--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ ৰাজনীতিত বিজেপিৰ আগ্ৰাসী ‘অপাৰেচন ল'টাছ’ অভিযানৰ সন্মুখত প্ৰত্যাহ্বান সৃষ্টিৰ লক্ষ্যৰে এইবাৰ সাজু কৰা হৈছে ‘মিছন বিৰোধী’। বিহাৰত বিজেপিৰ সঙ্গ ত্যাগেৰে সমগ্ৰ দেশৰ ৰাজনীতিত বিজেপি ৰোধৰ এক সম্ভাৱনাৰ সৃষ্টি কৰা জেডিইউ মুৰব্বী তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ‘মিছন বিৰোধী’ৰ কাৰ্যকৰীকৰণৰ নেতৃত্ব বহন কৰিছে। 'মিছন বিৰোধী' পৰিকল্পনা ৰূপায়নৰ লক্ষ্যৰে সোমবাৰে দিল্লী ভ্ৰমণ কৰা নীতিশ কুমাৰে প্ৰথমে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰিছিল। 

তাৰ পাছতেই আজি নীতিশ কুমাৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপ মুৰব্বী অৰবিন্দ কেজৰিৱাল, ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (মাৰ্ক্সবাদী) সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীকে ধৰি আন কেইবাগৰাকীও বিৰোধী নেতাক সাক্ষাৎ কৰে। নীতিশ কুমাৰৰ সাক্ষাতৰ পূৰ্বে চিপিআই (এম) নেতা সীতাৰাম য়েচুৰীয়ে ‘মিচন বিৰোধী’ক লৈ আশা প্ৰকাশ কৰে। 

সোমবাৰে য়েচুৰীয়ে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি বিৰোধী ঐক্য সন্দৰ্ভত আলোচনাৰ প্ৰাসংগিকতাক গুৰুত্ব দিয়াৰ লগতে পৰৱৰ্তী প্ৰধানমন্ত্ৰী প্ৰাৰ্থী আলোচনাতকৈ বিৰোধী ঐক্যহে আলোচনাৰ প্ৰধান লক্ষ্য বুলি মন্তব্য কৰে। য়েচুৰীয়ে দেশত সাংবিধানিক ব্যৱস্থা আৰু ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক মূল্য ৰক্ষাৰ স্বাৰ্থত বিৰোধী দলসমূহক ঐক্যবদ্ধ বিৰোধীৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত সন্মিলিত হোৱা উচিত বুলি মন্তব্য কৰে। 

আনহাতে প্ৰধানমন্ত্ৰী হিচাপে নীতিশ কুমাৰৰ নাম চৰ্চিত হৈ থকা সন্দৰ্ভত  য়েচুৰীয়ে কয় যে নীতিশ কুমাৰৰ প্ৰধানমন্ত্ৰীৰ গুণ আছে আৰু এই বিষয়ত কোনো সন্দেহ নাই। কিন্তু তেওঁৰ সময় এতিয়াও অহা নাই বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে কৰে য়েচুৰীয়ে। চিপিআই(এম)ৰ সাধাৰণ সম্পাদক গৰাকীয়ে লগতে এই প্ৰসঙ্গতে নীতিশ কুমাৰে এন ডি এ ত্যাগ আৰু বিহাৰৰ 'চেকুলাৰ' ফ্ৰণ্টৰ সৈতে মিত্ৰজোঁট গঠনৰ সিদ্ধান্তক আদৰণি জনায়।

য়েচুৰীয়ে কয় যে নীতিশ কুমাৰে এন ডি এ ত্যাগ কৰি 'চেকুলাৰ' ফ্ৰণ্টৰ সৈতে মিত্ৰজোঁট গঠনৰ সিদ্ধান্ত অতিশয় আদৰণীয়। “একে সময়তে আমি সকলো ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক শক্তিক কেনেদৰে সংযোগ কৰিব পাৰি সেই বিষয়েও আলোচনা কৰিম” বুলি উল্লেখ কৰে য়েচুৰীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু