--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলচ্চিত্ৰ সমালোচক তৰণ আদৰ্শৰ মতে 'দ্য কাশ্মীৰ ফাইলছ'-এ এতিয়ালৈকে ভাৰতত ১৯০ কোটি টকাৰ ব্যৱসায় কৰিছে। ২০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰাৰ দিশে ছবিখন। ব্যৱসায়ৰ দিশৰ পৰা ছবিখনে অভূতপূৰ্ব সফলতাৰ মুখ দেখিলেও ছবিখনক লৈ অব্যাহত আছে তুমুল বিতৰ্কৰ। আমীৰ খান, নানা পাটেকাৰৰ পাছত এইবাৰ মিথুন চক্ৰৱৰ্তীৰ বোৱাৰী মাদলছা শৰ্মাই 'দ্য কাশ্মীৰ ফাইলছ' ছবিখনক লৈ মন্তব্য কৰিছে। হিন্দী টেলিভিছনৰ অভিনেত্ৰীগৰাকীৰ এই মন্তব্যই সম্প্ৰতি সকলোৰে দৃষ্টি কাঢ়িছে। স্মৰ্তব্য যে, বিবেক অগ্নিহোত্ৰী পৰিচালিত 'দ্য কাশ্মীৰ ফাইলছ' ছবিখনে ১১ মাৰ্চত ছবিগৃহত মুক্তিলাভ কৰিছিল। ’৯০ ৰ দশকত কাশ্মীৰী পণ্ডিতসকলক কেনেকৈ কাশ্মীৰৰ পৰা উৎখাত কৰা হৈছিল, পৰিয়ালৰ ওপৰত কেনেদৰে অত্যাচাৰ সংঘটিত হৈছিল তাৰ প্ৰকৃত ছবি চিত্ৰিত কৰিবলৈ চেষ্টা কৰা বুলি দাবী কৰি আহিছে পৰিচালকে। ছবিখনত মিথুন চক্ৰৱৰ্তীয়ে আইএএছ বিষয়া ব্ৰহ্ম দত্তৰ চৰিত্ৰত অভিনয় কৰিছে। সকলো ঘটনাৰ অন্যতম সাক্ষী হিচাপে চৰিত্ৰটোৰে দেখুওৱা হৈছে। মিথুন চক্ৰৱৰ্তীৰ বোৱাৰী মাদলছা শৰ্মাই কয়, ‘ছিৰিয়েলৰ শ্বুটিঙত ব্যস্ত থকাৰ বাবে এতিয়ালৈকে মই চিনেমাখন চাব পৰা নাই। 'দ্য কাশ্মীৰ ফাইলছ' সম্পৰ্কে বিয়পি পৰা নেতিবাচক কথাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচৰা নাই মাদলছাই। তেওঁ কয়, ‘ছবিখন তথ্যসমৃদ্ধ আৰু সুন্দৰভাৱে তৈয়াৰ কৰা হৈছে। আৰু অভিনেতাসকলে অসাধাৰণ অভিনয় কৰিছে।’   ‘কাশ্মীৰ ফাইলছ’ত গীত গোৱাৰ কথা আছিল লতাজীৰ! পৰিচালকে সদৰি কৰিলে বহু অজানা কথা অভিনেত্ৰী শীলা শৰ্মাৰ জীয়ৰী মাদালছা। ২০০৯ চনত তেলেগু চলচ্চিত্ৰ 'ফিটিং মাষ্টাৰ'ৰ জৰিয়তে গ্লেমাৰ জগতত প্ৰৱেশ কৰিছিল তেওঁ। ইয়াৰোপৰি 'এঞ্জেল', 'প্যাসা হো প্যাসা'ৰ দৰে কেইবাখনো হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে তেওঁ। অৱশ্যে, ডাঙৰ পৰ্দাত এতিয়াও বিশেষ সফলতা লাভ কৰা নাই মিথুনৰ বোৱাৰীয়ে। মাদলছা এতিয়া সৰু পৰ্দাত মনোনিবেশ কৰিছে। সম্প্ৰতি 'শ্ৰীময়ী'ৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিৰ্মাণ কৰা হিন্দী ধাৰাবাহিক 'অনুপমা'ত কাব্যৰ চৰিত্ৰত অভিনয় কৰিছে তেওঁ। উল্লেখ্য যে, মাদলছা ২০১৮ চনত মিথুনৰ পুত্ৰ মহাক্ষয় চক্ৰৱৰ্তীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাষ্ট্ৰীয় ৰেংকিং টেনিছৰ ছুপাৰ ছিৰিজ খিতাপ জয় অসম কন্যা ফাগুন জ্যোতিৰ
মধ্যপ্ৰদেশৰ বাৰগী বান্ধত শোকাবহ নাও দুৰ্ঘটনা: ৯ জনৰ সলিল সমাধি, উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ
ধৰ্মীয় অনুভূতিত আঘাতৰ গোচৰ: ভাৰতী সিং আৰু শেখৰ সুমনক বম্বে উচ্চ ন্যায়ালয়ৰ বৃহৎ সকাহ
দুর্ভিক্ষৰ কৰাল গ্ৰাসত পৰিব বিশ্বৰ ১.২ কোটি লোক
অনলাইন খাদ্য ব্যৱসায়ত FSSAIৰ কঠোৰ পদক্ষেপ ;ই-কমাৰ্চ কোম্পানীক ৬ লাখ টকাৰ জৰিমনা
বীমা কোম্পানীৰ মনমৰ্জি নচলিব: সময়সীমাৰ দোহাই দি দাবী নাকচ কৰাত বোম্বাই উচ্চ ন্যায়ালয়ৰ বাধা
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী