--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ড্ৰাগছ! এক ভয়াবহ সামাজিক ব্যাধি৷এই ব্যাধিয়ে বৰ্তমান আগুৰি ধৰিছে বিশ্বৰ একাংশ যুৱপ্ৰজন্মক৷এইবাৰ ড্ৰাগছৰ বাবেই বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ এজন প্ৰযোজক৷শনিবাৰে নিচাযুক্ত দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৱে তিনিজন লোকক গ্ৰেপ্তাৰ কৰি অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডলৈ প্ৰেৰণ কৰা ৫০ কিলোগ্ৰাম নিচাজাতীয় ৰাসায়নিক পদাৰ্থ ফুড পাউদাৰ আৰু শুকান নাৰিকলত লুকুৱাই ৰখা অৱস্থাত জব্দ কৰে৷

এনচিবি আৰু দিল্লী আৰক্ষীৰ বিশেষ কোষৰ যৌথ দলে প্ৰায় চাৰি মাহ পূৰ্বে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড কৰ্তৃপক্ষই প্ৰদান কৰা তথ্যৰ ভিত্তিত এই বৃহৎ ড্ৰাগছ সৰবৰাহ নেটৱৰ্কটো ধৰা পেলায়৷ ভাৰতৰ পৰা দুয়োখন দেশলৈ শুকান নাৰিকল গুড়িত লুকুৱাই ৰখা অৱস্থাত বহু পৰিমাণৰ ছ্যুড’ইফেড্ৰিন প্ৰেৰণ কৰা হৈছিল বুলি এনচিবিৰ উপ-সঞ্চালক প্ৰধান জ্ঞানেশ্বৰ সিঙে এক বিবৃতিত এই কথা সদৰী কৰে।

যোৱা ১৫ ফেব্ৰুৱাৰীত পশ্চিম দিল্লীৰ বাসাই দাৰাপুৰ অঞ্চলত অৱস্থিত এটা গুদামত এনচিবি আৰু বিশেষ কোষৰ বিষয়াসকলে অভিযান চলাই বহু শস্যৰ খাদ্য মিশ্ৰণৰ চালানত লুকুৱাই থোৱা ৫০ কিলোগ্ৰাম ছ্যুড’ইফেড্ৰিন জব্দ কৰে, আৰু তিনিজন লোকে এই কাৰ্য কৰাৰ আশংকা কৰে তামিলনাডুৰ পৰা সামগ্ৰীখিনি অহা বুলি সিঙে লক্ষ্য কৰে।

ডিডিজিয়ে কয় যে, “নেক্সছৰ মাষ্টাৰমাইণ্ডক এজন তামিল ছবি প্ৰযোজক হিচাপে চিনাক্ত কৰা হৈছে, যি বৰ্তমান পলাতক হৈ আছে।আৰক্ষীৰ দ্বাৰা তেওঁক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে যাতে ছ্যুড’ইফেড্ৰিনৰ উৎস নিৰ্ণয় কৰিব পৰা যায়।’’

ছ্যুড’ইফেড্ৰিন কি?

এনচিবিৰ তথ্য অনুসৰি ছ্যুড’ইফেড্ৰিন হৈছে মেথামফেটামাইন প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থ, যাক মেথ বুলিও কোৱা হয় যিটো অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত প্ৰতি কিলোগ্ৰামত প্ৰায় ১.৫ কোটি টকাত বিক্ৰী হয়।

অভিযুক্তই এনচিবিক জনোৱা মতে, বিগত তিনি বছৰত আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় ৩৫০০ কিলোগ্ৰাম ছ্যুড’ইফেড্ৰিন যুক্ত মুঠ ৪৫টা চালান তেওঁলোকৰ দ্বাৰা বিদেশলৈ প্ৰেৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী