--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জ্যেষ্ঠ কংগ্ৰেছ নেতা ছলমান খুৰ্ছিদে শনিবাৰে পৰামৰ্শ দিছিল যে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ’ (চিবিআই) আৰু প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি)এটা স্বতন্ত্ৰ সংস্থালৈ আহিব লাগে। 


তেওঁ তেওঁৰ পৰামৰ্শক উৰ্দ্ধৃতি দি কয় যে, ভাৰতৰ মুখ্য ন্যায়াধীশ (চিজেআই) এনভি ৰমনাৰ শেহতীয়া এই কথাই কৈছিল। সংবাদ মাধ্যমৰ আগত খুৰ্ছিদে কয় যে, ‘কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহে (ইডি, চিবিআই) এটা স্বতন্ত্ৰ ছাতিৰ তললৈ আহিব লাগে’, দেশৰ মুখ্য ন্যায়াধীশেও এইটো কথাকে কৈছিল। লগতে তেওঁ কয় যে, বিজেপিয়ে দেশৰ বিৰোধী শিবিৰক মষিমূৰ কৰিব বিচাৰিছে, লগতে তেওঁলোকে দেশত একনায়কত্ববাদ প্ৰতিষ্ঠা কৰিব বিচাৰিছে।
                
যোৱা মাহত, চুপ্ৰিম কৰ্টৰ মুখ্য ন্যায়ধীশে ৰমনাই এক মন্তব্যই আলোড়নৰ সৃষ্টি কৰিছিল তেওঁ কৈছিল যে চিবিআইৰ বিশ্বাস যোগ্যতা সময়ৰ লগে লগে হেৰুৱাব লৈছে কিয়নো ইয়াৰ কাৰ্য-কলাপ আৰু নিষ্ক্ৰিয়তাই কিছুমান ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰিছে।
তেওঁ লগতে বিভিন্ন অনুসন্ধানকাৰী সংস্থাক এটা ছাতিৰ তললৈ অনাৰ বাবে এটা ‘স্বতন্ত্ৰ ছাতি প্ৰতিষ্ঠান’ গঢ়ি তুলিবলৈও আহ্বান জনাইছিল।
ইফালে, কংগ্ৰেছ দলৰ নেতৃত্বৰ সংকট সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰ দি ছলমান খুৰ্ছিদে কয় যে দলটোত নেতৃত্বৰ কোনো সংকট নাই। দলটোত এতিয়াও এনে বহু নেতা আছে যিয়ে দীৰ্ঘদিন ধৰি সুখেৰে দেশৰ সেৱা আগবঢ়াই আহিছে।

লগতে তেওঁ কয় যে, আমি আমাৰ নেতাসকলৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ আৰু তেওঁলোকক লৈ আমি গৌৰৱ কৰো, প্ৰশংসা কৰোঁ। আমাৰ তেওঁলোকৰ ওপৰত বিশ্বাস আছে। কেইখনমান ঠাইত আমাৰ দল পৰাজিত হ’লেও, আমাৰ কংগ্ৰেছ দল পৰাজয় হোৱা নাই আমি যুঁজি যাম,-বুলি খুৰ্ছিদে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক