--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উচ্চতম ন্যায়ালয়ত পাঁচগৰাকী নতুন ন্যায়াধীশ নিযুক্ত কৰা হৈছে৷ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে শপতবাক্য পাঠ কৰোৱাই পাঁচোগৰাকী নৱনিযুক্ত ন্যায়াধীশক৷ 

উচ্চতম ন্যায়ালয়ত শেহতীয়াকৈ পাঁচগৰাকী ন্যায়াধীশ নিযুক্ত হোৱাৰ লগে লগে ন্যায়াধীশৰ সংখ্যা ৩৪গৰাকীৰ অনুমোদিত শক্তিৰ বিপৰীতে ৩২লৈ বৃদ্ধি পায়৷ 

নৱনিযুক্ত ন্যায়াধীশসকল হৈছে: ন্যায়াধীশ পংকজ মিথাল, সঞ্জয় কৰোল, পিভি সঞ্জয় কুমাৰ, আহছানুদ্দিন আমানুল্লাহ আৰু মনোজ মিশ্ৰা।  

উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ পদৰ বাবে পাঁচোটা নাম বিগত বৰ্ষৰ ১৩ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে পৰামৰ্শ দিছিল। ন্যায়াধীশসকলে কলেজিয়াম প্ৰণালী উচ্চতম ন্যায়ালয় আৰু কেন্দ্ৰৰ মাজত এক মুখ্য ‘ফ্লেছপইণ্ট’ হৈ পৰাৰ পটভূমিতে শপত গ্ৰহণ কৰে৷ 

ন্যায়াধীশ নিয়োগৰ প্ৰণালীয়ে এক তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছিল, যি পৰম্পৰাৰ পৰা আঁতৰি আহি সাম্প্ৰতিক সময়ত আইন মন্ত্ৰী কিৰেন ৰিজিজুৰ তীক্ষ্ণ মন্তব্য দেখা গৈছে। ৰিজিজুৱে শেহতীয়াকৈ কলেজিয়াম প্ৰণালীক ভাৰতীয় সংবিধানৰ বাবে ‘এলিয়েন’ বুলি বৰ্ণনা কৰিছিল৷ 

আনহাতে উপ-সভাপতি আৰু ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় ন্যায়িক নিযুক্তি আয়োগ (এনজেএচি) আইন আৰু ২০১৫ চনত এক সম্পৰ্কিত সংবিধান সংশোধনী আইন প্ৰত্যাহাৰ কৰাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল।

এনজেএচি আইনৰ জৰিয়তে, চৰকাৰে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিয়োগৰ কলেজিয়াম প্ৰণালীক এক নতুন পদ্ধতিৰে সলনি কৰিবলৈ চেষ্টা কৰিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা আৰু নতুন চৰকাৰৰ কুশলাৰ্থে পুৰণিগুদামৰ ঐতিহাসিক মছজিদত সমূহীয়া দোৱা
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই