--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাৰ্কিন ৰাজনীতিত আজি এক নতুন জোকাৰণি অনুভূত হ’ল। ২০২০ চনত ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰা প্ৰথম হিন্দু-আমেৰিকান তুলসী গাবাৰ্ডে অহা মাহৰ মধ্যৱৰ্তী নিৰ্বাচনৰ পূৰ্বে  ডেম'ক্ৰেটিক পাৰ্টিৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। 

গাবাৰ্ডে দলটোক "ৰাষ্ট্ৰৰ প্ৰতিটো বিষয়ক বৰ্ণবিদ্বেষী" বুলি অভিযোগ কৰিছে আৰু ইয়াক " অভিজাত দল" বুলি নিন্দা কৰিছে। যোৱা ২০ বছৰ ধৰি  আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন কংগ্ৰেছী মহিলাগৰাকী দলটোৰ  এগৰাকী অন্যতম সদস্যা আছিল। "মই আৰু আজিৰ ডেম'ক্ৰেটিক পাৰ্টিত থাকিব নোৱাৰো।  যিটো দল  এতিয়া কাপুৰুষৰৰ দ্বাৰা পৰিচালিত হৈ আছে।  যিসকলে প্ৰতিটো বিষয়ক বৰ্ণবাদ কৰি আমাক বিভক্ত কৰে ।

 গাবাৰ্ডে  এটা ভিডিঅ'ত  'বৰ্ণবাদ,' শিৰোনাম দি ৰাজহুৱা কৰিছে। ভিডিঅ’টোত তেওঁ এইদৰে কয় : "আজিৰ ডেমক্ৰেটসকলে প্ৰতিটো বিষয়ক বৰ্ণবিদ্বেষ কৰি বিভক্ত কৰে আৰু আমাৰ সংবিধানত সন্নিবিষ্ট আমাৰ ঈশ্বৰ-প্ৰদত্ত স্বাধীনতাক ক্ষুণ্ণ কৰিবলৈ সক্ৰিয়ভাৱে কাম কৰি আছে। আজিৰ ডেমোক্ৰেটসকল বিশ্বাস আৰু আধ্যাত্মিকতাত বিশ্বাসী লোকসকলৰ প্ৰতি বিদ্বেষী হৈ পৰিছে। তেওঁলোকে আৰক্ষীক বিভ্ৰান্ত  কৰে অপৰাধীসকলক সুৰক্ষা দিয়ে।  সৰ্বোপৰি, আজিৰ ডেমক্ৰেটসকলে আমাক পাৰমাণৱিক যুদ্ধৰ পৰিবেশৰ মাজলৈ  টানি নিছে"। 

তেওঁ লগতে কয়  "মই  এনে এখন চৰকাৰত বিশ্বাস কৰো যিখন চৰকাৰ আৰু মানুহৰ বাবে হ’ব । দুৰ্ভাগ্যবশতঃ, আজিৰ ডেম'ক্ৰেটিক পাৰ্টিয়ে তেনে চৰকাৰ কামনা নকৰে। ইয়াৰ পৰিৱৰ্তে দলটোৱে  শক্তিশালী অভিজাত সকলৰ চৰকাৰৰ কথাহে কল্পনা কৰে," । গাবাৰ্ডে তেওঁৰ সহযোগী স্বতন্ত্ৰ মনৰ ডেমোক্ৰেটসকলকো তেওঁৰ সৈতে দল ত্যাগ কৰিবলৈ আহ্বান জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা