--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী কংগনা ৰাণাৱাট বিভিন্ন সময়ত নানান বিষয়কলৈ বিতৰ্কৰ মাজলৈ আহে৷ ২০০৬ চনত গেংষ্টাৰ ছবিৰ জড়িয়তে  বলীউডত আত্মপ্ৰকাশৰ পৰা কংগনা ৰাণাৱটে শেহতীয়াকৈ তেওঁৰ ইনষ্টাগ্ৰামত এখন ছবি শ্বেয়াৰ কৰিছে৷ ছবি খন বহু পুৰণি৷ ছবি খনে যেন কংগনাক পুনৰ এৰি অহা দিন বোৰলৈ ওভতাই নিছে৷ 

অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ  বলীউডৰ উদ্যোগটোত ১৭ বছৰ সম্পূৰ্ণ কৰিছে। এনে সময়তে  অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰামত  চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ বসুৰ সৈতে এখন বিশেষ ফটো শ্বেয়াৰ কৰিছে৷ফটোখনত বসুৱে কংগনাক কিবা বুজাই থকা দেখা গৈছে ৷ কংগনাই কাছতে বহি মনোযোগেৰে বসুৰ কথা শুনি আছে৷  কংগনাই ক'লা আৰু বগা পোছাক পিন্ধি থকাৰ লগতে অনুৰাগে নীলা জিন্সৰ সৈতে বগা চাৰ্ট পিন্ধিছিল । শিৰোনামটোত কংগনাই প্ৰকাশ কৰিছে যে ছবিখন এনে এটা সময়ত তোলা হৈছিল যেতিয়া তেওঁ ২০০৭  চনত লাইফ ইন এ মেট্ৰ' চলচ্চিত্ৰত কাম কৰি আছিল।
 Kangana 

কংগনাই লিখিছে "১৭ বছৰ আগতে ২০০৬ চনৰ ২৮ এপ্ৰিলত মোক পোহৰলৈ অনা  এই বিশাল প্ৰতিভাক(অনুৰাগ বসু) ধন্যবাদ জনাইছো৷  ইয়াত মেট্ৰ' ছেটত (২০০৬)  তোলা তেওঁৰ আৰু মোৰ এখন ছবি আছে। তু চুপ কাৰ (আপুনি চুপ থাকা) তেওঁৰ প্ৰিয় কথা আছিল। মই তোমাক ভালপাওঁ অনু৷ সকলো বোৰৰ বাবে ধন্যবাদ," ৷ কংগনাই পুনৰ কৈছে , "মোক কোৱা হৈছিল যে অভিনেত্ৰীসকলৰ ২-৫ বছৰৰ স্থায়িত্ব থাকে। ঠিক আছে, মই কালি ১৭ বছৰ সম্পূৰ্ণ কৰিলো’’৷ 

অনুৰাগ বসুৱে পৰিচালনা কৰা লাইফ ইন এ মেট্ৰ'  ছবি খনত   কংগনা ৰাণাৱট, শিল্পা চেট্টী, কে কে মেনন, শ্বাইনী আহুজা, ইৰফান খান, ধৰ্মেন্দ্ৰ, নাফিছা আলী, কঙ্কনা সেনশৰ্মা আৰু শৰমন যোশীয়ে  অভিনয় কৰিছিল।

ইফালে কংগনাক শীঘ্ৰেই চন্দ্ৰমুখী ২ ত দেখা যাব। ইয়াৰ উপৰি কংগনাই নিজৰ  ইমাৰ্জেন্সী ছবিৰ বাবেও কাম কৰি আছে৷ ইমাৰ্জেন্সী ছবি খনত কংগনাই  মুখ্য চৰিত্ৰত অভিনয় কৰাই নহয় , ছবি খন  ইয়াক পৰিচালনাও কৰিছে। ছবি খনত কংগনাক ভাৰতৰ প্ৰয়াত  প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে