--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটিছৰ বিৰুদ্ধে এটা সময়ত ভাৰতীয়ই সংগ্ৰাম কৰিছিল। স্বাধীনতাৰ দাবীত হোৱা এই সংগ্ৰামত বহু ভাৰতীয় শ্বহীদ হৈছিল। অৱশেষত ১৫ আগষ্ট, ১৯৪৭ত ব্ৰিটিছে ভাৰতক স্বাধীনতা দিবলৈ বাধ্য হৈছিল। ভাৰতৰ স্বাধীনতাৰ চেতনাক অৱদমন কৰি ৰখা সেই ব্ৰিটিছেই এতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত বজাইছে।

সেই দৃশ্য দেখি আপ্লুত হৈ পৰিছে বহু ভাৰতীয়।  ভাৰতীয় সুৰকাৰ ৰিকি কেজৰ নেতৃত্বত ব্ৰিটিছ শিল্পীয়ে অতি সুন্দৰ ভাবে পৰিবেশন কৰিলে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আনকি এই সংগীত শুনি  অভিভূত হৈ পৰিছে। 

ভাৰতীয় বংশোদ্ভূত ৰিকি কেজ বিদেশৰ সংগীত জগতত যথেষ্ট জনপ্ৰিয়। তেওঁ তিনিটাকৈ  গ্ৰেমী বঁটা লাভ কৰিছে। ছ'চিয়েল মিডিয়াত  ৰাষ্ট্ৰীয় সংগীতৰ ভিডিঅ' শ্বেয়াৰ কৰি ৰিকিয়ে  কয় যে কেইদিনমান পূৰ্বে ব্ৰিটিছ শিল্পীসকলে ১০০ টা বাদ্যযন্ত্ৰৰ জৰিয়তে ভাৰতীয় জাতীয় সংগীত বজাইছিল। ৰেকৰ্ডিং লণ্ডনৰ বিখ্যাত আব্বে ৰোড ষ্টুডিঅ'ত হৈছিল।



  এই প্ৰসংগতে ৰিকিয়ে লিখিছে , "এই অৰ্কেষ্ট্ৰাই সৰ্বাধিক সংখ্যক বাদ্যযন্ত্ৰৰ সৈতে ভাৰতীয় জাতীয় সংগীত বজাই এটা অভিলেখ গঢ়িছে ।  মই এজন ভাৰতীয় সংগীত পৰিচালক হিচাপে গৌৰৱান্বিত । "

 সুৰকাৰজনে লগতে  লিখিছিল, "মই স্বাধীনতা দিৱসত এই ঐতিহাসিক ৰেকৰ্ডিং সকলোৰে বাবে আগবঢ়াইছো।  এয়া চাওঁক, শ্বেয়াৰ কৰক, কিন্তু সন্মানৰ সৈতে। এয়া এতিয়া আপোনাৰ। জয় হিন্দ। ৰিকিয়ে তেওঁৰ পোষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো টেগ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস