--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডই জোকাৰিছে দেশ৷ নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰাৰ এদিন পাছতে জিঘাংসাৰ বলি হল পঞ্জাবৰ জনপ্ৰিয় কণ্ঠশিল্পী সিদ্ধু মুছেৱালা৷ কংগ্ৰেছ নেতা আৰু পঞ্জাবী গায়ক সিদ্ধু মুছেৱালাক কালি পঞ্জাবৰ মানসা জিলাত গুলীয়াই হত্যা কৰা হয়। গুলীচালনাত আন দুজন লোক আহত হৈছিল। পঞ্জাবে মুছেৱালাকে ধৰি ৰাজ্যখনৰ ৪২৪জন লোকৰ নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰাৰ এদিন পিছতে এই ঘটনা সংঘটিত হয়। ভিআইপি সংস্কৃতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ বাবে ভগৱন্ত মান চৰকাৰৰ অনুশীলনৰ অংশ হিচাপে নিৰাপত্তা আৱৰণটো প্ৰত্যাহাৰ কৰা হৈছিল।

 

আক্ৰমণটো তেতিয়া সংঘটিত হৈছিল যেতিয়া মুছেৱালা আৰু তেওঁৰ দুজন বন্ধুৱে এখন জীপত গাড়ী চলাই পঞ্জাবৰ জৱাহৰ কে গাওঁলৈ গৈ আছিল। মুছেৱালাৰ এছইউভিত গুলীবৰ্ষণ কৰা হৈছিল৷ তেওঁক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল।

 

পঞ্জাব আৰক্ষীয়ে কৈছিল কানাডাস্থিত এজন গেংষ্টাৰে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।

পঞ্জাবৰ ডিজিপি ভি কে ভাওৰাই সংবাদ মাধ্যমৰ আগত কয় যেলৰেন্স বিষ্ণোই দলটো এই হত্যাকাণ্ডত জড়িত। এই হত্যাকাণ্ডটো বিগত বৰ্ষৰ মিদ্দুখেৰাৰ হত্যাৰ প্ৰতিশোধ স্বৰূপে হোৱা যেন লাগিছে বুলি আশংকা ব্যক্তি কৰিছে ৰাজ্যখনৰ, শীৰ্ষ আৰক্ষী বিষয়াই কয়।

 

পঞ্জাব আৰক্ষীয়ে ঘটনাটোৰ তদন্তৰ বাবে এটা বিশেষ তদন্ত সমিতিও গঠন কৰিছে। শুভদীপ সিং সিদ্ধুক তেওঁৰ পোছাকী নাম সিদ্ধু মুছেৱালাৰ দ্বাৰা জনপ্ৰিয়ভাৱে জনা গৈছিল। গায়কজনে তেওঁৰ গানত বন্দুক সংস্কৃতিৰ প্ৰচাৰৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল। তেওঁৰ গান সঞ্জুৰ জৰিয়তে হিংসাৰ প্ৰচাৰ কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছিল।

 

গায়কজনে বিগত বৰ্ষৰ ডিচেম্বৰত কংগ্ৰেছত যোগদান কৰিছিল। অলপতে অনুষ্ঠিত পঞ্জাব বিধানসভা নিৰ্বাচনত, সিদ্ধু মুছেৱালাই কংগ্ৰেছৰ টিকটত মানছাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল। তেওঁ আম আদমী পাৰ্টিৰ ড° বিজয় চিংলাৰ দ্বাৰা পৰাজিত হৈছিল।

 

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৈছিল যে তেওঁ বাতৰিটোত গভীৰভাৱে হতবাক হৈছিল। কংগ্ৰেছ নেতা তথা প্ৰতিভাশালী শিল্পী সিদ্ধু মুছেৱালাৰ হত্যাত উদ্বেগ প্ৰকাশ কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে৷ তেওঁ কয়, মুছেৱালাৰ মৃত্যুত মই গভীৰভাৱে হতবাক হৈছোঁ আৰু দু:খিত। 

 

এৰদৰে, কংগ্ৰেছ নেতা চৰণ সিং চাপ্ৰাই কয় যে ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰীয়ে কিহৰ ভিত্তিত মুছেৱালাৰ নিৰাপত্তা আৱৰণ আঁতৰাইছিল সেই বিষষটো হব লাগিব। পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয় যে গায়ক সিদ্ধু মুছেৱালাৰ ওপৰত হোৱা আক্ৰমণত জড়িতসকলক এৰি দিয়া নহব। আম আদমী পাৰ্টিৰ নেতাজনে সকলোকে শান্ত হৈ থাকিবলৈ আহ্বান জনায়।

 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস