--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কেৱল পৃথিৱীতেই পানী নাই, আন এটা গ্ৰহতো হয়তো আছে পানী! আপাততঃ তেনে ধাৰণাই কৰিছে একাংশ বিজ্ঞানীয়ে ভয়েজাৰ অভিযানে এইক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য কঢ়িয়াই লৈ আহিছে। নতুন কম্পিউটাৰ মডেলিঙৰ সৈতে সংযুক্ত তথ্যৰ বিশ্লেষণে প্ৰকাশ কৰিছে যে সৌৰজগতৰ প্ৰায় শেষ প্ৰান্ততো পানী আছে। সেই পানী  ইউৰেনাছৰ চাৰিটা ডাঙৰ উপগ্ৰহত সংৰক্ষিত হৈ থকা বুলি বিজ্ঞানীসকল পতিয়ন গৈছে। 

সম্ভৱতঃ ইউৰেনাছৰ উপগ্ৰহৰ কেন্দ্ৰ আৰু বৰফৰ ভূত্বকৰ মাজত সাগৰ সদৃশ স্তৰ থাকিব পাৰে বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে। ইউৰেনাছৰ পাঁচটা ডাঙৰ উপগ্ৰহ ক্ৰমে  এৰিয়েল, উম্ব্ৰিয়েল, টাইটানিয়া, অবেৰন আৰু মিৰাণ্ডাত এনে পানী সংৰক্ষিত হৈ থকাৰ বহু সবল প্ৰমাণ পোৱা গৈছে।  উল্লেখ্য ইউৰেনাছৰ  কমেও ২৭  টা উপগ্ৰহ আছে, যাৰ ভিতৰত টাইটানিয়া হৈছে আটাইতকৈ ডাঙৰ, যি ১,৫৮০  কিলোমিটাৰ বহল। 

নাছাৰ জেট প্ৰপালচন লেবৰেটৰীৰ মুখ্য বিজ্ঞানী  জুলি কাষ্টিলো-ৰোগেজে কয় যে  ভয়েজাৰ-২ মহাকাশযানৰ তথ্য চালিজাৰি চাই ইউৰেনাছৰ উপগ্ৰহণত পানী থকাৰ কথাটো একপ্ৰকাৰ নিশ্চিত কৰা হৈছে। ভয়েজাৰ-২ মহাকাশযান খনে ১৯৮০  ৰ দশকত ইউৰেনাছৰ চাৰিওফালে উৰিছিল আৰু তাৰ পিছত নাছাৰ গেলিলিঅ, কেচিনি, ডন আৰু নিউ হৰাইজনছেও এই বিষয়ে তথ্য দিয়া বুলি তেওঁ কয়।শেহতীয়াকৈ জ্যোতিৰ্বিজ্ঞানীসকলে  জেমছ ৱেব স্পেচ টেলিস্কোপৰ সহায়ত  ইউৰেনাছৰ উপগ্ৰহসমূহ  পৰ্যবেক্ষণ কৰি আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল