--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উখল-মাখল সোনমৰ পদূলি৷ নতুন খবৰে আনন্দিত কৰিছে পৰিয়ালটোক৷ কাৰণ সোনম কাপুৰৰ ঘৰত আগমন ঘটিব এটি নতুন আলহীৰ৷ মা হ'বলৈ ওলাইছে বলীউডৰ অভিনেত্ৰী সোনম কাপুৰ৷ শেহতীয়াকৈ এইগৰাকী অভিনেত্ৰীয়ে তেওঁৰ প্ৰথম গৰ্ভধাৰণৰ কথা প্ৰকাশ কৰে৷ স্বামীৰ সৈতে উঠা কেইখনমান ফটো ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰি প্ৰকাশ কৰে এই কথা৷ অভিনেত্ৰী সোনমে এই কথা প্ৰকাশ কৰাৰ লগে-লগে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে৷ ইনষ্টাগ্ৰামত অভিনেত্ৰীগৰাকীক বলীউডৰ বহু তাৰকা আৰু শুভাকাংক্ষীসকলে শুভেচ্ছাও জ্ঞাপন কৰে৷ অভিনেত্ৰী কৰীণা কাপুৰে সোনমক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি লিখে যে “কেঁচুৱাটোৰ সৈতে খেলিবলৈ মই অপেক্ষাৰত৷” দিয়া মিৰ্জাই লিখিছে, “আপোনাৰ বাবে সু-খবৰ। অনন্যা পাণ্ডেয়ে লিখিছিল, অভিনন্দন।” সোনম কাপুৰৰে বলীউডত বহু কেইখন ছবিৰ দ্বাৰা দৰ্শকৰ মন জয় কৰিছে। ২০১৮ চনৰ মে’ মাহত আনন্দ আহুজাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল অভিনেত্ৰী সোনম কাপুৰ৷ অভিনেতা অনিল কাপুৰ আৰু সুনীতা কাপুৰৰ জ্যেষ্ঠ কন্যা সোনম। শেহতীয়াকৈ সোনম কাপুৰে ২০১৯ চনত মুক্তিলাভ কৰা ‘দ্য জয়া ফেক্টৰত’ অভিনয় কৰে৷ ইয়াৰ লগতে, ২০২০ চনত অনিল কাপুৰ আৰু অনুৰাগ কাশ্যপৰ নেটফ্লিস্কত সম্প্ৰচাৰিত “AK vs AK”ত এটা কেমিঅ’ (এটা সৰু চৰিত্ৰ, য’ত কোনো বলিষ্ঠ অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰে) ৰোলত দেখিবলৈ পোৱা গৈছিল৷ সোনম আৰু আনন্দ আহুজাৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি পিতৃ তথা প্ৰবীণ অভিনেতা অনিল কাপুৰে তেওঁৰ কন্যাৰ বাবে এটা বিশেষ টোকা লিখে। য’ত তেওঁ কয় ‘‘এতিয়া মোৰ জীৱনৰ আটাইতকৈ ৰোমাঞ্চকৰ ভূমিকাৰ বাবে প্ৰস্তুতি চলাই আছো - ককাদেউতা। সোনম কাপুৰ আৰু আনন্দ আহুজাই দিয়া এই খবৰটোৱে আমাক অন্তত্য সুখী কৰি তুলিছে৷”

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ