--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুৰাণ অনুসৰি ভগৱান নাৰায়ণৰ নাভিৰ পৰা এপাহ পদুম ওলাই আহিছিল, তেতিয়া সেই পদুমৰ পৰাই ব্ৰহ্মাৰ আবিৰ্ভাৱ হৈছিল। ব্ৰহ্মাৰ বাস্তুদেৱ নামৰ এজন পুত্ৰ আছিল। বস্তুদেৱ আছিল ধৰ্মৰ দেৱ নামৰ এগৰাকী মহিলাৰ সপ্তম পুত্ৰ। বস্তুদেৱৰ পত্নীৰ নাম আছিল অংগীৰাসী। বস্তুদেৱৰ আৰু অংগীৰাসীৰ‌ পুত্ৰই আছিল বিশ্বকৰ্মা। বিশ্বাস অনুসৰি পিতৃ বাস্তুদেৱৰ দৰে বস্তু বিজ্ঞানত বিশ্বকৰ্মা এজন মহান পণ্ডিত হৈ পৰিছিল। বিশ্বকৰ্মা এজন মহান ঋষিৰ লগত মহান অভিযন্তাও আছিল, পৰবৰ্তী সময়ত তেওঁ ঈশ্বৰৰ স্থান লাভ কৰে। আৰু তেতিয়াৰ পৰাই বিশ্বকৰ্মা জয়ন্তীৰ দিনা তেওঁক পূজা কৰা হয়।

ধৰ্মীয় বিশ্বাস অনুসৰি আজিৰ দিনটোতে ভগৱান বিশ্বকৰ্মাৰ জন্ম হৈছিল। সেয়েহে ইয়াক বিশ্বকৰ্মা জয়ন্তী বুলিও কোৱা হয়। বিশ্বকৰ্মা পূজা হিন্দুসকলৰ অন্যতম বিখ্যাত উৎসৱ। সৰ্বশ্ৰেষ্ঠ স্থাপত্যবিদ ভগৱান বিশ্বকৰ্মাক এই দিনটোতে পূজা কৰা হয়। বিশ্বকৰ্মা পূজা সমগ্ৰ ভাৰততে প্ৰতি বছৰে ১৭ছেপ্টেম্বৰত অতি উল্লাসেৰে পালন কৰা হয়। বিশ্বকৰ্মা পূজা প্ৰতি বছৰে যেতিয়া সূৰ্য্য সিংহ ৰাশিৰ পৰা কন্যা ৰাশিত প্ৰৱেশ কৰে তেতিয়া পালন কৰা হয় সেয়েহে এই দিনটোক কন্যা সংক্ৰান্তি বুলিও কোৱা হয়।

বিশ্বকৰ্মা মানে জগতৰ সৃষ্টিকৰ্তা হিন্দু বিশ্বাস অনুসৰি প্ৰাচীন কালত দেৱতা সকলৰ অস্ত্ৰ-শস্ত্ৰ ভগৱান বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল, শাস্ত্ৰতো এই কথা কোৱা হৈছে।   ইয়াৰ বাহিৰেও ব্ৰহ্মজীৰ নিৰ্দেশতেই ভগৱান বিষ্ণুৰ বাবে সুদৰ্শন চক্ৰ, ভগৱান শিৱৰ ত্ৰিশুল, পুষ্পক বিমান, ইন্দ্ৰৰ ব্ৰজও ভগৱান বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। বিশ্বকৰ্মা পূজাৰ দিনা সকলো উদ্যোগ, যন্ত্ৰ, কাৰখানাৰ বিশেষ পূজা কৰা হয়। হিন্দু ধৰ্মৰ মতে বিশ্বকৰ্মাক সৃষ্টিৰ দেৱতা বুলিও গণ্য কৰা হয়। যিসকল লোক স্থাপত্য শিল্পী, ব্যৱসায়ী, তেওঁলোকৰ বাবে এই পূজা অধিক গুৰুত্বপূৰ্ণ।

বিশ্বকৰ্মা পূজা পদ্ধতি: বিশ্বকৰ্মা পূজাৰ দিনা সৰু-বৰ সকলো কাৰ্যালয়, দোকান-পোহাৰ, কৰ্মশালা, কাৰখানা আদি চাফাই কৰিব লাগে। লগতে আজিৰ দিনটোতে সকলো শ্ৰমিকে নিজৰ সঁজুলি বা আনুষংগিক সামগ্ৰীও পূজা কৰিব লাগে। ইয়াৰ পাছত পূজাস্থলীত বিশ্বকৰ্মাৰ মূৰ্তি বা ছবি স্থাপন কৰিব লাগে। আজিৰ দিনটোত যজ্ঞ আদিও আয়োজন কৰা হয়। পূজাত ভগৱান বিষ্ণুৰ ধ্যান কৰাটোৱেই উত্তম বুলি বিবেচিত হৈছে। আজিৰ দিনটোত ফুল, অক্ষত লৈ মন্ত্ৰ আবৃত্তি কৰি চাৰিওফালে অক্ষত ছটিয়াই দিব। 

এনেদৰে পূজা কৰাৰ পাছত ভগৱান বিশ্বকৰ্মাৰ আৰতি কৰক। ভোগৰ ৰূপত প্ৰসাদ আগবঢ়াওক, পূজা কৰি থকা ঠাইৰ সমগ্ৰ চৌহদতে আৰতি কৰক। পূজা কৰাৰ পিছত বিশ্বকৰ্মা জীক আপোনাৰ কৰ্মত সফলতা কামনা কৰক।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু