--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুজবেন্দ্ৰ চাহাল,ভাৰতীয় ক্ৰিকেট জগতৰ অন্য এক উজ্জ্বল নক্ষত্ৰ৷পিছে এছিয়া কাপৰ বাবে নিৰ্বাচিত ১৭ জনীয়া ভাৰতীয় দলত স্থান পোৱা নাই ভাৰতীয় স্পিনাৰ যুজবেন্দ্ৰ চাহালে, যাৰ বাবে তেওঁ পুনৰবাৰ বিশ্বকাপৰ মেচত অংশ ল’ব নোৱাৰাটোৱে নিশ্চিত হৈছে। যোৱা দুটা বিশ্বকাপ (টি-২০)ৰ এখনতো চাহাল দলৰ অংশ নাছিল, আনহাতে ২০২২ চনৰ টি-২০ বিশ্বকাপত দলত হোৱাৰ পাছতো তেওঁ এখনো মেচত খেলাৰ সুযোগ নাপালে।

অৱশ্যে চাহালৰ বাবে দলৰ দুৱাৰ সম্পূৰ্ণ বন্ধ নহয়, কিয়নো দল নিৰ্বাচনৰ অন্তত সোমবাৰে অধিনায়ক ৰোহিত শৰ্মাই কয় যে চলিত বৰ্ষৰ অক্টোবৰ-নৱেম্বৰ মাহত ঘৰুৱা মাটিত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ বাবে এই ১৭ জন খেলুৱৈক বাহিৰৰ পৰা বাছনি কৰিব পৰা যাব। দলত যিকোনো ব্যক্তিয়ে স্থান লাভ কৰিব পাৰে।

এসময়ত মিডল অভাৰত ভাৰতীয় বলিঙৰ মেৰুদণ্ড হিচাপে গণ্য কৰা হৈছিল চাহালক। চাহাল আৰু কুলদীপ যাদৱৰ স্পিনাৰ যুটিক ‘কুলচা’ নামেৰে জনা যায়। কুলদীপে দলত নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে যদিও ৰবীন্দ্ৰ জাদেজাৰ দৰে বল আৰু বেট দুয়োটাৰে অৰিহণা যোগাব পৰা চাহালৰ ঠাইত নিৰ্বাচকসকলে অক্ষৰ পেটেলৰ ওপৰত বিশ্বাস ৰাখিছে।

ভাৰতীয় দল পৰিচালনা বিশ্বকাপত বেগী বলাৰৰ ওপৰত অধিক নিৰ্ভৰশীল। এনে পৰিস্থিতিত কুলদীপ, জাদেজা, অক্ষৰৰ দৰে স্পিনাৰে মিডল অভাৰত সঘনাই ব্যৱধানত দলীয় উইকেট লাভ কৰিবলৈ সক্ষম হ’বনে নাই সেয়া চাবলৈ মনোগ্ৰাহী হ’ব।

এইটোও প্ৰশ্ন উত্থাপন হৈছে যে চাহালক দলত নাৰাখি ভাৰতে আকৌ এবাৰ যোৱা এছিয়া কাপৰ দৰে বোজা বহন কৰিব লাগিব নেকি? আই পি এলৰ উজ্জ্বল প্ৰদৰ্শনৰ ভিত্তিত বৰুণ চক্ৰৱৰ্তীক ৰাষ্ট্ৰীয় দলত স্থান দিয়া হৈছিল যদিও এইজন স্পিনাৰে নিজৰ চিন ৰাখিবলৈ সম্পূৰ্ণৰূপে ব্যৰ্থ হয়।

যদিহে এছিয়া কাপত ভাৰতীয় দলৰ এই বলিং কম্বিনেচনে কাম নকৰে, তেন্তে ঘৰুৱা খেলপথাৰত ৫০ অভাৰৰ সৰ্ববৃহৎ প্ৰতিযোগিতাৰ পূৰ্বে দলটোৱে নিজৰ বিকল্পসমূহ পুনৰ বিবেচনা কৰিবলৈ বাধ্য হ’ব। 

চাহালক বাদ দিয়াৰ সন্দৰ্ভত সোধাত সোমবাৰে ৰোহিত শৰ্মাই কয় যে “আমি অশ্বিন আৰু ৱাশ্বিংটন সুন্দৰৰ ৰূপত অফ স্পিনাৰ ৰখাৰ দিশটো চাই আছিলো, কিন্তু বৰ্তমান সকলোৱে দেখিছে যে চাহাল আউট হৈছে কাৰণ আমি মাত্ৰ ১৭ জন খেলুৱৈক বাছি ল’ব পাৰোঁ। আমি তেওঁক এজন বেগী বলাৰ ড্ৰপ কৰাৰ পাছতহে বাছনি কৰিব পাৰিলোহেঁতেন। আমি তেনেকুৱা কৰিব নোৱাৰিলোঁ কাৰণ আগন্তুক দুমাহত বেগী বলাৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হ’ব। ইয়াৰে কিছুমানে বহুদিনৰ মূৰত পুনৰ উভতি আহিছে, গতিকে আমি তেওঁলোকক ভালদৰে চাব বিচাৰো আৰু লক্ষ্য কৰিব বিচাৰো যে তেওঁলোক দলৰ বাবে কিমান উপকাৰী হ’ব পাৰে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক