--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতি জনপ্ৰিয় অনুষ্ঠান  'মন কি বাত'  আৰু অহা তিনিমাহলৈ শুনিব পৰা নাযাব। এই অনুষ্ঠানটো প্ৰতি ইংৰাজী মাহৰ শেষৰটো দেওবাৰে ৰেডিঅ'ত সম্প্ৰচাৰ কৰা হয়।প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ 'মন কি বাত' পৰৱৰ্তী তিনি মাহৰ বাবে বন্ধ ৰখা হ’ব । লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীৰ ৰেডিঅ' অনুষ্ঠানৰ সম্প্ৰচাৰ বন্ধ কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে নিজেই দেওবাৰে এই কথা প্ৰকাশ কৰিছে। 

'মন কি বাত'ৰ ১১০ সংখ্যক  খণ্ডত মোদীয়ে কয়, "লোকসভা নিৰ্বাচনৰ দিন আগবাঢ়ি আহিছে। নিৰ্বাচনী অধিসূচনা মাৰ্চ মাহত কাৰ্যকৰী হ'ব। সেয়েহে, মন কি বাত  পৰৱৰ্তী তিনি মাহৰ বাবে সম্প্ৰচাৰ কৰা নহ'ব। মন কি বাত ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেও  অস্থায়ীভাৱে বন্ধ ৰখা হৈছিল।

প্ৰধানমন্ত্ৰীয়ে আজি তেওঁৰ 'মন কি বাত'  অনুষ্ঠানত  এক নতুন প্ৰতিযোগিতা শুভাৰম্ভ কৰাৰ কথা ঘোষণা কৰে। সেই প্ৰতিযোগিতাৰ বিজয়ীক প্ৰদান কৰা হ’ব নেছনেল ক্ৰিয়েটৰ এৱাৰ্ড। আজিকালি বহুতে ফেচবুক, ইনষ্টাগ্ৰাম বা ইউটিউবত ভ্লগিং কৰে। সেইসকল প্ৰতিভাশালীয়ে প্ৰায়ে বাছি লোৱা মুখ্য বিষয় হৈছে খোৱা-বোৱা ,ভ্ৰমণ কৰা, জীৱনশৈলী ইত্যাদি। 

মোদীয়ে কয়  "মই বহুতকে  তেওঁলোকৰ সংস্কৃতি আৰু ভাষা জীয়াই ৰাখিবলৈ নিস্বাৰ্থভাৱে কাম কৰা দেখিছোঁ।’’ প্ৰধানমন্ত্ৰীয়ে তেনে  ভ্লগাৰসকলক দেশত  প্ৰথমবাৰৰ বাবে ভোটদা কৰিবলগীয়া  ভোটাৰসকলক উৎসাহিত কৰিবলৈ আহ্বান জনায়। তেওঁ সকলোকে চৰকাৰৰ 'নেছনেল ক্ৰিয়েটৰ এৱাৰ্ড' অভিযানত অংশগ্ৰহণ কৰিবলৈও আহ্বান জনায়। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী