--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাৰ্কিন ৰাজনীতিত আজি এক নতুন জোকাৰণি অনুভূত হ’ল। ২০২০ চনত ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰা প্ৰথম হিন্দু-আমেৰিকান তুলসী গাবাৰ্ডে অহা মাহৰ মধ্যৱৰ্তী নিৰ্বাচনৰ পূৰ্বে  ডেম'ক্ৰেটিক পাৰ্টিৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। 

গাবাৰ্ডে দলটোক "ৰাষ্ট্ৰৰ প্ৰতিটো বিষয়ক বৰ্ণবিদ্বেষী" বুলি অভিযোগ কৰিছে আৰু ইয়াক " অভিজাত দল" বুলি নিন্দা কৰিছে। যোৱা ২০ বছৰ ধৰি  আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন কংগ্ৰেছী মহিলাগৰাকী দলটোৰ  এগৰাকী অন্যতম সদস্যা আছিল। "মই আৰু আজিৰ ডেম'ক্ৰেটিক পাৰ্টিত থাকিব নোৱাৰো।  যিটো দল  এতিয়া কাপুৰুষৰৰ দ্বাৰা পৰিচালিত হৈ আছে।  যিসকলে প্ৰতিটো বিষয়ক বৰ্ণবাদ কৰি আমাক বিভক্ত কৰে ।

 গাবাৰ্ডে  এটা ভিডিঅ'ত  'বৰ্ণবাদ,' শিৰোনাম দি ৰাজহুৱা কৰিছে। ভিডিঅ’টোত তেওঁ এইদৰে কয় : "আজিৰ ডেমক্ৰেটসকলে প্ৰতিটো বিষয়ক বৰ্ণবিদ্বেষ কৰি বিভক্ত কৰে আৰু আমাৰ সংবিধানত সন্নিবিষ্ট আমাৰ ঈশ্বৰ-প্ৰদত্ত স্বাধীনতাক ক্ষুণ্ণ কৰিবলৈ সক্ৰিয়ভাৱে কাম কৰি আছে। আজিৰ ডেমোক্ৰেটসকল বিশ্বাস আৰু আধ্যাত্মিকতাত বিশ্বাসী লোকসকলৰ প্ৰতি বিদ্বেষী হৈ পৰিছে। তেওঁলোকে আৰক্ষীক বিভ্ৰান্ত  কৰে অপৰাধীসকলক সুৰক্ষা দিয়ে।  সৰ্বোপৰি, আজিৰ ডেমক্ৰেটসকলে আমাক পাৰমাণৱিক যুদ্ধৰ পৰিবেশৰ মাজলৈ  টানি নিছে"। 

তেওঁ লগতে কয়  "মই  এনে এখন চৰকাৰত বিশ্বাস কৰো যিখন চৰকাৰ আৰু মানুহৰ বাবে হ’ব । দুৰ্ভাগ্যবশতঃ, আজিৰ ডেম'ক্ৰেটিক পাৰ্টিয়ে তেনে চৰকাৰ কামনা নকৰে। ইয়াৰ পৰিৱৰ্তে দলটোৱে  শক্তিশালী অভিজাত সকলৰ চৰকাৰৰ কথাহে কল্পনা কৰে," । গাবাৰ্ডে তেওঁৰ সহযোগী স্বতন্ত্ৰ মনৰ ডেমোক্ৰেটসকলকো তেওঁৰ সৈতে দল ত্যাগ কৰিবলৈ আহ্বান জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক