--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ষ্টেডিয়ামত কুকুৰক ফুৰাবলৈ লৈ নি শাস্তিমূলক বদলিৰ সন্মুখীন হোৱা বিতৰ্কিত আইএএছ দম্পতীৰ পক্ষত থিয় দিছে বিজেপি সাংসদ মেনকা গান্ধী৷ আইএএছ বিষয়া সঞ্জীৱ খিৰৱাৰ আৰু ৰিংকু ডুগ্গাৰ বিৰুদ্ধে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গ্ৰহণ কৰা পদক্ষেপক সমালোচনা কৰি গান্ধীয়ে কয়, তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকৰ ক্ষমতাৰ অপব্যৱহাৰকৰাৰ অভিযোগ মিছা। মই সঞ্জীৱ খিৰৱাৰক ভালদৰে জানো। তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মিছা৷ 

মেনকা গান্ধীয়ে কয় যে সঞ্জীৱ খিৰৱাৰক দিল্লীৰ পৰা বদলি কৰাটো দিল্লীৰ লোকচান। যেতিয়া খিৰৱাৰ পৰিৱেশ বিভাগৰ সচিব আছিল, দিল্লীয়ে তেওঁৰ কামৰ পৰা লাভান্বিত হৈছিল। তেওঁৰ বিৰুদ্ধে কৰা এই পদক্ষেপ সম্পূৰ্ণ ভুল সিদ্ধান্ত৷

আইএএছ দম্পতীৰ দ্বাৰা ক্ষমতাৰ অপব্যৱহাৰ আৰু ফলস্বৰূপে তেওঁলোকক কৰা শাস্তিমূলক বদলিয়ে বিতৰ্কৰ সৃষ্টি কৰিছিল৷ কিয়নো, তৃণমূলৰ সাংসদ মহুয়া মৈত্ৰা, জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাকে ধৰি বহুকেইগৰাকী ৰাজনীতিবিদে এই শাস্তিমূলক বদলিক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। ওমৰ আব্দুল্লাই কৈছিল যে লাডাখ আৰু অৰুণাচল প্ৰদেশলৈ স্থানান্তৰ কৰাটো শাস্তি হিচাপে চোৱা উচিত নহয়৷ আনহাতে, মহুয়া মৈত্ৰাই এই বিষয়াসকলক শাস্তিমূলকভাৱে বদলি কৰিবলৈ লাডাখ আৰু অৰুণাচলক কিয় বাচনি কৰা হৈছিল বুলি প্ৰশ্ন কৰিছিল। এতিয়া, মেনকা গান্ধীয়েও বিষয়টো উত্থাপন কৰিছিল আৰু কৈছিল যে তেওঁলোকৰ বিৰুদ্ধে লোৱা ব্যৱস্থা সম্পূৰ্ণ ভুল হোৱাৰ উপৰিও, লাডাখ আৰু অৰুণাচল প্ৰদেশ শাস্তিমূলক বদলিৰ স্থান নহয়। এই ঠাইবোৰত ভাল বিষয়াৰো প্ৰয়োজন। 

কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে শনিবাৰে কৈছিল যে ষ্টেডিয়ামৰ অপব্যৱহাৰৰ লগে লগে আইএএছ দম্পতীহালক দূৰৱৰ্তী স্থানলৈ স্থানান্তৰ কৰা হৈছিল যিয়ে ষ্টেডিয়ামসমূহ খেলুৱৈসকলৰ বাবেহে বুলি এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছিল। এইক্ষেত্ৰত কোনো ৰাজনৈতিক হস্তক্ষেপ হোৱা উচিত নহয় বুলি মন্ত্ৰীজনে মন্তব্য কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস