--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিজ্ঞানৰ নতুন চমক। পৃথিৱীৰ প্ৰথম সফল অন্ত্ৰ সংৰোপণ এবছৰীয়া শিশুৰ শৰীৰত কৰা হৈছে। শিশুটিৰ দেহত এটা নতুন যকৃত, পাকস্থলীও সংৰোপন কৰা হৈছে। মাদ্ৰিদৰ লা পাজ চিকিৎসালয়ৰ চিকিৎসকসকলে এটি এবছৰীয়া কেঁচুৱাৰ সফলতাৰে অন্ত্ৰ  প্ৰতিস্থাপন কৰিবলৈ সক্ষম হয়। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা এজন ব্যক্তিৰ অন্ত্ৰ শিশুটিৰ  শৰীৰত সংৰোপন কৰা হয়। 

চিকিৎসকসকলে দাবী কৰে যে পৃথিৱীত এইটোৱেই প্ৰথমবাৰৰ বাবে কৰা  সফল অন্ত্ৰ সংৰোপণ ।শিশুটিৰ  নাম এমা। জন্মৰ সময়ত  তেওঁৰ হৃদযন্ত্ৰত জটিল সমস্যাই দেখা দিছিল।  চিকিৎসকে দেখিলে যে শিশুটিৰ শৰীৰত আন বিসংগতিও আছে। শিশুটোৰ শাৰীৰিক স্বাস্থ্যৰ দিনক দিনে অৱনতি ঘটি আছিল।

শেষত শিশুটিৰ শৰীৰত সফল অন্ত্ৰ সংৰোপণ কৰা সম্ভৱ হয়। কেৱল অন্ত্ৰেই নহয়, নতুন যকৃত, পাকস্থলী, অগ্ন্যাশয় আৰু প্লীহা  এমাৰ দেহত নতুনকৈ লগাই দিয়া হৈছে। চিকিৎসকসকলে তেওঁক এটা নতুন জীৱন দিবলৈ সক্ষম হোৱা বুলি দাবী কৰিছে। চিকিৎসকসকলক ধন্যবাদ জনাই এমাৰ মাতৃয়ে কয়, "জীৱন ৰুদ্ধ নহয়। এমা এগৰাকী অতি সাহসী ছোৱালী। প্ৰতিটো মুহূৰ্ততে তেওঁ জীয়াই থকাৰ ইচ্ছা প্ৰমাণ কৰিছিল’। তেওঁ সেই ব্যক্তিজনৰ পৰিয়ালকো ধন্যবাদ জনাইছে যাৰ পৰা শিশুটিৰ শৰীৰত অংগ লৈ  সংৰোপণ কৰা হৈছে। 

উল্লেখ্য স্পেইন সদায় অংগ সংৰোপণৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে  শীৰ্ষ স্থানত আছে। দেশখনে এই ক্ষেত্ৰত আগতে কেইবাটাও বিৰল  নজিৰ সৃষ্টি কৰিছে কৰিছে। অন্ত্ৰ সংৰোপণৰ মুখ্য সমস্যাটো হ'ল মৃত ব্যক্তিজনৰ শৰীৰৰ পৰা অন্ত্ৰটো লোৱা আৰু ইয়াক সংৰক্ষণ কৰা। কাৰণ এই  পদ্ধতিটো যথেষ্ট জটিল। স্পেইনৰ লা পাজ চিকিৎসালয়ে  ইয়াৰ পূৰ্বেও বহু কেইটা সফল অংগ সংৰোপণৰ কৰিবলৈ সক্ষম হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক