--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ম্যানমাৰত আকৌ জুণ্টাৰ নৃশংসতাই গণতন্ত্ৰকামী জনতাক হতবাক কৰি তুলিলে। গুলী-বাৰুদেৰে গণতন্ত্ৰকামী জনতাক অৱদমন কৰি ৰখা জুণ্টা প্ৰশাসনে   আজি দেশ খনৰ উত্তৰ-মধ্য অংশৰ এখন বিদ্যালয়ত আকাশমাৰ্গৰ পৰা  আক্ৰমণ চলাই ১৩ গৰাকী লোকক হত্যা কৰে। নিহতসকলৰ বিতৰত সাতটা শিশুও আছে। 

জানিব পৰা মতে  চাগাইং অঞ্চলৰ টাবায়িনত সেনাই হেলিকপ্তাৰ ব্যৱহাৰ কৰি এই আক্ৰমণ চলায়। দেশৰ দ্বিতীয় বৃহত্তম চহৰ মান্দালয়ৰ পৰা প্ৰায় ১১০ কিলোমিটাৰ (৭০ মাইল) উত্তৰ-পশ্চিমত থকা চহৰ খনত ঘটিছে এই আক্ৰমণৰ ঘটন।চাৰিখন এমআই-৩৫ হেলিকপ্টাৰেৰে সেনাই বিদ্যালয় খনত আক্ৰমণ চলায়। উৰি আছিল। দুখন হেলিকপ্তাৰে  গাওঁখনৰ বৌদ্ধ মঠৰ চৌহদত অৱস্থিত বিদ্যালয়খনত মেচিনগানেৰে ধাৰাসাৰ গুলীবৰ্ষণ কৰে। ফলত লোক ১৩ জনৰ মৃত্যু হয়।

শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে বিগত এবছৰত সামৰিক বাহিনীৰ অত্যাচাৰত মৃত্যু হৈছে
১ হাজাৰ ৫০০ জনৰো অধিক প্ৰতিবাদকাৰীৰ ।

এই প্ৰতিবেদন দাখিল কৰিছে ৰাষ্ট্রসংঘৰ মানবাধিকাৰ দপ্তৰে। ফেচিষ্ট চৰকাৰে সম্পূর্ণ বেআইনিভাবে আটক কৰিছে
১১ হাজাৰ ৭৮৭ জন গণতন্ত্রকামীক।

তেওঁলোকৰ মাজত ৯ হাজাৰ আন্দোলনকাৰীক এতিয়াও বন্দী কৰি ৰাখিছে সেনাই। 
ম্যানমাৰত সশস্ত্ৰ সংঘৰ্ষত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু কেইবাহাজাৰলৈ বৃদ্ধি পাব পাৰে বুলি ৰাষ্ট্রসংঘই প্ৰকাশ কৰিছে।

উল্লেখ্য যে, ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ম্যানমাৰত সামৰিক অভ্যুত্থান সংঘটিত হয়।  চ্যু কীৰ নিৰ্বাচিত চৰকাৰখন সেনাই উৎখাত কৰি শাসনভাৰ নিজৰ হাতলৈ নিছিল।তেতিয়াৰে পৰা সেনাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে ম্যানমাৰৰ জনতাই।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ