--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভাবিব নোৱাৰা ঘটনা। মাতৃগৰ্ভত থাকোতেই ভ্ৰূণৰ  মগজুৰ  অস্ত্ৰোপচাৰ সফলতাৰে  সম্পন্ন কৰিলে চিকিৎসকে! বিশ্বত প্ৰথমবাৰৰ বাবে  আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকিৎসকৰ এটা দলে গৰ্ভজাত ভ্ৰূণ এটাৰ মগজুত অস্ত্ৰোপচাৰ কৰি নজিৰ গঢ়িছে। ভ্ৰূণটিয়ে  এক ধৰণৰ  বিৰল মগজুৰ ৰক্তক্ষৰণত ভুগি আছিল। এই ৰোগৰ  নাম হৈছে "ভেনাছ অফ গেলেন মালিফৰ্চন"। অস্ত্ৰোপচাৰটো ব্ৰিঘাম  চিকিৎসালয় আৰু মেচাচুচেটছৰ বষ্টন শিশু চিকিৎসালয়ৰ যৌথ উদ্যোগত  কৰা হৈছে।

এই ৰোগ কিয়? তেজ ৰক্ত নলীৰ সহায়ত মগজুৰ পৰা হৃদযন্ত্ৰলৈ যায়। সমস্যাটো তেতিয়া আৰম্ভ হয় যেতিয়া এই পদ্ধতিত কোনো ত্ৰুটি থাকে। যাৰ ফলত গুৰুতৰ সমস্যা  হ'ব পাৰে। এনে পৰিস্থিতিত চিকিৎসকে গৰ্ভত থকা ভ্ৰূণৰ মগজুত অস্ত্ৰোপচাৰ কৰিবলৈ সিদ্ধান্ত লৈছিল।  চিকিৎসালয়ৰ এজন চিকিৎসক ডাঃ ডাৰেন অৰ্বাকে কয় যে এনে সমস্যাৰ ফলত জন্মৰ পিছত কেঁচুৱাটোৰ মগজুত গুৰুতৰ মগজুৰ ঘা হ'ব পাৰে। একে সময়তে তেওঁ  হৃদৰোগতো আক্ৰান্ত হ'ব পাৰে। এই দুটা প্ৰত্যাহ্বান দূৰ কৰিবলৈয়েই   চিকিৎসকসকলে অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লৈছিল। 

খবৰ অনুসৰি ডেনভাৰৰ মাকৰ গৰ্ভত থকা ভ্ৰূণটো  সঠিকভাৱে বাঢ়ি আছে। কিন্তু  এটা  পৰীক্ষাত  মগজুৰ সমস্যাবোৰৰ কথা পোহৰলৈ আহে। তাৰ পিছতে অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লোৱা হয় ।  ৩৪  সপ্তাহৰ গৰ্ভৱতী মহিলাগৰাকীয়ে  তেওঁৰ গৰ্ভজাত ভ্ৰূণৰ  মগজুত অস্ত্ৰোপচাৰ কৰিবলৈ সন্মতি দিয়াৰ পিছতে অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়।গৰ্ভজাত ভ্ৰূণৰ হৃদযন্ত্ৰত অস্ত্ৰোপচাৰ কৰা সম্ভৱ হৈছিল যদিও  মগজুত প্ৰথমবাৰৰ বাবে অস্ত্ৰোপচাৰ কৰা হৈছে। এনে সফলতাই আধুনিক চিকিৎসা বিজ্ঞানত এক আশাৰ বতৰা কঢ়িয়াই আনিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ