--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৬ মে’ত ব্ৰিটেইনৰ নতুন ৰজা তৃতীয় চাৰ্লছে কাৰ্যভাৰ গ্ৰহণ কৰিব। এই অভিষেক উপলক্ষে অহা ৭ মে’ত এক বৃহৎ অনুষ্ঠান অনুষ্ঠিত হ’ব। ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ পিছত তেওঁৰ জ্যেষ্ঠ পুত্ৰ তৃতীয় চাৰ্লছক আনুষ্ঠানিকভাৱে ৰজা হিচাপে ঘোষণা কৰা হৈছে। এতিয়াৰ পৰা ব্ৰিটেইনৰ ৰজা চাৰ্লছ ফিলিপ আৰ্থাৰ জৰ্জ।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব চলচ্চিত্ৰ আৰু সংগীত জগতৰ বিশ্ববিখ্যাত তাৰকাসকলে। ইয়াৰ ভিতৰত হলিউডৰ তাৰকা টম ক্ৰুজ, মিউজিকেল গ্ৰুপ ‘দ্য পুচিকেট ডলছ’ আৰু একমাত্ৰ ভাৰতীয় শিল্পী হিচাপে বলীউডৰ তাৰকা সোনম কাপুৰ অন্তৰ্ভুক্ত হ’ব বুলি জানিব পৰা গৈছে।

সোনমে মঞ্চত উপস্থিত হৈ কমনৱেলথ ভাৰ্চুৱেল গায়ক দলক চিনাকি কৰাই দিয়াৰ বাবে এটি পৰিচয়মূলক কথন পৰিবেশন কৰিব।

সোনম স্বামী আনন্দ আহুজা আৰু তেওঁলোকৰ পুত্ৰ বায়ুৰ সৈতে লণ্ডনত থাকে। যদিও এয়া হ’ব সোনমৰ প্ৰথম ৰাজকীয় উপস্থিতি। কিন্তু তালিকাত থকা আন কিছুমানে ইয়াৰ পূৰ্বেও ৰাজকীয় অনুষ্ঠানত অংশ লৈছে।

এই সন্দৰ্ভত সোণম কাপুৰে কয়, ‘এই উপলক্ষে কমনৱেলথ ভাৰ্চুৱেল কোৱাৰত যোগদান কৰি মই সন্মানিত অনুভৱ কৰিছো। সংগীত আৰু শিল্পৰ প্ৰতি মহামহিমৰ প্ৰেমক উদযাপন কৰিছো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?