--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিতৰ্ক নহয় এইবাৰ প্ৰেমত বিভোৰ ‘কন্ট্ৰভাৰ্ছী কুইন’ কংগনা । যিকোনো প্ৰকাৰেই নহওক কিয় বলীউডত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তোলা কংগনা ৰাণাৱটে আকৌ এবাৰ প্ৰেমত পৰিছে। খবৰটোৱে একাংশক হতচকিত কৰি তুলিলেও শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজে এই কথা স্বীকাৰ কৰিছে। অতি সোনকালে এই বিষয়ে প্ৰকাশ কৰিব বুলিও জনাইছে কংগনাই। পদ্মশ্ৰী বঁটা বিজয়ী অভিনেত্ৰীগৰাকীৰ হৃদয়ত এতিয়া প্ৰেমৰ স্পন্দন শুনিবলৈ পাইছে অনুৰাগীয়ে! স্মৰ্তব্য যে, এইগৰাকী অভিনেত্ৰীয়ে বলীউড অভিনেতা হৃত্বিক ৰোশনক ভাল পাইছিল। কিন্তু দুয়োৰে সম্পৰ্ক দীঘলীয়া নহ’ল। তেওঁলোকৰ এই সম্পৰ্কক লৈ বিতৰ্কৰো শেষ নাই। পাছে পুৰণি কথাবোৰ পাহৰি, কংগনাই জীৱনটো এইবাৰ নতুন ৰূপত চাবলৈ বিচাৰিছে। নতুন সপোন বুকুত বান্ধি সময়ৰ সৈতে খোজ দিয়াৰেই যেন দুৰ্বাৰ হেঁপাহ কংগনাৰ! ‘টাইমছ নাও’ৰ এক সন্মিলনত, বলীউড 'কুইন' খ্যাত কংগনাই আগন্তুক পাঁচ বছৰৰ বাবে এক বৃহত্‍ পৰিকল্পনা কৰা বুলি সদৰী কৰিছে। অভিনেত্ৰীগৰাকীয়ে নিজকে এগৰাকী পত্নী আৰু মাতৃ হিচাপে চাবলৈ আগ্ৰহী। তেতিয়াই তেওঁক প্ৰশ্ন কৰা হৈছিল, ‘কাৰোবাৰ সৈতে আপোনাৰ সম্পৰ্ক আছে নেকি? অতি সোনকালে তেওঁ এই বিষয়ে জনাব বুলি কয়। কিন্তু কংগনাৰ জীৱনত যে কোনোবা স্পেছিয়েল ব্যক্তিৰ আগমন ঘটিছে সেয়া সহজে অনুমেয়। এনেবোৰ কথাৰ মাজতে অতীতৰ স্মৃতি ৰোমন্থন কৰি কংগনাই কয়, ‘ইংৰাজী ক’ব নাজানা বাবে লাজ পাইছিলো। এটা মধ্যবিত্ত পৰিয়ালৰ পৰা আহিছিলো বাবে গ্লেমাৰ জগতত খোজ থৈ লাজ পাইছিলো।’ সেয়া যি কি নহওক, সদায় বিতৰ্কৰ মাজতে দেখিবলৈ পোৱা অভিনেত্ৰীগৰাকীৰ অকস্মাত্‍ এই পৰিবৰ্তনে হতবাক কৰি তুলিছে অনুৰাগী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ