--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুগল একাউণ্টত চাইন-ইন কৰিবলৈ এতিয়াৰে পৰা পাছৱৰ্ড নালাগে। সাধাৰণতে পাছৱৰ্ডৰ দ্বাৰাই গুগল চাইন-ইন কৰিব পৰা যায়। কিন্তু এতিয়াৰে পৰা গুগলে পাছৱৰ্ডৰ সলনি পাছ-কী (passkeys)-ৰ ব্যৱস্থা আনিছে।

ইয়াক বহুত বেছি সুৰক্ষিত বুলি কোম্পানীটোৱে দাবী কৰিছে। এটা ব্লগ পোষ্টত কোম্পানীটোৱে কয় যে তেওঁলোকে যোৱা বছৰৰ পৰা অধিক সুৰক্ষিত চাইন-ইনৰ বাবে পাছ-কী প্ৰৱৰ্তনৰ বাবে এপল আৰু মাইক্ৰ’ছফ্টৰ সৈতে কাম কৰি আহিছে। বিশ্ব পাছৱৰ্ড দিৱসৰ প্ৰাকক্ষণত গুগলে ক্ৰমান্বয়ে এই পাছ-কী সকলো গুগল একাউণ্টলৈ মুকলি কৰিছে।

এই পাছ-কী দৰাচলতে কি? Pass-Key ৰ বাবে ডাঙৰ পাছৱৰ্ড মনত ৰখাৰ প্ৰয়োজন নাই। যেনেকৈ ব্যৱহাৰকাৰীয়ে ফিংগাৰপ্ৰিণ্ট, ফেচ স্কেন বা পিনৰ সহায়ত নিজৰ ফোন বা লেপটপ আনলক কৰে, তেনেকৈয়ে তেওঁলোকে পাছ-কীৰ সহায়ত বিভিন্ন একাউণ্টত লগ ইন কৰিব পাৰে।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আজিকালি সাধাৰণতে দেখা দিয়া ফিছিং এটেকতকৈ পাছ-কী বহুত বেছি সুৰক্ষিত। এটা নিৰ্দিষ্ট ব্যৱহাৰকাৰীক ক্ৰিপ্টোগ্ৰাফীৰ সহায়ত ক্লাউডত অথেন্টিকেশ্যন কৰা হ’ব আৰু তাৰ জৰিয়তে, সকলো ডিভাইচ সেই একাউণ্টৰ সৈতে লগ ইন কৰিব পাৰিব। অৱশ্যে সদ্যহতে গুগলে পাছৱৰ্ড আৰু টু ফেক্টৰ অথেন্টিকেশ্যনৰ সৈতে একেলগে পাছ-কী আৰম্ভ কৰিব।

আজিৰে পৰা এই নতুন ফিচাৰ মুকলি কৰা হৈছে। ফলত গুগল একাউণ্টেৰে নতুন এপ বা ৱেবছাইটত লগ ইন কৰাৰ সময়ত কোম্পানীয়ে আপোনাক এই বিকল্প দিব। এতিয়াৰ বাবে এই ফিচাৰ কেৱল ব্যক্তিগত গুগল একাউণ্টৰ বাবেহে উপলব্ধ। কিন্তু তেতিয়া এডমিন আৰু টেক টিমৰ মানুহে আপোনাৰ অফিচৰ ইমেইলৰ বাবেও পাছ কী আৰম্ভ কৰাৰ সুযোগ পাব। অৰ্থাৎ ইয়াক গুগল ৱৰ্কস্পেচ একাউণ্টতো মুকলি কৰা হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল