--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া আগন্তুক টি-২০ বিশ্বকাপৰ বাবে সাজু হোৱাৰ প্ৰাকমুহূৰ্তত ভাৰতৰ প্ৰস্তুতিত বৃহৎ আঘাত সানি বিশ্বকাপৰ পৰা বাহিৰ হৈছে তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহ। বুমৰাহৰ বিকল্প হিচাপে বৰ্তমানলৈকে কোনো খেলুৱৈৰ নাম ঘোষণা কৰা নাই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে। অৱশ্যে বিশ্বকাপমুখী দলটোত বুমৰাহৰ স্থানত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱ্য খেলুৱৈ হিচাপে মহম্মদ ছামি, দীপক চাহাৰ আৰু মহম্মদ চিৰাজৰ নাম চৰ্চাত আছে। ইয়াৰে ছামিৰ নাম বুমৰাহৰ বিকল্প হিচাপে সৰ্বাধিক চৰ্চিত হৈছে। 

অভিজ্ঞ পেচাৰগৰাকীৰ সম্ভাৱনীয়তা বেছি থাকিলেও এইমুহূৰ্তলৈকে এই সন্দৰ্ভত কোনো স্পষ্ট ইঙ্গিত দিয়া নাই ভাৰতীয় দল মেনেজমেণ্টে। এই চৰ্চাৰ মাজতে মঙলবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাৰ সমাপ্তিৰ পাছত ভাৰতৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ক ছামিয়ে বিশ্বকাপৰ বাবে ভাৰতীয় দলত বুমৰাহৰ স্থান ল’ব নেকি বুলি এক প্ৰশ্ন কৰা হৈছিল। এই প্ৰশ্নৰ উত্তৰত দ্ৰাবিড়ে স্পষ্ট ভাষ্য দিয়াৰ পৰা বিৰত থাকে যদিও এক পৰোক্ষ ইঙ্গিত দিয়ে।

"বুমৰাহৰ বিকল্প কোন হ'ব সেই বিষয়ে আমি বিবেচনা কৰি আছো। আমাৰ ওচৰত ১৫ অক্টোবৰলৈকে সময় আছে। বৰ্তমান ষ্টেণ্ডবাই হিচাপে থকা ছামি নিশ্চিতভাৱে এনে এগৰাকী খেলুৱৈ হ’ব পাৰে। কিন্তু তেওঁ এই শৃংখলাত খেলিব নোৱাৰিলে। তেওঁ এই মুহূৰ্তত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত আছে। তেওঁ বৰ্তমান সুস্থ হৈ উঠিছে নে সেই সন্দৰ্ভত আমি স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰিব লাগিব।"— দ্ৰাবিড়ে মেচৰ পিছতে এক সংবাদমেলত কয়।

উল্লেখ্য যে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সদ্য সমাপ্ত টি-২০ শৃংখলা দুটাত জয়ী হ’লেও ভাৰতীয় দলৰ ডেথ বলিঙত দুৰ্বলতাৰ দিশ স্পষ্টকৈ ওলাই পৰিছিল। ভাৰতীয় দলৰ বাবে ই এক বৃহৎ সমস্যা হৈ পৰিছে। দলৰ মুখ্য বলাৰ বুমৰাহৰ অনুপস্থিতিৰ পিছত মেনেজমেণ্টে বিশ্বকাপৰ বাবে কোনগৰাকী খেলুৱৈক অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে বাচনি কৰে সেয়া লক্ষ্যণীয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক