--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ ৰাজনীতিত বিজেপিৰ আগ্ৰাসী ‘অপাৰেচন ল'টাছ’ অভিযানৰ সন্মুখত প্ৰত্যাহ্বান সৃষ্টিৰ লক্ষ্যৰে এইবাৰ সাজু কৰা হৈছে ‘মিছন বিৰোধী’। বিহাৰত বিজেপিৰ সঙ্গ ত্যাগেৰে সমগ্ৰ দেশৰ ৰাজনীতিত বিজেপি ৰোধৰ এক সম্ভাৱনাৰ সৃষ্টি কৰা জেডিইউ মুৰব্বী তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ‘মিছন বিৰোধী’ৰ কাৰ্যকৰীকৰণৰ নেতৃত্ব বহন কৰিছে। 'মিছন বিৰোধী' পৰিকল্পনা ৰূপায়নৰ লক্ষ্যৰে সোমবাৰে দিল্লী ভ্ৰমণ কৰা নীতিশ কুমাৰে প্ৰথমে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰিছিল। 

তাৰ পাছতেই আজি নীতিশ কুমাৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপ মুৰব্বী অৰবিন্দ কেজৰিৱাল, ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (মাৰ্ক্সবাদী) সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীকে ধৰি আন কেইবাগৰাকীও বিৰোধী নেতাক সাক্ষাৎ কৰে। নীতিশ কুমাৰৰ সাক্ষাতৰ পূৰ্বে চিপিআই (এম) নেতা সীতাৰাম য়েচুৰীয়ে ‘মিচন বিৰোধী’ক লৈ আশা প্ৰকাশ কৰে। 

সোমবাৰে য়েচুৰীয়ে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি বিৰোধী ঐক্য সন্দৰ্ভত আলোচনাৰ প্ৰাসংগিকতাক গুৰুত্ব দিয়াৰ লগতে পৰৱৰ্তী প্ৰধানমন্ত্ৰী প্ৰাৰ্থী আলোচনাতকৈ বিৰোধী ঐক্যহে আলোচনাৰ প্ৰধান লক্ষ্য বুলি মন্তব্য কৰে। য়েচুৰীয়ে দেশত সাংবিধানিক ব্যৱস্থা আৰু ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক মূল্য ৰক্ষাৰ স্বাৰ্থত বিৰোধী দলসমূহক ঐক্যবদ্ধ বিৰোধীৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত সন্মিলিত হোৱা উচিত বুলি মন্তব্য কৰে। 

আনহাতে প্ৰধানমন্ত্ৰী হিচাপে নীতিশ কুমাৰৰ নাম চৰ্চিত হৈ থকা সন্দৰ্ভত  য়েচুৰীয়ে কয় যে নীতিশ কুমাৰৰ প্ৰধানমন্ত্ৰীৰ গুণ আছে আৰু এই বিষয়ত কোনো সন্দেহ নাই। কিন্তু তেওঁৰ সময় এতিয়াও অহা নাই বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে কৰে য়েচুৰীয়ে। চিপিআই(এম)ৰ সাধাৰণ সম্পাদক গৰাকীয়ে লগতে এই প্ৰসঙ্গতে নীতিশ কুমাৰে এন ডি এ ত্যাগ আৰু বিহাৰৰ 'চেকুলাৰ' ফ্ৰণ্টৰ সৈতে মিত্ৰজোঁট গঠনৰ সিদ্ধান্তক আদৰণি জনায়।

য়েচুৰীয়ে কয় যে নীতিশ কুমাৰে এন ডি এ ত্যাগ কৰি 'চেকুলাৰ' ফ্ৰণ্টৰ সৈতে মিত্ৰজোঁট গঠনৰ সিদ্ধান্ত অতিশয় আদৰণীয়। “একে সময়তে আমি সকলো ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক শক্তিক কেনেদৰে সংযোগ কৰিব পাৰি সেই বিষয়েও আলোচনা কৰিম” বুলি উল্লেখ কৰে য়েচুৰীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী