--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উচ্চতম ন্যায়ালয়ত পাঁচগৰাকী নতুন ন্যায়াধীশ নিযুক্ত কৰা হৈছে৷ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে শপতবাক্য পাঠ কৰোৱাই পাঁচোগৰাকী নৱনিযুক্ত ন্যায়াধীশক৷ 

উচ্চতম ন্যায়ালয়ত শেহতীয়াকৈ পাঁচগৰাকী ন্যায়াধীশ নিযুক্ত হোৱাৰ লগে লগে ন্যায়াধীশৰ সংখ্যা ৩৪গৰাকীৰ অনুমোদিত শক্তিৰ বিপৰীতে ৩২লৈ বৃদ্ধি পায়৷ 

নৱনিযুক্ত ন্যায়াধীশসকল হৈছে: ন্যায়াধীশ পংকজ মিথাল, সঞ্জয় কৰোল, পিভি সঞ্জয় কুমাৰ, আহছানুদ্দিন আমানুল্লাহ আৰু মনোজ মিশ্ৰা।  

উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ পদৰ বাবে পাঁচোটা নাম বিগত বৰ্ষৰ ১৩ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে পৰামৰ্শ দিছিল। ন্যায়াধীশসকলে কলেজিয়াম প্ৰণালী উচ্চতম ন্যায়ালয় আৰু কেন্দ্ৰৰ মাজত এক মুখ্য ‘ফ্লেছপইণ্ট’ হৈ পৰাৰ পটভূমিতে শপত গ্ৰহণ কৰে৷ 

ন্যায়াধীশ নিয়োগৰ প্ৰণালীয়ে এক তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছিল, যি পৰম্পৰাৰ পৰা আঁতৰি আহি সাম্প্ৰতিক সময়ত আইন মন্ত্ৰী কিৰেন ৰিজিজুৰ তীক্ষ্ণ মন্তব্য দেখা গৈছে। ৰিজিজুৱে শেহতীয়াকৈ কলেজিয়াম প্ৰণালীক ভাৰতীয় সংবিধানৰ বাবে ‘এলিয়েন’ বুলি বৰ্ণনা কৰিছিল৷ 

আনহাতে উপ-সভাপতি আৰু ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় ন্যায়িক নিযুক্তি আয়োগ (এনজেএচি) আইন আৰু ২০১৫ চনত এক সম্পৰ্কিত সংবিধান সংশোধনী আইন প্ৰত্যাহাৰ কৰাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল।

এনজেএচি আইনৰ জৰিয়তে, চৰকাৰে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিয়োগৰ কলেজিয়াম প্ৰণালীক এক নতুন পদ্ধতিৰে সলনি কৰিবলৈ চেষ্টা কৰিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু