--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হালধি এনে এটা বস্তু যাৰ অনেক গুণ আছে। কেৱল ৰন্ধাতে নহয়, ৰোগ নিৰাময়তো ইয়াক ব্যৱহাৰ কৰা হয়। প্ৰতিটো শুভ কামতে হালধি ব্যৱহাৰ কৰাটো বাধ্যতামূলক। শাস্ত্ৰ অনুসৰি হালধি ভগৱান বিষ্ণুৰ অতি প্ৰিয়। হালধিৰ লগত জড়িত এনে বহুতো প্ৰতিকাৰে আছে, যিয়ে মানুহৰ ভাগ্য দুৱাৰ খুলি দিব পাৰে। এনে ৫টা প্ৰতিকাৰৰ বিষয়ে জানো আহক।

 ১. বেয়া সপোনৰ পৰা মুক্তি-

নিশা দুঃস্বপ্ন দেখিলে হালধিৰ এটা টুকুৰা আপুনি কাপোৰত বান্ধি লওক। ইয়াৰ পাছত সেই কাপোৰখন মূৰৰ শিতানত ৰাখি শুলে বেয়া সপোন দেখাৰ পৰা আপুনি মুক্ত হ’ব।

 ২. আবদ্ধ হৈ থকা কাম সম্পূৰ্ণ হয়-

যদি আপোনাৰ ক’ৰবাত কিবা কাম আবদ্ধ হৈ আছে, তেন্তে অলপ চাউলত এটুকুৰা হালধি লৈ ৰঙা কাপোৰত বান্ধি বেগত ৰাখক। এই প্ৰতিকাৰ গ্ৰহণ কৰিলে আবদ্ধ হৈ থকা কাম বা ধন সোনকালে ঘূৰি আহে বুলি বিশ্বাস কৰা হয়।

 ৩. বিবাহৰ বাধা আঁতৰি যায়-

বহু চেষ্টা কৰিও আপোনাৰ বিবাহত সমস্যাই দেখা দিছে। তেন্তে ভগৱান বিষ্ণু আৰু মালক্ষ্মীৰ মূৰ্তিৰ সন্মুখত দৈনিক এচিকুট হালধি আগবঢ়াব লাগে। লগতে প্ৰতি বৃহস্পতিবাৰে মগু দালি আৰু হালধি দান কৰক। বিশ্বাস কৰা হয় যে এই প্ৰতিকাৰৰ দ্বাৰা আপোনাৰ সমস্যা দূৰ হ’ব আৰু বিবাহত আহি থকা বাধাসমূহ আঁতৰি যায়।

 ৪. আকাংক্ষিত কামত সফলতা-

যদি আপুনি কিবা কাম কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি আছে কিন্তু তাত সফলতা লাভ কৰা নাই, তেন্তে আপুনি বুধবাৰে ভগৱান গণেশৰ ওচৰত হালধিৰ মালা আগবঢ়াব লাগে। এনে কৰিলে গণপতি সন্তুষ্ট হয় আৰু কামৰ সফলতাৰ বাটত অহা সকলো বাধা আঁতৰ হয় বুলি বিশ্বাস কৰা হয়।

 ৫. শুভ কামৰ আগত-

যিকোনো শুভ কামত বাহিৰলৈ ওলাই যোৱাৰ আগতে ভগৱান গণেশক হালধিৰ এটা ফোট দি আশীৰ্বাদ লোৱা উচিত। ইয়াৰ পাছত একে হালধিৰে নিজৰ কপালত ফোট লগাব লাগে। কোৱা হয় যে এনে কৰিলে শুভ ফল পোৱা যায় আৰু আপুনি যি কামৰ বাবে ওলাই গৈ আছে তাত সফলতা লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী