--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা বছৰৰ জানুৱাৰী মাহত মুক্তি পাবলগীয়া শ্বাহৰুখ খানৰ ছবি পাঠানৰ প্ৰথমটো গীত বেশৰম ৰং আহিছিল আৰু গানটোৰ মুক্তিৰ পাছত কেইঘণ্টামানৰ ভিতৰতে সচাকৈয়ে ইয়াৰ ৰং হেৰুৱাই পেলাইছিল। মানুহে স্পষ্টকৈ নাকচ তথা ট্ৰলিং কৰিছিল গানটো।‌ তিনি মিনিটতকৈও অধিক সময়ৰ এই গীতটোৰ ভিডিঅ'টোৰ বিষয়ে আলোচনাৰ মূল কাৰণ হৈছে  দীপিকাৰ পাডুকনৰ বিকিনি লুকটো। এই লুকটোত দীপিকাক নিশ্চিতভাৱে ধুনীয়া দেখা গৈছে আৰু তাৰ বাবেই ইউটিউবত মানুহে এবাৰতকৈ অধিক গীতটো চাইছে। 

দীপিকাৰ বিকিনি লুকৰ আলোচনাৰ মাজতে ছবিখনৰ পৰিচালক সিদ্ধাৰ্থ আনন্দই এতিয়া মুখ খুলিছে। তেওঁ কৈছে যে দীপিকা কেৱল আমাৰ উদ্যোগৰ এগৰাকী মেধাৱী অভিনেত্ৰীয়েই  নহয়, প্ৰতিখন ছবিৰ লগে লগে তেওঁক অবিৰতভাৱে তেওঁ এখোজ আগুৱাই যায়। অতি আৰামদায়ক হৈ থকাৰ সময়তে দীপিকাক গ্লেমাৰাছ দেখা যায়। গতিকে যদি দীপিকা আপোনাৰ চিনেমাত আছে, তেন্তে তেওঁৰ ভাবমূর্তিৰ সৈতে ন্যায় কৰাটো আপোনাৰ দায়িত্ব হৈ পৰে। দীপিকাক বিকিনি লুকত উপস্থাপন কৰাৰ বিষয়ত সিদ্ধাৰ্থই কয় যে মই দীপিকাক আজিলৈকে তেওঁৰ আটাইতকৈ গ্লেমাৰাছ আৰু হ'ট লুক এটাত দেখুৱাব বিচাৰিছো। মই মোৰ দলৰ লগত এই বিষয়ে কথা পাতিছিলো আৰু দীপিকাক এই ষ্টাইলত দেখুওৱাটো আমাৰ বাবে এক মিছন হৈ পৰিছিল।

বচনা এ হাছিনো, টা ৰা ৰাম পাম, ৱাৰ আদি ছবি নিৰ্মাণ কৰা সিদ্ধাৰ্থৰ মতে, ছবিখনৰ শ্বুটিংৰ সময়ত, যেতিয়া সিদ্ধান্ত লোৱা হৈছিল যে স্পেইনৰ বিলত দীপিকা আৰু শ্বাহৰুখৰ ওপৰত গীতটোৰ শ্বুটিং কৰা হ’ব , তেওঁ নিজৰ দলৰ সৈতে সিদ্ধান্ত লয় যে যিমান পাৰি তেওঁ দীপিকাক পৰ্দাত হ'ট লুকত দেখুৱাব। আৰু এয়া সচাকৈয়ে বেশৰম ৰং গীতটো দেখি বুজিব পাৰি । কোৱা হয় যে দীপিকাইও গীতটোৰ শ্বুটিং আইডিয়াত সুখী হৈছিল আৰু বেশৰম ৰঙৰ শ্বুটিং কৰাৰ পূৰ্বে সিদ্ধাৰ্থক ককটেল, হেপি নিউ ইয়েৰ আৰু গেহৰায়িয়ানত তেওঁৰ লুকটো চাবলৈ কৈছিল। য’ত দীপিকাক যথেষ্ট গ্লেমাৰাছ তথা হ'ট লুকত দেখুওৱা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু