--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্ষণ কৰিবলৈ অহা এজন যুৱকক উচিত শাস্তি দিলে এগৰাকী মহিলাই। নিজৰ সাহস আৰু বুদ্ধিৰ বলত এক ভয়ংকৰ বিপদৰ পৰা নিজক ৰক্ষা কৰে মহিলাগৰাকীয়ে। সাহসী মহিলাগৰাকীয়ে তেওঁক ধৰ্ষণ কৰিবলৈ অহা কুচৰিত্ৰৰ যুৱকজনক কামুৰি আঘাত কৰি সাৰি আহিবলৈ সক্ষম হয়। জানিব পৰা মতে, ভুক্তভোগী মহিলাগৰাকীয়ে এখন পথাৰত কাম কৰি থকাৰ অৱস্থাত দুষ্ট প্ৰকৃতিৰ যুৱকজনে তেওঁক পাছফালৰ পৰা সাৱটি ধৰে। যুৱকজনে মহিলাগৰাকীক ধৰ্ষণৰ চেষ্টা চলায়। 

মহিলাগৰাকীয়ে যুৱকজনৰ হাতৰ পৰা নিজক ৰক্ষা কৰিবলৈ দেহ-প্ৰাণ দি চেষ্টা চলায়। যুৱকজনৰ কঠিন দুবাহুৰ পৰা মুক্ত হ’বলৈ বাৰে বাৰে চেষ্টা চলায় মহিলাগৰাকীয়ে।অৱশেষত সাহসী মহিলাগৰাকীয়ে নিজৰ দাঁতেৰে যুৱকজনৰ ওঁঠত উপৰ্যুপৰি কামুৰ মাৰে। ফলত ওঁঠ ছিগি যায় যুৱকজনৰ। বিষ আৰু ধাৰাষাৰ তেজ বৈ যোৱাৰ ফলত মহিলাগৰাকীক এৰি দিবলৈ বাধ্য হয় ধৰ্ষণকামী যুৱকজনে। ইয়াৰ পাছতেই মহিলাগৰাকীয়ে সমগ্ৰ ঘটনা গাঁৱৰ ৰাইজক বিৱৰি কোৱাত  অলপ সময়ৰ ভিতৰতে গাঁৱৰ ৰাইজ গোট খাই যুৱকজনক ধৰি-বান্ধি থয়।

এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে যুৱকজনক নিজৰ জিম্মাত লৈ সেই স্থানৰ পৰা তেওঁৰ ওঁঠৰ ফাটি যোৱা অংশটো উদ্ধাৰ কৰে। ইয়াৰ পাছত যুৱকজনক দৌৰালাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়। মহিলাগৰাকীৰ সাহসক সকলোৱে প্ৰশংসা কৰিছে। এই ঘটনা উত্তৰ প্ৰদেশৰ মেৰুটৰ। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে