--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উখল-মাখল সোনমৰ পদূলি৷ নতুন খবৰে আনন্দিত কৰিছে পৰিয়ালটোক৷ কাৰণ সোনম কাপুৰৰ ঘৰত আগমন ঘটিব এটি নতুন আলহীৰ৷ মা হ'বলৈ ওলাইছে বলীউডৰ অভিনেত্ৰী সোনম কাপুৰ৷ শেহতীয়াকৈ এইগৰাকী অভিনেত্ৰীয়ে তেওঁৰ প্ৰথম গৰ্ভধাৰণৰ কথা প্ৰকাশ কৰে৷ স্বামীৰ সৈতে উঠা কেইখনমান ফটো ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰি প্ৰকাশ কৰে এই কথা৷ অভিনেত্ৰী সোনমে এই কথা প্ৰকাশ কৰাৰ লগে-লগে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে৷ ইনষ্টাগ্ৰামত অভিনেত্ৰীগৰাকীক বলীউডৰ বহু তাৰকা আৰু শুভাকাংক্ষীসকলে শুভেচ্ছাও জ্ঞাপন কৰে৷ অভিনেত্ৰী কৰীণা কাপুৰে সোনমক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি লিখে যে “কেঁচুৱাটোৰ সৈতে খেলিবলৈ মই অপেক্ষাৰত৷” দিয়া মিৰ্জাই লিখিছে, “আপোনাৰ বাবে সু-খবৰ। অনন্যা পাণ্ডেয়ে লিখিছিল, অভিনন্দন।” সোনম কাপুৰৰে বলীউডত বহু কেইখন ছবিৰ দ্বাৰা দৰ্শকৰ মন জয় কৰিছে। ২০১৮ চনৰ মে’ মাহত আনন্দ আহুজাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল অভিনেত্ৰী সোনম কাপুৰ৷ অভিনেতা অনিল কাপুৰ আৰু সুনীতা কাপুৰৰ জ্যেষ্ঠ কন্যা সোনম। শেহতীয়াকৈ সোনম কাপুৰে ২০১৯ চনত মুক্তিলাভ কৰা ‘দ্য জয়া ফেক্টৰত’ অভিনয় কৰে৷ ইয়াৰ লগতে, ২০২০ চনত অনিল কাপুৰ আৰু অনুৰাগ কাশ্যপৰ নেটফ্লিস্কত সম্প্ৰচাৰিত “AK vs AK”ত এটা কেমিঅ’ (এটা সৰু চৰিত্ৰ, য’ত কোনো বলিষ্ঠ অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰে) ৰোলত দেখিবলৈ পোৱা গৈছিল৷ সোনম আৰু আনন্দ আহুজাৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি পিতৃ তথা প্ৰবীণ অভিনেতা অনিল কাপুৰে তেওঁৰ কন্যাৰ বাবে এটা বিশেষ টোকা লিখে। য’ত তেওঁ কয় ‘‘এতিয়া মোৰ জীৱনৰ আটাইতকৈ ৰোমাঞ্চকৰ ভূমিকাৰ বাবে প্ৰস্তুতি চলাই আছো - ককাদেউতা। সোনম কাপুৰ আৰু আনন্দ আহুজাই দিয়া এই খবৰটোৱে আমাক অন্তত্য সুখী কৰি তুলিছে৷”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য