--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ম্যানমাৰত আকৌ জুণ্টাৰ নৃশংসতাই গণতন্ত্ৰকামী জনতাক হতবাক কৰি তুলিলে। গুলী-বাৰুদেৰে গণতন্ত্ৰকামী জনতাক অৱদমন কৰি ৰখা জুণ্টা প্ৰশাসনে   আজি দেশ খনৰ উত্তৰ-মধ্য অংশৰ এখন বিদ্যালয়ত আকাশমাৰ্গৰ পৰা  আক্ৰমণ চলাই ১৩ গৰাকী লোকক হত্যা কৰে। নিহতসকলৰ বিতৰত সাতটা শিশুও আছে। 

জানিব পৰা মতে  চাগাইং অঞ্চলৰ টাবায়িনত সেনাই হেলিকপ্তাৰ ব্যৱহাৰ কৰি এই আক্ৰমণ চলায়। দেশৰ দ্বিতীয় বৃহত্তম চহৰ মান্দালয়ৰ পৰা প্ৰায় ১১০ কিলোমিটাৰ (৭০ মাইল) উত্তৰ-পশ্চিমত থকা চহৰ খনত ঘটিছে এই আক্ৰমণৰ ঘটন।চাৰিখন এমআই-৩৫ হেলিকপ্টাৰেৰে সেনাই বিদ্যালয় খনত আক্ৰমণ চলায়। উৰি আছিল। দুখন হেলিকপ্তাৰে  গাওঁখনৰ বৌদ্ধ মঠৰ চৌহদত অৱস্থিত বিদ্যালয়খনত মেচিনগানেৰে ধাৰাসাৰ গুলীবৰ্ষণ কৰে। ফলত লোক ১৩ জনৰ মৃত্যু হয়।

শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে বিগত এবছৰত সামৰিক বাহিনীৰ অত্যাচাৰত মৃত্যু হৈছে
১ হাজাৰ ৫০০ জনৰো অধিক প্ৰতিবাদকাৰীৰ ।

এই প্ৰতিবেদন দাখিল কৰিছে ৰাষ্ট্রসংঘৰ মানবাধিকাৰ দপ্তৰে। ফেচিষ্ট চৰকাৰে সম্পূর্ণ বেআইনিভাবে আটক কৰিছে
১১ হাজাৰ ৭৮৭ জন গণতন্ত্রকামীক।

তেওঁলোকৰ মাজত ৯ হাজাৰ আন্দোলনকাৰীক এতিয়াও বন্দী কৰি ৰাখিছে সেনাই। 
ম্যানমাৰত সশস্ত্ৰ সংঘৰ্ষত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু কেইবাহাজাৰলৈ বৃদ্ধি পাব পাৰে বুলি ৰাষ্ট্রসংঘই প্ৰকাশ কৰিছে।

উল্লেখ্য যে, ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ম্যানমাৰত সামৰিক অভ্যুত্থান সংঘটিত হয়।  চ্যু কীৰ নিৰ্বাচিত চৰকাৰখন সেনাই উৎখাত কৰি শাসনভাৰ নিজৰ হাতলৈ নিছিল।তেতিয়াৰে পৰা সেনাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে ম্যানমাৰৰ জনতাই।










FOLLOW US F
POPULAR
FEATURE
TRENDY
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান