--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটেইনৰ  ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ পিছতে ব্ৰিটিছ ৰাজবংশৰ পৰম্পৰা অনুসৰি  তেওঁৰ পুত্ৰ তৃতীয় চাৰ্লছ সিংহাসনত বহিছে। মাতৃৰ দৰেই তৃতীয় চাৰ্লছো এগৰাকী উদ্যমী ব্যক্তি। চাৰ্লছৰ বৰ্তমানৰ পত্নী কেমিলা পাৰ্কাৰ এতিয়া ব্ৰিটেইনৰ ৰাণী। ৰাণী বুলিয়েই নহয়, ৰাজ পৰিয়ালৰ এগৰাকী সদস্যা হিচাবে কেমিলা পাৰ্কাৰ আগৰে পৰাই চৌখিন। 

ৰূপ চৰ্চাত তেওঁ ভালেখিনি সময় খৰচ কৰি আহিছে।ৰজাৰ পত্নী কেমিলা পাৰ্কাৰৰ  বয়স ৭১ বছৰ। তথাপি তেওঁ বাৰ্দ্বক্যক যেন কাষ চাপিবলৈ দিব নিবিচাৰে।আন  দহ গৰাকী মহিলাৰ দৰেই কেমিলাৰ সাজ-সজ্জাৰ প্ৰতি যথেষ্ট দুৰ্বলতা আছে। আনকি এই বয়সতো, তেওঁৰ খোৱা-পিন্ধা আদিৰ ৰুটিন খন  অতি পৰিপাটী। ৰাণীৰ উজ্জ্বল ছালৰ ৰহস্য জানিবলৈ বহুতেই ইচ্ছা কৰে। ৰাণীয়ে নে কি বস্তু ছালত ঘঁহে যাৰ বাবে তেওঁৰ ছাল খন ইমান উজ্জ্বল আৰু নিমজ হৈ আছে?

দৰাচলতে কেমিলাই ছালৰ যত্নৰ বাবে মৌমাখিৰ বিষ ব্যৱহাৰ কৰে। বহুতেই হয়তো এই কথা শুনি আচৰিত হ’ব।  দৰাচলতে ছালত বয়সৰ ছাপ পৰাটো  প্ৰতিহত কৰিবলৈ কেমিলাই মৌমাখিৰ বিষ ব্যৱহাৰ কৰে। মৌমাখিৰ বিষেৰে তৈয়াৰ কৰা এক বিশেষ ক্ৰীম ব্যৱহাৰ কৰাৰ বাবে তেওঁৰ ছালৰ ছালনিমজ হৈয়েই আছে।

বিখ্যাত মেকআপ শিল্পী ডেবৰা মিচেলে কেমিলাৰ বাবে সেই বিশেষ ক্ৰীম বিধ  তৈয়াৰ কৰি আহিছে। কিন্তু এই ক্ৰীমে কেনেদৰে কাম কৰে?

দৰাচলতে কাৰোৱাক দংশন কৰাৰ সময়ত মৌমাখিয়েএবিধ বিশে  তৰল নিষ্কাশন কৰে। ক্ৰীম বিধত সেই তৰলেই  ব্যৱহাৰ কৰা হয়।  তেনে ক্ৰীম ছালত  য'তেই ব্যৱহাৰ কৰা হয়, তাতেই কোনোবাই হুল বিন্ধাই  দিয়াৰ দৰে বিষ হয়। ফলত ছালৰ সেই অংশত ৰক্ত সঞ্চালনৰ হাৰ বৃদ্ধি হয়।

ইয়াৰ ফলতে ছালৰ  সেই অংশত কোলাজেন উৎপাদনৰ হাৰো বৃদ্ধি হয়। ছালত বয়সৰ প্ৰভাৱ প্ৰতিহত কৰাত কোলাজেন অতি প্ৰয়োজনীয়। দক্ষিণ কোৰিয়াতো  ছালৰ যত্নত মৌমাখিৰ বিষ বহুলভাৱে ব্যৱহাৰ কৰা হয়। সেই একেই পদ্ধতি ব্যৱহাৰ কৰি ৰাণী কেমিলা পাৰ্কাৰ হৈ আছে ’চিৰ যৌৱনা’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ