--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিজ্ঞানৰ নতুন চমক। পৃথিৱীৰ প্ৰথম সফল অন্ত্ৰ সংৰোপণ এবছৰীয়া শিশুৰ শৰীৰত কৰা হৈছে। শিশুটিৰ দেহত এটা নতুন যকৃত, পাকস্থলীও সংৰোপন কৰা হৈছে। মাদ্ৰিদৰ লা পাজ চিকিৎসালয়ৰ চিকিৎসকসকলে এটি এবছৰীয়া কেঁচুৱাৰ সফলতাৰে অন্ত্ৰ  প্ৰতিস্থাপন কৰিবলৈ সক্ষম হয়। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা এজন ব্যক্তিৰ অন্ত্ৰ শিশুটিৰ  শৰীৰত সংৰোপন কৰা হয়। 

চিকিৎসকসকলে দাবী কৰে যে পৃথিৱীত এইটোৱেই প্ৰথমবাৰৰ বাবে কৰা  সফল অন্ত্ৰ সংৰোপণ ।শিশুটিৰ  নাম এমা। জন্মৰ সময়ত  তেওঁৰ হৃদযন্ত্ৰত জটিল সমস্যাই দেখা দিছিল।  চিকিৎসকে দেখিলে যে শিশুটিৰ শৰীৰত আন বিসংগতিও আছে। শিশুটোৰ শাৰীৰিক স্বাস্থ্যৰ দিনক দিনে অৱনতি ঘটি আছিল।

শেষত শিশুটিৰ শৰীৰত সফল অন্ত্ৰ সংৰোপণ কৰা সম্ভৱ হয়। কেৱল অন্ত্ৰেই নহয়, নতুন যকৃত, পাকস্থলী, অগ্ন্যাশয় আৰু প্লীহা  এমাৰ দেহত নতুনকৈ লগাই দিয়া হৈছে। চিকিৎসকসকলে তেওঁক এটা নতুন জীৱন দিবলৈ সক্ষম হোৱা বুলি দাবী কৰিছে। চিকিৎসকসকলক ধন্যবাদ জনাই এমাৰ মাতৃয়ে কয়, "জীৱন ৰুদ্ধ নহয়। এমা এগৰাকী অতি সাহসী ছোৱালী। প্ৰতিটো মুহূৰ্ততে তেওঁ জীয়াই থকাৰ ইচ্ছা প্ৰমাণ কৰিছিল’। তেওঁ সেই ব্যক্তিজনৰ পৰিয়ালকো ধন্যবাদ জনাইছে যাৰ পৰা শিশুটিৰ শৰীৰত অংগ লৈ  সংৰোপণ কৰা হৈছে। 

উল্লেখ্য স্পেইন সদায় অংগ সংৰোপণৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে  শীৰ্ষ স্থানত আছে। দেশখনে এই ক্ষেত্ৰত আগতে কেইবাটাও বিৰল  নজিৰ সৃষ্টি কৰিছে কৰিছে। অন্ত্ৰ সংৰোপণৰ মুখ্য সমস্যাটো হ'ল মৃত ব্যক্তিজনৰ শৰীৰৰ পৰা অন্ত্ৰটো লোৱা আৰু ইয়াক সংৰক্ষণ কৰা। কাৰণ এই  পদ্ধতিটো যথেষ্ট জটিল। স্পেইনৰ লা পাজ চিকিৎসালয়ে  ইয়াৰ পূৰ্বেও বহু কেইটা সফল অংগ সংৰোপণৰ কৰিবলৈ সক্ষম হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা