--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা বছৰৰ জানুৱাৰী মাহত মুক্তি পাবলগীয়া শ্বাহৰুখ খানৰ ছবি পাঠানৰ প্ৰথমটো গীত বেশৰম ৰং আহিছিল আৰু গানটোৰ মুক্তিৰ পাছত কেইঘণ্টামানৰ ভিতৰতে সচাকৈয়ে ইয়াৰ ৰং হেৰুৱাই পেলাইছিল। মানুহে স্পষ্টকৈ নাকচ তথা ট্ৰলিং কৰিছিল গানটো।‌ তিনি মিনিটতকৈও অধিক সময়ৰ এই গীতটোৰ ভিডিঅ'টোৰ বিষয়ে আলোচনাৰ মূল কাৰণ হৈছে  দীপিকাৰ পাডুকনৰ বিকিনি লুকটো। এই লুকটোত দীপিকাক নিশ্চিতভাৱে ধুনীয়া দেখা গৈছে আৰু তাৰ বাবেই ইউটিউবত মানুহে এবাৰতকৈ অধিক গীতটো চাইছে। 

দীপিকাৰ বিকিনি লুকৰ আলোচনাৰ মাজতে ছবিখনৰ পৰিচালক সিদ্ধাৰ্থ আনন্দই এতিয়া মুখ খুলিছে। তেওঁ কৈছে যে দীপিকা কেৱল আমাৰ উদ্যোগৰ এগৰাকী মেধাৱী অভিনেত্ৰীয়েই  নহয়, প্ৰতিখন ছবিৰ লগে লগে তেওঁক অবিৰতভাৱে তেওঁ এখোজ আগুৱাই যায়। অতি আৰামদায়ক হৈ থকাৰ সময়তে দীপিকাক গ্লেমাৰাছ দেখা যায়। গতিকে যদি দীপিকা আপোনাৰ চিনেমাত আছে, তেন্তে তেওঁৰ ভাবমূর্তিৰ সৈতে ন্যায় কৰাটো আপোনাৰ দায়িত্ব হৈ পৰে। দীপিকাক বিকিনি লুকত উপস্থাপন কৰাৰ বিষয়ত সিদ্ধাৰ্থই কয় যে মই দীপিকাক আজিলৈকে তেওঁৰ আটাইতকৈ গ্লেমাৰাছ আৰু হ'ট লুক এটাত দেখুৱাব বিচাৰিছো। মই মোৰ দলৰ লগত এই বিষয়ে কথা পাতিছিলো আৰু দীপিকাক এই ষ্টাইলত দেখুওৱাটো আমাৰ বাবে এক মিছন হৈ পৰিছিল।

বচনা এ হাছিনো, টা ৰা ৰাম পাম, ৱাৰ আদি ছবি নিৰ্মাণ কৰা সিদ্ধাৰ্থৰ মতে, ছবিখনৰ শ্বুটিংৰ সময়ত, যেতিয়া সিদ্ধান্ত লোৱা হৈছিল যে স্পেইনৰ বিলত দীপিকা আৰু শ্বাহৰুখৰ ওপৰত গীতটোৰ শ্বুটিং কৰা হ’ব , তেওঁ নিজৰ দলৰ সৈতে সিদ্ধান্ত লয় যে যিমান পাৰি তেওঁ দীপিকাক পৰ্দাত হ'ট লুকত দেখুৱাব। আৰু এয়া সচাকৈয়ে বেশৰম ৰং গীতটো দেখি বুজিব পাৰি । কোৱা হয় যে দীপিকাইও গীতটোৰ শ্বুটিং আইডিয়াত সুখী হৈছিল আৰু বেশৰম ৰঙৰ শ্বুটিং কৰাৰ পূৰ্বে সিদ্ধাৰ্থক ককটেল, হেপি নিউ ইয়েৰ আৰু গেহৰায়িয়ানত তেওঁৰ লুকটো চাবলৈ কৈছিল। য’ত দীপিকাক যথেষ্ট গ্লেমাৰাছ তথা হ'ট লুকত দেখুওৱা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক