--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক ২০০ কোটি টকাৰ হীৰাৰ আঙুঠিৰে প্ৰেম নিৱেদন কৰিছিল জালিয়াতিৰ গোচৰৰ অভিযুক্ত সুকেশ চন্দ্ৰশেখৰে। শেহতীয়া অনুসন্ধানত এই তথ্য পোহৰলৈ আহিছে। জানিবলৈ পোৱা মতে, সুকেশৰ সহকাৰী পিংকী ইৰাণীয়ে জেকলিনক তেওঁৰ সৈতে কথা পাতিবলৈ বাধ্য কৰাইছিল।ইয়াৰ পাছত, তেওঁ ভুৱা কলত অভিনয় কৰি জেকলিনৰ সৈতে নিজৰ ঘনিষ্ঠতা গঢ়ি তোলে। স্মৰ্তব্য যে, ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ পাছত বিবাদত লিপ্ত হৈ পৰিছিল সুকেশ-জেকলিন। সকলোখিনি কৰি দিয়া বাবে সুকেশে পিংকীক ১০ কোটি টকাৰ উপঢৌকন দিয়া বুলিও অনুসন্ধানত প্ৰকাশ পাইছে। ইয়াৰ পাছতে জেকলিনক মূল্যৱান হীৰাৰ আঙুঠিৰে প্ৰেম নিৱেদন কৰিছিল সুকেশ চন্দ্ৰশেখৰে। মন কৰিবলগীয়া যে, সেই আঙুঠিটোত জেকলিন আৰু সুকেশৰ নামৰ আদ্যক্ষৰো খোদিত আছিল। সুকেশৰ পৰা বহুতো মূল্যৱান উপহাৰ লাভ কৰিছিল জেকলিনে। অভিনেত্ৰীগৰাকীয়ে নিজেই প্ৰৱৰ্তন সঞ্চালকালয় (ইডি)ৰ জেৰাত এই কথা স্বীকাৰ কৰিছিল। আনহাতে, জেকলিনৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা বুলি ইতিমধ্যে স্বীকাৰ কৰিছে সুকেশে। এক বিবৃতিত তেওঁ কয়, ‘মই জেকলিনৰ সৈতে সম্পৰ্কত আছিলো। গতিকে, মই তেওঁক মূল্যৱান উপহাৰ দিছিলো। মোৰ বিৰুদ্ধে উত্থাপিত প্ৰৱঞ্চনাৰ অভিযোগত কোনোধৰণে জড়িত নহয় জেকলিন।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ