--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিতৰ্ক নহয় এইবাৰ প্ৰেমত বিভোৰ ‘কন্ট্ৰভাৰ্ছী কুইন’ কংগনা । যিকোনো প্ৰকাৰেই নহওক কিয় বলীউডত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তোলা কংগনা ৰাণাৱটে আকৌ এবাৰ প্ৰেমত পৰিছে। খবৰটোৱে একাংশক হতচকিত কৰি তুলিলেও শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজে এই কথা স্বীকাৰ কৰিছে। অতি সোনকালে এই বিষয়ে প্ৰকাশ কৰিব বুলিও জনাইছে কংগনাই। পদ্মশ্ৰী বঁটা বিজয়ী অভিনেত্ৰীগৰাকীৰ হৃদয়ত এতিয়া প্ৰেমৰ স্পন্দন শুনিবলৈ পাইছে অনুৰাগীয়ে! স্মৰ্তব্য যে, এইগৰাকী অভিনেত্ৰীয়ে বলীউড অভিনেতা হৃত্বিক ৰোশনক ভাল পাইছিল। কিন্তু দুয়োৰে সম্পৰ্ক দীঘলীয়া নহ’ল। তেওঁলোকৰ এই সম্পৰ্কক লৈ বিতৰ্কৰো শেষ নাই। পাছে পুৰণি কথাবোৰ পাহৰি, কংগনাই জীৱনটো এইবাৰ নতুন ৰূপত চাবলৈ বিচাৰিছে। নতুন সপোন বুকুত বান্ধি সময়ৰ সৈতে খোজ দিয়াৰেই যেন দুৰ্বাৰ হেঁপাহ কংগনাৰ! ‘টাইমছ নাও’ৰ এক সন্মিলনত, বলীউড 'কুইন' খ্যাত কংগনাই আগন্তুক পাঁচ বছৰৰ বাবে এক বৃহত্‍ পৰিকল্পনা কৰা বুলি সদৰী কৰিছে। অভিনেত্ৰীগৰাকীয়ে নিজকে এগৰাকী পত্নী আৰু মাতৃ হিচাপে চাবলৈ আগ্ৰহী। তেতিয়াই তেওঁক প্ৰশ্ন কৰা হৈছিল, ‘কাৰোবাৰ সৈতে আপোনাৰ সম্পৰ্ক আছে নেকি? অতি সোনকালে তেওঁ এই বিষয়ে জনাব বুলি কয়। কিন্তু কংগনাৰ জীৱনত যে কোনোবা স্পেছিয়েল ব্যক্তিৰ আগমন ঘটিছে সেয়া সহজে অনুমেয়। এনেবোৰ কথাৰ মাজতে অতীতৰ স্মৃতি ৰোমন্থন কৰি কংগনাই কয়, ‘ইংৰাজী ক’ব নাজানা বাবে লাজ পাইছিলো। এটা মধ্যবিত্ত পৰিয়ালৰ পৰা আহিছিলো বাবে গ্লেমাৰ জগতত খোজ থৈ লাজ পাইছিলো।’ সেয়া যি কি নহওক, সদায় বিতৰ্কৰ মাজতে দেখিবলৈ পোৱা অভিনেত্ৰীগৰাকীৰ অকস্মাত্‍ এই পৰিবৰ্তনে হতবাক কৰি তুলিছে অনুৰাগী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য