--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

ভাৰতীয়মূলৰ  অভিনেত্ৰী প্ৰীতি পেটেলে ইউকেৰ গৃহ সচিবৰ পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে। তেওঁৰ ঠাইত অধিষ্ঠিত হ’ব পাৰে আন এগৰাকী  ভাৰতীয় বংশধৰ৷ তেওঁৰ নাম চুয়েলা ব্ৰেভাৰমেন।

৪২ বছৰীয়া চুয়েলাই কেৱল গৃহ সচিবৰ পদতে নহয়, নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰী লিজ ট্ৰাছৰ মন্ত্ৰীসভাতো স্থান লাভ কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে,লিজ ট্ৰাছ সোমবাৰে ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। লিজে ভাৰতীয় বংশোদ্ভূত ঋষি সুনাকক ২০,০০০ তকৈও অধিক ভোটত পৰাস্ত কৰি প্ৰধানমন্ত্ৰীৰ আসন দখল কৰে। মুঠ বৈধ ভোটৰ ভিতৰত, লীজে ৮১,৩৮০ টা ভোট লাভ কৰিছিল। ঋষিয়ে ৬০ হাজাৰ ৩৯৯ টা ভোট লাভ কৰিছিল।

লিজ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে প্ৰীতি পেটেলে ইউকেৰ গৃহ সচিব পদ ত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল। তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনলৈ এখন পত্ৰ লিখি পদত্যাগৰ কথা ঘোষণা কৰিছিল। 
জনছনৰ অতিকৈ বিশ্বাসী হিচাপে জনাজাত প্ৰীতিয়ে গৃহ সচিব হিচাপে  ২০১৯ চনৰ জুলাই মাহত দায়িত্ব গ্ৰহণ কৰিছিল৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী