--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাতি ঈশ্বৰে সৃষ্টি কৰা নাই, মানুহে কৰিছে,  ঈশ্বৰৰ দৃষ্টিত আমি সকলোৱে এক৷ এই মন্তব্য কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) মুৰব্বী মোহন ভাগৱতে ৷ ভাগৱতে কয় যে ঈশ্বৰে জাতি সৃষ্টি কৰা নাই, মানুহে জাতি সৃষ্টি কৰিছে, যিটো ভুল।

ঈশ্বৰৰ কাৰণে আমি সকলোৱে এক। তেওঁ কয় যে আমাৰ সমাজক বিভক্ত কৰি, প্ৰথমে দেশত আক্ৰমণ হৈছিল, তাৰ পিছত বাহিৰৰ মানুহে ইয়াৰ সুযোগ লৈছিল।তেওঁ লগতে কয় যে সন্ত ৰোহিদাসে সদায় আমাক ধৰ্ম অনুসৰি কাম কৰিবলৈ শিকাইছিল। তেওঁ কৈছিল যে সমগ্ৰ সমাজক একত্ৰিত কৰক, সমাজৰ প্ৰগতিৰ বাবে কাম কৰাটোৱেই ধৰ্ম। ধৰ্ম কেৱল নিজৰ বিষয়ে চিন্তা কৰা আৰু নিজৰ পেট ভৰোৱাই নহয়৷  ভাগৱতে  মুম্বাইত অনুষ্ঠিত সন্ত  ৰোহিদাসৰ জন্ম জয়ন্তী উপলক্ষে আয়োজিত এক অনুষ্ঠানত ভাষণ দিছিল৷ 

তেওঁ কয় "আমাৰ সমাজক বিভক্ত কৰি বহু মানুহে সদায় উপকৃত হৈ আহিছে। বহু বছৰ আগতে দেশখনত আক্ৰমণ হৈছিল, তেতিয়া বাহিৰৰ মানুহে আমাক বিভক্ত কৰি আমাৰ পৰা  সুবিধা লৈছিল। ইয়াৰ আগতে কাৰো আমাৰ ফালে চাবলৈ সাহস নাছিল। ইয়াৰ বাবে কোনো দায়ী নহয়। যেতিয়া সমাজৰ সম্পৰ্ক শেষ হয়, তেতিয়াই স্বাৰ্থপৰতা স্বয়ংক্ৰিয়ভাৱে বৃদ্ধি হয়।"মোহন ভাগৱতৰ বক্তব্য সমগ্ৰ দেশতে ৰামচৰিতমানসৰ  লৈ হোৱা বিতৰ্কৰ মাজতে  আহিছে। সমাজবাদী পাৰ্টিৰ নেতা স্বামী প্ৰসাদ মৌৰ্যই কৈছিল, "তুলসীদাসৰ ৰামচৰিতমানসত কিছু অংশ আছে, যি বিষয়ত আমাৰ আপত্তি আছে। ইয়াত তেওঁ শুদ্ৰসকলক অৱমাননা কৰিছে"।

ভাগৱতে লগতে কয় "দেশত হিন্দু সমাজ ধ্বংস হোৱাৰ ভয় আছে নেকি? কোনো ব্ৰাহ্মণে আপোনাক এইটো ক'ব নোৱাৰে, আপুনি বুজিব লাগিব। আমাৰ জীৱিকাৰ অৰ্থ হৈছে সমাজৰ প্ৰতি দায়বদ্ধতা। প্ৰতিটো কাম সমাজৰ বাবে, গতিকে কোনোবা কেনেকৈ উচ্চ, নিম্ন বা বেলেগ হ’ব পাৰে?"মোহন ভাগৱতে কয় যে কোনো পৰিস্থিতিতে মানুহে  ধৰ্ম ত্যাগ কৰিব নালাগে। হিন্দু আৰু মুছলমান সকলো একে।

ভাগৱতে লগতে উলেলেখ কৰে যে  শিৱাজী মহাৰাজে কাশীৰ মন্দিৰ ভাঙি দিয়াৰ পিছত ঔৰঙ্গজেবলৈ এখন পত্ৰ লিখিছিল। শিৱাজীয়ে কৈছিল যে আমি হিন্দু হওঁক বা মুছলমান হওঁক, আমি সকলোৱে ঈশ্বৰৰ সন্তান। আপোনাৰ শাসনৰ অধীনত এজন ব্যক্তিৰ ওপৰত অত্যাচাৰ কৰা হৈছে, সেয়া ভুল। সকলোকে সন্মান কৰাটো আপোনাৰ কৰ্তব্য, যদি ই বন্ধ নহয়, মই তৰোৱালেৰে ইয়াৰ সঁহাৰি দিম।

সমাজ আৰু ধৰ্মক বিদ্বেষৰ দৃষ্টিৰে চাব নালাগে বুলিও তেওঁ কয় । ভাগৱতে কয় নম্ৰ হওঁক আৰু ধৰ্ম অনুসৰণ কৰক। সমাজত নিবনুৱা বৃদ্ধি পাইছে কাৰণ মানুহে কামত ডাঙৰ আৰু সৰু দেখা হৈছে। যদিও সন্ত ৰোহিদাসে কৈছিল যে নিৰন্তৰ চেষ্টা কৰি থাকক, এদিন সমাজ নিশ্চিতভাৱে সলনি হ'ব। আজি ভাৰতক বিশ্বত সন্মানৰ দৃষ্টিৰে চোৱা হৈছে বুলিও ভাগৱতে উল্লেখ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক