--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া আগন্তুক টি-২০ বিশ্বকাপৰ বাবে সাজু হোৱাৰ প্ৰাকমুহূৰ্তত ভাৰতৰ প্ৰস্তুতিত বৃহৎ আঘাত সানি বিশ্বকাপৰ পৰা বাহিৰ হৈছে তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহ। বুমৰাহৰ বিকল্প হিচাপে বৰ্তমানলৈকে কোনো খেলুৱৈৰ নাম ঘোষণা কৰা নাই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে। অৱশ্যে বিশ্বকাপমুখী দলটোত বুমৰাহৰ স্থানত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱ্য খেলুৱৈ হিচাপে মহম্মদ ছামি, দীপক চাহাৰ আৰু মহম্মদ চিৰাজৰ নাম চৰ্চাত আছে। ইয়াৰে ছামিৰ নাম বুমৰাহৰ বিকল্প হিচাপে সৰ্বাধিক চৰ্চিত হৈছে। 

অভিজ্ঞ পেচাৰগৰাকীৰ সম্ভাৱনীয়তা বেছি থাকিলেও এইমুহূৰ্তলৈকে এই সন্দৰ্ভত কোনো স্পষ্ট ইঙ্গিত দিয়া নাই ভাৰতীয় দল মেনেজমেণ্টে। এই চৰ্চাৰ মাজতে মঙলবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাৰ সমাপ্তিৰ পাছত ভাৰতৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ক ছামিয়ে বিশ্বকাপৰ বাবে ভাৰতীয় দলত বুমৰাহৰ স্থান ল’ব নেকি বুলি এক প্ৰশ্ন কৰা হৈছিল। এই প্ৰশ্নৰ উত্তৰত দ্ৰাবিড়ে স্পষ্ট ভাষ্য দিয়াৰ পৰা বিৰত থাকে যদিও এক পৰোক্ষ ইঙ্গিত দিয়ে।

"বুমৰাহৰ বিকল্প কোন হ'ব সেই বিষয়ে আমি বিবেচনা কৰি আছো। আমাৰ ওচৰত ১৫ অক্টোবৰলৈকে সময় আছে। বৰ্তমান ষ্টেণ্ডবাই হিচাপে থকা ছামি নিশ্চিতভাৱে এনে এগৰাকী খেলুৱৈ হ’ব পাৰে। কিন্তু তেওঁ এই শৃংখলাত খেলিব নোৱাৰিলে। তেওঁ এই মুহূৰ্তত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত আছে। তেওঁ বৰ্তমান সুস্থ হৈ উঠিছে নে সেই সন্দৰ্ভত আমি স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰিব লাগিব।"— দ্ৰাবিড়ে মেচৰ পিছতে এক সংবাদমেলত কয়।

উল্লেখ্য যে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সদ্য সমাপ্ত টি-২০ শৃংখলা দুটাত জয়ী হ’লেও ভাৰতীয় দলৰ ডেথ বলিঙত দুৰ্বলতাৰ দিশ স্পষ্টকৈ ওলাই পৰিছিল। ভাৰতীয় দলৰ বাবে ই এক বৃহৎ সমস্যা হৈ পৰিছে। দলৰ মুখ্য বলাৰ বুমৰাহৰ অনুপস্থিতিৰ পিছত মেনেজমেণ্টে বিশ্বকাপৰ বাবে কোনগৰাকী খেলুৱৈক অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে বাচনি কৰে সেয়া লক্ষ্যণীয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ