--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভাবিব নোৱাৰা ঘটনা। মাতৃগৰ্ভত থাকোতেই ভ্ৰূণৰ  মগজুৰ  অস্ত্ৰোপচাৰ সফলতাৰে  সম্পন্ন কৰিলে চিকিৎসকে! বিশ্বত প্ৰথমবাৰৰ বাবে  আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকিৎসকৰ এটা দলে গৰ্ভজাত ভ্ৰূণ এটাৰ মগজুত অস্ত্ৰোপচাৰ কৰি নজিৰ গঢ়িছে। ভ্ৰূণটিয়ে  এক ধৰণৰ  বিৰল মগজুৰ ৰক্তক্ষৰণত ভুগি আছিল। এই ৰোগৰ  নাম হৈছে "ভেনাছ অফ গেলেন মালিফৰ্চন"। অস্ত্ৰোপচাৰটো ব্ৰিঘাম  চিকিৎসালয় আৰু মেচাচুচেটছৰ বষ্টন শিশু চিকিৎসালয়ৰ যৌথ উদ্যোগত  কৰা হৈছে।

এই ৰোগ কিয়? তেজ ৰক্ত নলীৰ সহায়ত মগজুৰ পৰা হৃদযন্ত্ৰলৈ যায়। সমস্যাটো তেতিয়া আৰম্ভ হয় যেতিয়া এই পদ্ধতিত কোনো ত্ৰুটি থাকে। যাৰ ফলত গুৰুতৰ সমস্যা  হ'ব পাৰে। এনে পৰিস্থিতিত চিকিৎসকে গৰ্ভত থকা ভ্ৰূণৰ মগজুত অস্ত্ৰোপচাৰ কৰিবলৈ সিদ্ধান্ত লৈছিল।  চিকিৎসালয়ৰ এজন চিকিৎসক ডাঃ ডাৰেন অৰ্বাকে কয় যে এনে সমস্যাৰ ফলত জন্মৰ পিছত কেঁচুৱাটোৰ মগজুত গুৰুতৰ মগজুৰ ঘা হ'ব পাৰে। একে সময়তে তেওঁ  হৃদৰোগতো আক্ৰান্ত হ'ব পাৰে। এই দুটা প্ৰত্যাহ্বান দূৰ কৰিবলৈয়েই   চিকিৎসকসকলে অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লৈছিল। 

খবৰ অনুসৰি ডেনভাৰৰ মাকৰ গৰ্ভত থকা ভ্ৰূণটো  সঠিকভাৱে বাঢ়ি আছে। কিন্তু  এটা  পৰীক্ষাত  মগজুৰ সমস্যাবোৰৰ কথা পোহৰলৈ আহে। তাৰ পিছতে অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লোৱা হয় ।  ৩৪  সপ্তাহৰ গৰ্ভৱতী মহিলাগৰাকীয়ে  তেওঁৰ গৰ্ভজাত ভ্ৰূণৰ  মগজুত অস্ত্ৰোপচাৰ কৰিবলৈ সন্মতি দিয়াৰ পিছতে অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়।গৰ্ভজাত ভ্ৰূণৰ হৃদযন্ত্ৰত অস্ত্ৰোপচাৰ কৰা সম্ভৱ হৈছিল যদিও  মগজুত প্ৰথমবাৰৰ বাবে অস্ত্ৰোপচাৰ কৰা হৈছে। এনে সফলতাই আধুনিক চিকিৎসা বিজ্ঞানত এক আশাৰ বতৰা কঢ়িয়াই আনিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল