--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্ষণ কৰিবলৈ অহা এজন যুৱকক উচিত শাস্তি দিলে এগৰাকী মহিলাই। নিজৰ সাহস আৰু বুদ্ধিৰ বলত এক ভয়ংকৰ বিপদৰ পৰা নিজক ৰক্ষা কৰে মহিলাগৰাকীয়ে। সাহসী মহিলাগৰাকীয়ে তেওঁক ধৰ্ষণ কৰিবলৈ অহা কুচৰিত্ৰৰ যুৱকজনক কামুৰি আঘাত কৰি সাৰি আহিবলৈ সক্ষম হয়। জানিব পৰা মতে, ভুক্তভোগী মহিলাগৰাকীয়ে এখন পথাৰত কাম কৰি থকাৰ অৱস্থাত দুষ্ট প্ৰকৃতিৰ যুৱকজনে তেওঁক পাছফালৰ পৰা সাৱটি ধৰে। যুৱকজনে মহিলাগৰাকীক ধৰ্ষণৰ চেষ্টা চলায়। 

মহিলাগৰাকীয়ে যুৱকজনৰ হাতৰ পৰা নিজক ৰক্ষা কৰিবলৈ দেহ-প্ৰাণ দি চেষ্টা চলায়। যুৱকজনৰ কঠিন দুবাহুৰ পৰা মুক্ত হ’বলৈ বাৰে বাৰে চেষ্টা চলায় মহিলাগৰাকীয়ে।অৱশেষত সাহসী মহিলাগৰাকীয়ে নিজৰ দাঁতেৰে যুৱকজনৰ ওঁঠত উপৰ্যুপৰি কামুৰ মাৰে। ফলত ওঁঠ ছিগি যায় যুৱকজনৰ। বিষ আৰু ধাৰাষাৰ তেজ বৈ যোৱাৰ ফলত মহিলাগৰাকীক এৰি দিবলৈ বাধ্য হয় ধৰ্ষণকামী যুৱকজনে। ইয়াৰ পাছতেই মহিলাগৰাকীয়ে সমগ্ৰ ঘটনা গাঁৱৰ ৰাইজক বিৱৰি কোৱাত  অলপ সময়ৰ ভিতৰতে গাঁৱৰ ৰাইজ গোট খাই যুৱকজনক ধৰি-বান্ধি থয়।

এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে যুৱকজনক নিজৰ জিম্মাত লৈ সেই স্থানৰ পৰা তেওঁৰ ওঁঠৰ ফাটি যোৱা অংশটো উদ্ধাৰ কৰে। ইয়াৰ পাছত যুৱকজনক দৌৰালাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়। মহিলাগৰাকীৰ সাহসক সকলোৱে প্ৰশংসা কৰিছে। এই ঘটনা উত্তৰ প্ৰদেশৰ মেৰুটৰ। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক