--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুগল একাউণ্টত চাইন-ইন কৰিবলৈ এতিয়াৰে পৰা পাছৱৰ্ড নালাগে। সাধাৰণতে পাছৱৰ্ডৰ দ্বাৰাই গুগল চাইন-ইন কৰিব পৰা যায়। কিন্তু এতিয়াৰে পৰা গুগলে পাছৱৰ্ডৰ সলনি পাছ-কী (passkeys)-ৰ ব্যৱস্থা আনিছে।

ইয়াক বহুত বেছি সুৰক্ষিত বুলি কোম্পানীটোৱে দাবী কৰিছে। এটা ব্লগ পোষ্টত কোম্পানীটোৱে কয় যে তেওঁলোকে যোৱা বছৰৰ পৰা অধিক সুৰক্ষিত চাইন-ইনৰ বাবে পাছ-কী প্ৰৱৰ্তনৰ বাবে এপল আৰু মাইক্ৰ’ছফ্টৰ সৈতে কাম কৰি আহিছে। বিশ্ব পাছৱৰ্ড দিৱসৰ প্ৰাকক্ষণত গুগলে ক্ৰমান্বয়ে এই পাছ-কী সকলো গুগল একাউণ্টলৈ মুকলি কৰিছে।

এই পাছ-কী দৰাচলতে কি? Pass-Key ৰ বাবে ডাঙৰ পাছৱৰ্ড মনত ৰখাৰ প্ৰয়োজন নাই। যেনেকৈ ব্যৱহাৰকাৰীয়ে ফিংগাৰপ্ৰিণ্ট, ফেচ স্কেন বা পিনৰ সহায়ত নিজৰ ফোন বা লেপটপ আনলক কৰে, তেনেকৈয়ে তেওঁলোকে পাছ-কীৰ সহায়ত বিভিন্ন একাউণ্টত লগ ইন কৰিব পাৰে।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আজিকালি সাধাৰণতে দেখা দিয়া ফিছিং এটেকতকৈ পাছ-কী বহুত বেছি সুৰক্ষিত। এটা নিৰ্দিষ্ট ব্যৱহাৰকাৰীক ক্ৰিপ্টোগ্ৰাফীৰ সহায়ত ক্লাউডত অথেন্টিকেশ্যন কৰা হ’ব আৰু তাৰ জৰিয়তে, সকলো ডিভাইচ সেই একাউণ্টৰ সৈতে লগ ইন কৰিব পাৰিব। অৱশ্যে সদ্যহতে গুগলে পাছৱৰ্ড আৰু টু ফেক্টৰ অথেন্টিকেশ্যনৰ সৈতে একেলগে পাছ-কী আৰম্ভ কৰিব।

আজিৰে পৰা এই নতুন ফিচাৰ মুকলি কৰা হৈছে। ফলত গুগল একাউণ্টেৰে নতুন এপ বা ৱেবছাইটত লগ ইন কৰাৰ সময়ত কোম্পানীয়ে আপোনাক এই বিকল্প দিব। এতিয়াৰ বাবে এই ফিচাৰ কেৱল ব্যক্তিগত গুগল একাউণ্টৰ বাবেহে উপলব্ধ। কিন্তু তেতিয়া এডমিন আৰু টেক টিমৰ মানুহে আপোনাৰ অফিচৰ ইমেইলৰ বাবেও পাছ কী আৰম্ভ কৰাৰ সুযোগ পাব। অৰ্থাৎ ইয়াক গুগল ৱৰ্কস্পেচ একাউণ্টতো মুকলি কৰা হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ