--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জ্যেষ্ঠ কংগ্ৰেছ নেতা ছলমান খুৰ্ছিদে শনিবাৰে পৰামৰ্শ দিছিল যে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ’ (চিবিআই) আৰু প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি)এটা স্বতন্ত্ৰ সংস্থালৈ আহিব লাগে। 


তেওঁ তেওঁৰ পৰামৰ্শক উৰ্দ্ধৃতি দি কয় যে, ভাৰতৰ মুখ্য ন্যায়াধীশ (চিজেআই) এনভি ৰমনাৰ শেহতীয়া এই কথাই কৈছিল। সংবাদ মাধ্যমৰ আগত খুৰ্ছিদে কয় যে, ‘কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহে (ইডি, চিবিআই) এটা স্বতন্ত্ৰ ছাতিৰ তললৈ আহিব লাগে’, দেশৰ মুখ্য ন্যায়াধীশেও এইটো কথাকে কৈছিল। লগতে তেওঁ কয় যে, বিজেপিয়ে দেশৰ বিৰোধী শিবিৰক মষিমূৰ কৰিব বিচাৰিছে, লগতে তেওঁলোকে দেশত একনায়কত্ববাদ প্ৰতিষ্ঠা কৰিব বিচাৰিছে।
                
যোৱা মাহত, চুপ্ৰিম কৰ্টৰ মুখ্য ন্যায়ধীশে ৰমনাই এক মন্তব্যই আলোড়নৰ সৃষ্টি কৰিছিল তেওঁ কৈছিল যে চিবিআইৰ বিশ্বাস যোগ্যতা সময়ৰ লগে লগে হেৰুৱাব লৈছে কিয়নো ইয়াৰ কাৰ্য-কলাপ আৰু নিষ্ক্ৰিয়তাই কিছুমান ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰিছে।
তেওঁ লগতে বিভিন্ন অনুসন্ধানকাৰী সংস্থাক এটা ছাতিৰ তললৈ অনাৰ বাবে এটা ‘স্বতন্ত্ৰ ছাতি প্ৰতিষ্ঠান’ গঢ়ি তুলিবলৈও আহ্বান জনাইছিল।
ইফালে, কংগ্ৰেছ দলৰ নেতৃত্বৰ সংকট সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰ দি ছলমান খুৰ্ছিদে কয় যে দলটোত নেতৃত্বৰ কোনো সংকট নাই। দলটোত এতিয়াও এনে বহু নেতা আছে যিয়ে দীৰ্ঘদিন ধৰি সুখেৰে দেশৰ সেৱা আগবঢ়াই আহিছে।

লগতে তেওঁ কয় যে, আমি আমাৰ নেতাসকলৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ আৰু তেওঁলোকক লৈ আমি গৌৰৱ কৰো, প্ৰশংসা কৰোঁ। আমাৰ তেওঁলোকৰ ওপৰত বিশ্বাস আছে। কেইখনমান ঠাইত আমাৰ দল পৰাজিত হ’লেও, আমাৰ কংগ্ৰেছ দল পৰাজয় হোৱা নাই আমি যুঁজি যাম,-বুলি খুৰ্ছিদে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু