--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলচ্চিত্ৰ সমালোচক তৰণ আদৰ্শৰ মতে 'দ্য কাশ্মীৰ ফাইলছ'-এ এতিয়ালৈকে ভাৰতত ১৯০ কোটি টকাৰ ব্যৱসায় কৰিছে। ২০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰাৰ দিশে ছবিখন। ব্যৱসায়ৰ দিশৰ পৰা ছবিখনে অভূতপূৰ্ব সফলতাৰ মুখ দেখিলেও ছবিখনক লৈ অব্যাহত আছে তুমুল বিতৰ্কৰ। আমীৰ খান, নানা পাটেকাৰৰ পাছত এইবাৰ মিথুন চক্ৰৱৰ্তীৰ বোৱাৰী মাদলছা শৰ্মাই 'দ্য কাশ্মীৰ ফাইলছ' ছবিখনক লৈ মন্তব্য কৰিছে। হিন্দী টেলিভিছনৰ অভিনেত্ৰীগৰাকীৰ এই মন্তব্যই সম্প্ৰতি সকলোৰে দৃষ্টি কাঢ়িছে। স্মৰ্তব্য যে, বিবেক অগ্নিহোত্ৰী পৰিচালিত 'দ্য কাশ্মীৰ ফাইলছ' ছবিখনে ১১ মাৰ্চত ছবিগৃহত মুক্তিলাভ কৰিছিল। ’৯০ ৰ দশকত কাশ্মীৰী পণ্ডিতসকলক কেনেকৈ কাশ্মীৰৰ পৰা উৎখাত কৰা হৈছিল, পৰিয়ালৰ ওপৰত কেনেদৰে অত্যাচাৰ সংঘটিত হৈছিল তাৰ প্ৰকৃত ছবি চিত্ৰিত কৰিবলৈ চেষ্টা কৰা বুলি দাবী কৰি আহিছে পৰিচালকে। ছবিখনত মিথুন চক্ৰৱৰ্তীয়ে আইএএছ বিষয়া ব্ৰহ্ম দত্তৰ চৰিত্ৰত অভিনয় কৰিছে। সকলো ঘটনাৰ অন্যতম সাক্ষী হিচাপে চৰিত্ৰটোৰে দেখুওৱা হৈছে। মিথুন চক্ৰৱৰ্তীৰ বোৱাৰী মাদলছা শৰ্মাই কয়, ‘ছিৰিয়েলৰ শ্বুটিঙত ব্যস্ত থকাৰ বাবে এতিয়ালৈকে মই চিনেমাখন চাব পৰা নাই। 'দ্য কাশ্মীৰ ফাইলছ' সম্পৰ্কে বিয়পি পৰা নেতিবাচক কথাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচৰা নাই মাদলছাই। তেওঁ কয়, ‘ছবিখন তথ্যসমৃদ্ধ আৰু সুন্দৰভাৱে তৈয়াৰ কৰা হৈছে। আৰু অভিনেতাসকলে অসাধাৰণ অভিনয় কৰিছে।’   ‘কাশ্মীৰ ফাইলছ’ত গীত গোৱাৰ কথা আছিল লতাজীৰ! পৰিচালকে সদৰি কৰিলে বহু অজানা কথা অভিনেত্ৰী শীলা শৰ্মাৰ জীয়ৰী মাদালছা। ২০০৯ চনত তেলেগু চলচ্চিত্ৰ 'ফিটিং মাষ্টাৰ'ৰ জৰিয়তে গ্লেমাৰ জগতত প্ৰৱেশ কৰিছিল তেওঁ। ইয়াৰোপৰি 'এঞ্জেল', 'প্যাসা হো প্যাসা'ৰ দৰে কেইবাখনো হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে তেওঁ। অৱশ্যে, ডাঙৰ পৰ্দাত এতিয়াও বিশেষ সফলতা লাভ কৰা নাই মিথুনৰ বোৱাৰীয়ে। মাদলছা এতিয়া সৰু পৰ্দাত মনোনিবেশ কৰিছে। সম্প্ৰতি 'শ্ৰীময়ী'ৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিৰ্মাণ কৰা হিন্দী ধাৰাবাহিক 'অনুপমা'ত কাব্যৰ চৰিত্ৰত অভিনয় কৰিছে তেওঁ। উল্লেখ্য যে, মাদলছা ২০১৮ চনত মিথুনৰ পুত্ৰ মহাক্ষয় চক্ৰৱৰ্তীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু