীয় দলৰ বাবে উদ্বেগৰ কাৰণ হিচাপে দেখুৱাই দলৰ ইনফৰ্ম তাৰকা বেটাৰ সূৰ্যকুমাৰ যাদৱৰ বৰ্তমানৰ ফৰ্মকহে। স্বাভাৱিকতেই ৰোহিত শৰ্মাৰ এই উত্তৰে সকলোকে আশ্চৰ্য্যচকিত কৰি তোলে। অৱশ্যে ক্ষণিকৰ ভিতৰতে ভ্ৰম ভাঙে সকলোৰে। এই উত্তৰ দিয়াৰ পিছতে ৰোহিতে ৰখাব নোৱাৰিলে তেওঁৰ হাঁহি আৰু ৰোহিতৰ লগতে হাঁহি বিৰিঙি উঠে ষ্টেডিয়ামত থকা ক্ৰিকেটপ্ৰেমীৰ।
 
দৰাচলতে ৰোহিত শৰ্মাই ব্যংগাত্মকভাৱেহে এই উত্তৰ দিয়ে। বিগত সময়চোৱাত সীমিত অভাৰৰ ক্ৰিকেটত দেশৰ আটাইতকৈ সফল বেটাৰ হিচাপে ধাৰাবাহিকভাৱে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই আহিছে সূৰ্যকুমাৰ যাদৱে। এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি যাদৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সদ্যসমাপ্ত শৃংখলাতো দুটাকৈ অৰ্ধশতকীয় ইনিংছেৰে ভাৰতৰ শৃংখলা জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

ধাৰাবাহিকভাৱে দাঙি ধৰা এই প্ৰদৰ্শনৰ বাবে আগন্তুক বিশ্বকাপত ভাৰতীয় দলৰ অন্যতম প্ৰধান ভৰসা হিচাপে পৰিগণিত হৈছে সূৰ্যকুমাৰ যাদৱ। পৰিস্থিতি অনুযায়ী নিজৰ খেলৰ শৈলী চম্ভালিব পৰা গুণৰ বাবে যাদৱ আগন্তুক সময়চোৱাত ভাৰতৰ বেটিং লাইন-আপৰ আটাইতকৈ ভৰসাযোগ্য তাৰকা বেটাৰ হিচাপে চৰ্চিত হৈ পৰিছে। ক্ৰীজৰ চাৰিওফালে শ্বট খেলিব পৰা সক্ষমতাৰ বাবে যাদৱক এতিয়া ক্ৰিকেট বিশ্বৰ নতুন ‘মিষ্টাৰ ৩৬০৹’ হিচাপে অভিহিত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ