--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ড্ৰাগছ! এক ভয়াবহ সামাজিক ব্যাধি৷এই ব্যাধিয়ে বৰ্তমান আগুৰি ধৰিছে বিশ্বৰ একাংশ যুৱপ্ৰজন্মক৷এইবাৰ ড্ৰাগছৰ বাবেই বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ এজন প্ৰযোজক৷শনিবাৰে নিচাযুক্ত দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৱে তিনিজন লোকক গ্ৰেপ্তাৰ কৰি অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডলৈ প্ৰেৰণ কৰা ৫০ কিলোগ্ৰাম নিচাজাতীয় ৰাসায়নিক পদাৰ্থ ফুড পাউদাৰ আৰু শুকান নাৰিকলত লুকুৱাই ৰখা অৱস্থাত জব্দ কৰে৷

এনচিবি আৰু দিল্লী আৰক্ষীৰ বিশেষ কোষৰ যৌথ দলে প্ৰায় চাৰি মাহ পূৰ্বে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড কৰ্তৃপক্ষই প্ৰদান কৰা তথ্যৰ ভিত্তিত এই বৃহৎ ড্ৰাগছ সৰবৰাহ নেটৱৰ্কটো ধৰা পেলায়৷ ভাৰতৰ পৰা দুয়োখন দেশলৈ শুকান নাৰিকল গুড়িত লুকুৱাই ৰখা অৱস্থাত বহু পৰিমাণৰ ছ্যুড’ইফেড্ৰিন প্ৰেৰণ কৰা হৈছিল বুলি এনচিবিৰ উপ-সঞ্চালক প্ৰধান জ্ঞানেশ্বৰ সিঙে এক বিবৃতিত এই কথা সদৰী কৰে।

যোৱা ১৫ ফেব্ৰুৱাৰীত পশ্চিম দিল্লীৰ বাসাই দাৰাপুৰ অঞ্চলত অৱস্থিত এটা গুদামত এনচিবি আৰু বিশেষ কোষৰ বিষয়াসকলে অভিযান চলাই বহু শস্যৰ খাদ্য মিশ্ৰণৰ চালানত লুকুৱাই থোৱা ৫০ কিলোগ্ৰাম ছ্যুড’ইফেড্ৰিন জব্দ কৰে, আৰু তিনিজন লোকে এই কাৰ্য কৰাৰ আশংকা কৰে তামিলনাডুৰ পৰা সামগ্ৰীখিনি অহা বুলি সিঙে লক্ষ্য কৰে।

ডিডিজিয়ে কয় যে, “নেক্সছৰ মাষ্টাৰমাইণ্ডক এজন তামিল ছবি প্ৰযোজক হিচাপে চিনাক্ত কৰা হৈছে, যি বৰ্তমান পলাতক হৈ আছে।আৰক্ষীৰ দ্বাৰা তেওঁক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে যাতে ছ্যুড’ইফেড্ৰিনৰ উৎস নিৰ্ণয় কৰিব পৰা যায়।’’

ছ্যুড’ইফেড্ৰিন কি?

এনচিবিৰ তথ্য অনুসৰি ছ্যুড’ইফেড্ৰিন হৈছে মেথামফেটামাইন প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থ, যাক মেথ বুলিও কোৱা হয় যিটো অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত প্ৰতি কিলোগ্ৰামত প্ৰায় ১.৫ কোটি টকাত বিক্ৰী হয়।

অভিযুক্তই এনচিবিক জনোৱা মতে, বিগত তিনি বছৰত আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় ৩৫০০ কিলোগ্ৰাম ছ্যুড’ইফেড্ৰিন যুক্ত মুঠ ৪৫টা চালান তেওঁলোকৰ দ্বাৰা বিদেশলৈ প্ৰেৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু