--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটিছৰ বিৰুদ্ধে এটা সময়ত ভাৰতীয়ই সংগ্ৰাম কৰিছিল। স্বাধীনতাৰ দাবীত হোৱা এই সংগ্ৰামত বহু ভাৰতীয় শ্বহীদ হৈছিল। অৱশেষত ১৫ আগষ্ট, ১৯৪৭ত ব্ৰিটিছে ভাৰতক স্বাধীনতা দিবলৈ বাধ্য হৈছিল। ভাৰতৰ স্বাধীনতাৰ চেতনাক অৱদমন কৰি ৰখা সেই ব্ৰিটিছেই এতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত বজাইছে।

সেই দৃশ্য দেখি আপ্লুত হৈ পৰিছে বহু ভাৰতীয়।  ভাৰতীয় সুৰকাৰ ৰিকি কেজৰ নেতৃত্বত ব্ৰিটিছ শিল্পীয়ে অতি সুন্দৰ ভাবে পৰিবেশন কৰিলে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আনকি এই সংগীত শুনি  অভিভূত হৈ পৰিছে। 

ভাৰতীয় বংশোদ্ভূত ৰিকি কেজ বিদেশৰ সংগীত জগতত যথেষ্ট জনপ্ৰিয়। তেওঁ তিনিটাকৈ  গ্ৰেমী বঁটা লাভ কৰিছে। ছ'চিয়েল মিডিয়াত  ৰাষ্ট্ৰীয় সংগীতৰ ভিডিঅ' শ্বেয়াৰ কৰি ৰিকিয়ে  কয় যে কেইদিনমান পূৰ্বে ব্ৰিটিছ শিল্পীসকলে ১০০ টা বাদ্যযন্ত্ৰৰ জৰিয়তে ভাৰতীয় জাতীয় সংগীত বজাইছিল। ৰেকৰ্ডিং লণ্ডনৰ বিখ্যাত আব্বে ৰোড ষ্টুডিঅ'ত হৈছিল।



  এই প্ৰসংগতে ৰিকিয়ে লিখিছে , "এই অৰ্কেষ্ট্ৰাই সৰ্বাধিক সংখ্যক বাদ্যযন্ত্ৰৰ সৈতে ভাৰতীয় জাতীয় সংগীত বজাই এটা অভিলেখ গঢ়িছে ।  মই এজন ভাৰতীয় সংগীত পৰিচালক হিচাপে গৌৰৱান্বিত । "

 সুৰকাৰজনে লগতে  লিখিছিল, "মই স্বাধীনতা দিৱসত এই ঐতিহাসিক ৰেকৰ্ডিং সকলোৰে বাবে আগবঢ়াইছো।  এয়া চাওঁক, শ্বেয়াৰ কৰক, কিন্তু সন্মানৰ সৈতে। এয়া এতিয়া আপোনাৰ। জয় হিন্দ। ৰিকিয়ে তেওঁৰ পোষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো টেগ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি