--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুৰাণ অনুসৰি ভগৱান নাৰায়ণৰ নাভিৰ পৰা এপাহ পদুম ওলাই আহিছিল, তেতিয়া সেই পদুমৰ পৰাই ব্ৰহ্মাৰ আবিৰ্ভাৱ হৈছিল। ব্ৰহ্মাৰ বাস্তুদেৱ নামৰ এজন পুত্ৰ আছিল। বস্তুদেৱ আছিল ধৰ্মৰ দেৱ নামৰ এগৰাকী মহিলাৰ সপ্তম পুত্ৰ। বস্তুদেৱৰ পত্নীৰ নাম আছিল অংগীৰাসী। বস্তুদেৱৰ আৰু অংগীৰাসীৰ‌ পুত্ৰই আছিল বিশ্বকৰ্মা। বিশ্বাস অনুসৰি পিতৃ বাস্তুদেৱৰ দৰে বস্তু বিজ্ঞানত বিশ্বকৰ্মা এজন মহান পণ্ডিত হৈ পৰিছিল। বিশ্বকৰ্মা এজন মহান ঋষিৰ লগত মহান অভিযন্তাও আছিল, পৰবৰ্তী সময়ত তেওঁ ঈশ্বৰৰ স্থান লাভ কৰে। আৰু তেতিয়াৰ পৰাই বিশ্বকৰ্মা জয়ন্তীৰ দিনা তেওঁক পূজা কৰা হয়।

ধৰ্মীয় বিশ্বাস অনুসৰি আজিৰ দিনটোতে ভগৱান বিশ্বকৰ্মাৰ জন্ম হৈছিল। সেয়েহে ইয়াক বিশ্বকৰ্মা জয়ন্তী বুলিও কোৱা হয়। বিশ্বকৰ্মা পূজা হিন্দুসকলৰ অন্যতম বিখ্যাত উৎসৱ। সৰ্বশ্ৰেষ্ঠ স্থাপত্যবিদ ভগৱান বিশ্বকৰ্মাক এই দিনটোতে পূজা কৰা হয়। বিশ্বকৰ্মা পূজা সমগ্ৰ ভাৰততে প্ৰতি বছৰে ১৭ছেপ্টেম্বৰত অতি উল্লাসেৰে পালন কৰা হয়। বিশ্বকৰ্মা পূজা প্ৰতি বছৰে যেতিয়া সূৰ্য্য সিংহ ৰাশিৰ পৰা কন্যা ৰাশিত প্ৰৱেশ কৰে তেতিয়া পালন কৰা হয় সেয়েহে এই দিনটোক কন্যা সংক্ৰান্তি বুলিও কোৱা হয়।

বিশ্বকৰ্মা মানে জগতৰ সৃষ্টিকৰ্তা হিন্দু বিশ্বাস অনুসৰি প্ৰাচীন কালত দেৱতা সকলৰ অস্ত্ৰ-শস্ত্ৰ ভগৱান বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল, শাস্ত্ৰতো এই কথা কোৱা হৈছে।   ইয়াৰ বাহিৰেও ব্ৰহ্মজীৰ নিৰ্দেশতেই ভগৱান বিষ্ণুৰ বাবে সুদৰ্শন চক্ৰ, ভগৱান শিৱৰ ত্ৰিশুল, পুষ্পক বিমান, ইন্দ্ৰৰ ব্ৰজও ভগৱান বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। বিশ্বকৰ্মা পূজাৰ দিনা সকলো উদ্যোগ, যন্ত্ৰ, কাৰখানাৰ বিশেষ পূজা কৰা হয়। হিন্দু ধৰ্মৰ মতে বিশ্বকৰ্মাক সৃষ্টিৰ দেৱতা বুলিও গণ্য কৰা হয়। যিসকল লোক স্থাপত্য শিল্পী, ব্যৱসায়ী, তেওঁলোকৰ বাবে এই পূজা অধিক গুৰুত্বপূৰ্ণ।

বিশ্বকৰ্মা পূজা পদ্ধতি: বিশ্বকৰ্মা পূজাৰ দিনা সৰু-বৰ সকলো কাৰ্যালয়, দোকান-পোহাৰ, কৰ্মশালা, কাৰখানা আদি চাফাই কৰিব লাগে। লগতে আজিৰ দিনটোতে সকলো শ্ৰমিকে নিজৰ সঁজুলি বা আনুষংগিক সামগ্ৰীও পূজা কৰিব লাগে। ইয়াৰ পাছত পূজাস্থলীত বিশ্বকৰ্মাৰ মূৰ্তি বা ছবি স্থাপন কৰিব লাগে। আজিৰ দিনটোত যজ্ঞ আদিও আয়োজন কৰা হয়। পূজাত ভগৱান বিষ্ণুৰ ধ্যান কৰাটোৱেই উত্তম বুলি বিবেচিত হৈছে। আজিৰ দিনটোত ফুল, অক্ষত লৈ মন্ত্ৰ আবৃত্তি কৰি চাৰিওফালে অক্ষত ছটিয়াই দিব। 

এনেদৰে পূজা কৰাৰ পাছত ভগৱান বিশ্বকৰ্মাৰ আৰতি কৰক। ভোগৰ ৰূপত প্ৰসাদ আগবঢ়াওক, পূজা কৰি থকা ঠাইৰ সমগ্ৰ চৌহদতে আৰতি কৰক। পূজা কৰাৰ পিছত বিশ্বকৰ্মা জীক আপোনাৰ কৰ্মত সফলতা কামনা কৰক।









FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী