--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটেইনৰ  ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ পিছতে ব্ৰিটিছ ৰাজবংশৰ পৰম্পৰা অনুসৰি  তেওঁৰ পুত্ৰ তৃতীয় চাৰ্লছ সিংহাসনত বহিছে। মাতৃৰ দৰেই তৃতীয় চাৰ্লছো এগৰাকী উদ্যমী ব্যক্তি। চাৰ্লছৰ বৰ্তমানৰ পত্নী কেমিলা পাৰ্কাৰ এতিয়া ব্ৰিটেইনৰ ৰাণী। ৰাণী বুলিয়েই নহয়, ৰাজ পৰিয়ালৰ এগৰাকী সদস্যা হিচাবে কেমিলা পাৰ্কাৰ আগৰে পৰাই চৌখিন। 

ৰূপ চৰ্চাত তেওঁ ভালেখিনি সময় খৰচ কৰি আহিছে।ৰজাৰ পত্নী কেমিলা পাৰ্কাৰৰ  বয়স ৭১ বছৰ। তথাপি তেওঁ বাৰ্দ্বক্যক যেন কাষ চাপিবলৈ দিব নিবিচাৰে।আন  দহ গৰাকী মহিলাৰ দৰেই কেমিলাৰ সাজ-সজ্জাৰ প্ৰতি যথেষ্ট দুৰ্বলতা আছে। আনকি এই বয়সতো, তেওঁৰ খোৱা-পিন্ধা আদিৰ ৰুটিন খন  অতি পৰিপাটী। ৰাণীৰ উজ্জ্বল ছালৰ ৰহস্য জানিবলৈ বহুতেই ইচ্ছা কৰে। ৰাণীয়ে নে কি বস্তু ছালত ঘঁহে যাৰ বাবে তেওঁৰ ছাল খন ইমান উজ্জ্বল আৰু নিমজ হৈ আছে?

দৰাচলতে কেমিলাই ছালৰ যত্নৰ বাবে মৌমাখিৰ বিষ ব্যৱহাৰ কৰে। বহুতেই হয়তো এই কথা শুনি আচৰিত হ’ব।  দৰাচলতে ছালত বয়সৰ ছাপ পৰাটো  প্ৰতিহত কৰিবলৈ কেমিলাই মৌমাখিৰ বিষ ব্যৱহাৰ কৰে। মৌমাখিৰ বিষেৰে তৈয়াৰ কৰা এক বিশেষ ক্ৰীম ব্যৱহাৰ কৰাৰ বাবে তেওঁৰ ছালৰ ছালনিমজ হৈয়েই আছে।

বিখ্যাত মেকআপ শিল্পী ডেবৰা মিচেলে কেমিলাৰ বাবে সেই বিশেষ ক্ৰীম বিধ  তৈয়াৰ কৰি আহিছে। কিন্তু এই ক্ৰীমে কেনেদৰে কাম কৰে?

দৰাচলতে কাৰোৱাক দংশন কৰাৰ সময়ত মৌমাখিয়েএবিধ বিশে  তৰল নিষ্কাশন কৰে। ক্ৰীম বিধত সেই তৰলেই  ব্যৱহাৰ কৰা হয়।  তেনে ক্ৰীম ছালত  য'তেই ব্যৱহাৰ কৰা হয়, তাতেই কোনোবাই হুল বিন্ধাই  দিয়াৰ দৰে বিষ হয়। ফলত ছালৰ সেই অংশত ৰক্ত সঞ্চালনৰ হাৰ বৃদ্ধি হয়।

ইয়াৰ ফলতে ছালৰ  সেই অংশত কোলাজেন উৎপাদনৰ হাৰো বৃদ্ধি হয়। ছালত বয়সৰ প্ৰভাৱ প্ৰতিহত কৰাত কোলাজেন অতি প্ৰয়োজনীয়। দক্ষিণ কোৰিয়াতো  ছালৰ যত্নত মৌমাখিৰ বিষ বহুলভাৱে ব্যৱহাৰ কৰা হয়। সেই একেই পদ্ধতি ব্যৱহাৰ কৰি ৰাণী কেমিলা পাৰ্কাৰ হৈ আছে ’চিৰ যৌৱনা’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ