--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক ২০০ কোটি টকাৰ হীৰাৰ আঙুঠিৰে প্ৰেম নিৱেদন কৰিছিল জালিয়াতিৰ গোচৰৰ অভিযুক্ত সুকেশ চন্দ্ৰশেখৰে। শেহতীয়া অনুসন্ধানত এই তথ্য পোহৰলৈ আহিছে। জানিবলৈ পোৱা মতে, সুকেশৰ সহকাৰী পিংকী ইৰাণীয়ে জেকলিনক তেওঁৰ সৈতে কথা পাতিবলৈ বাধ্য কৰাইছিল।ইয়াৰ পাছত, তেওঁ ভুৱা কলত অভিনয় কৰি জেকলিনৰ সৈতে নিজৰ ঘনিষ্ঠতা গঢ়ি তোলে। স্মৰ্তব্য যে, ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ পাছত বিবাদত লিপ্ত হৈ পৰিছিল সুকেশ-জেকলিন। সকলোখিনি কৰি দিয়া বাবে সুকেশে পিংকীক ১০ কোটি টকাৰ উপঢৌকন দিয়া বুলিও অনুসন্ধানত প্ৰকাশ পাইছে। ইয়াৰ পাছতে জেকলিনক মূল্যৱান হীৰাৰ আঙুঠিৰে প্ৰেম নিৱেদন কৰিছিল সুকেশ চন্দ্ৰশেখৰে। মন কৰিবলগীয়া যে, সেই আঙুঠিটোত জেকলিন আৰু সুকেশৰ নামৰ আদ্যক্ষৰো খোদিত আছিল। সুকেশৰ পৰা বহুতো মূল্যৱান উপহাৰ লাভ কৰিছিল জেকলিনে। অভিনেত্ৰীগৰাকীয়ে নিজেই প্ৰৱৰ্তন সঞ্চালকালয় (ইডি)ৰ জেৰাত এই কথা স্বীকাৰ কৰিছিল। আনহাতে, জেকলিনৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা বুলি ইতিমধ্যে স্বীকাৰ কৰিছে সুকেশে। এক বিবৃতিত তেওঁ কয়, ‘মই জেকলিনৰ সৈতে সম্পৰ্কত আছিলো। গতিকে, মই তেওঁক মূল্যৱান উপহাৰ দিছিলো। মোৰ বিৰুদ্ধে উত্থাপিত প্ৰৱঞ্চনাৰ অভিযোগত কোনোধৰণে জড়িত নহয় জেকলিন।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু