--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডই জোকাৰিছে দেশ৷ নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰাৰ এদিন পাছতে জিঘাংসাৰ বলি হল পঞ্জাবৰ জনপ্ৰিয় কণ্ঠশিল্পী সিদ্ধু মুছেৱালা৷ কংগ্ৰেছ নেতা আৰু পঞ্জাবী গায়ক সিদ্ধু মুছেৱালাক কালি পঞ্জাবৰ মানসা জিলাত গুলীয়াই হত্যা কৰা হয়। গুলীচালনাত আন দুজন লোক আহত হৈছিল। পঞ্জাবে মুছেৱালাকে ধৰি ৰাজ্যখনৰ ৪২৪জন লোকৰ নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰাৰ এদিন পিছতে এই ঘটনা সংঘটিত হয়। ভিআইপি সংস্কৃতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ বাবে ভগৱন্ত মান চৰকাৰৰ অনুশীলনৰ অংশ হিচাপে নিৰাপত্তা আৱৰণটো প্ৰত্যাহাৰ কৰা হৈছিল।

 

আক্ৰমণটো তেতিয়া সংঘটিত হৈছিল যেতিয়া মুছেৱালা আৰু তেওঁৰ দুজন বন্ধুৱে এখন জীপত গাড়ী চলাই পঞ্জাবৰ জৱাহৰ কে গাওঁলৈ গৈ আছিল। মুছেৱালাৰ এছইউভিত গুলীবৰ্ষণ কৰা হৈছিল৷ তেওঁক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল।

 

পঞ্জাব আৰক্ষীয়ে কৈছিল কানাডাস্থিত এজন গেংষ্টাৰে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।

পঞ্জাবৰ ডিজিপি ভি কে ভাওৰাই সংবাদ মাধ্যমৰ আগত কয় যেলৰেন্স বিষ্ণোই দলটো এই হত্যাকাণ্ডত জড়িত। এই হত্যাকাণ্ডটো বিগত বৰ্ষৰ মিদ্দুখেৰাৰ হত্যাৰ প্ৰতিশোধ স্বৰূপে হোৱা যেন লাগিছে বুলি আশংকা ব্যক্তি কৰিছে ৰাজ্যখনৰ, শীৰ্ষ আৰক্ষী বিষয়াই কয়।

 

পঞ্জাব আৰক্ষীয়ে ঘটনাটোৰ তদন্তৰ বাবে এটা বিশেষ তদন্ত সমিতিও গঠন কৰিছে। শুভদীপ সিং সিদ্ধুক তেওঁৰ পোছাকী নাম সিদ্ধু মুছেৱালাৰ দ্বাৰা জনপ্ৰিয়ভাৱে জনা গৈছিল। গায়কজনে তেওঁৰ গানত বন্দুক সংস্কৃতিৰ প্ৰচাৰৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল। তেওঁৰ গান সঞ্জুৰ জৰিয়তে হিংসাৰ প্ৰচাৰ কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছিল।

 

গায়কজনে বিগত বৰ্ষৰ ডিচেম্বৰত কংগ্ৰেছত যোগদান কৰিছিল। অলপতে অনুষ্ঠিত পঞ্জাব বিধানসভা নিৰ্বাচনত, সিদ্ধু মুছেৱালাই কংগ্ৰেছৰ টিকটত মানছাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল। তেওঁ আম আদমী পাৰ্টিৰ ড° বিজয় চিংলাৰ দ্বাৰা পৰাজিত হৈছিল।

 

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৈছিল যে তেওঁ বাতৰিটোত গভীৰভাৱে হতবাক হৈছিল। কংগ্ৰেছ নেতা তথা প্ৰতিভাশালী শিল্পী সিদ্ধু মুছেৱালাৰ হত্যাত উদ্বেগ প্ৰকাশ কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে৷ তেওঁ কয়, মুছেৱালাৰ মৃত্যুত মই গভীৰভাৱে হতবাক হৈছোঁ আৰু দু:খিত। 

 

এৰদৰে, কংগ্ৰেছ নেতা চৰণ সিং চাপ্ৰাই কয় যে ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰীয়ে কিহৰ ভিত্তিত মুছেৱালাৰ নিৰাপত্তা আৱৰণ আঁতৰাইছিল সেই বিষষটো হব লাগিব। পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয় যে গায়ক সিদ্ধু মুছেৱালাৰ ওপৰত হোৱা আক্ৰমণত জড়িতসকলক এৰি দিয়া নহব। আম আদমী পাৰ্টিৰ নেতাজনে সকলোকে শান্ত হৈ থাকিবলৈ আহ্বান জনায়।

 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ