--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতি জনপ্ৰিয় অনুষ্ঠান  'মন কি বাত'  আৰু অহা তিনিমাহলৈ শুনিব পৰা নাযাব। এই অনুষ্ঠানটো প্ৰতি ইংৰাজী মাহৰ শেষৰটো দেওবাৰে ৰেডিঅ'ত সম্প্ৰচাৰ কৰা হয়।প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ 'মন কি বাত' পৰৱৰ্তী তিনি মাহৰ বাবে বন্ধ ৰখা হ’ব । লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীৰ ৰেডিঅ' অনুষ্ঠানৰ সম্প্ৰচাৰ বন্ধ কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে নিজেই দেওবাৰে এই কথা প্ৰকাশ কৰিছে। 

'মন কি বাত'ৰ ১১০ সংখ্যক  খণ্ডত মোদীয়ে কয়, "লোকসভা নিৰ্বাচনৰ দিন আগবাঢ়ি আহিছে। নিৰ্বাচনী অধিসূচনা মাৰ্চ মাহত কাৰ্যকৰী হ'ব। সেয়েহে, মন কি বাত  পৰৱৰ্তী তিনি মাহৰ বাবে সম্প্ৰচাৰ কৰা নহ'ব। মন কি বাত ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেও  অস্থায়ীভাৱে বন্ধ ৰখা হৈছিল।

প্ৰধানমন্ত্ৰীয়ে আজি তেওঁৰ 'মন কি বাত'  অনুষ্ঠানত  এক নতুন প্ৰতিযোগিতা শুভাৰম্ভ কৰাৰ কথা ঘোষণা কৰে। সেই প্ৰতিযোগিতাৰ বিজয়ীক প্ৰদান কৰা হ’ব নেছনেল ক্ৰিয়েটৰ এৱাৰ্ড। আজিকালি বহুতে ফেচবুক, ইনষ্টাগ্ৰাম বা ইউটিউবত ভ্লগিং কৰে। সেইসকল প্ৰতিভাশালীয়ে প্ৰায়ে বাছি লোৱা মুখ্য বিষয় হৈছে খোৱা-বোৱা ,ভ্ৰমণ কৰা, জীৱনশৈলী ইত্যাদি। 

মোদীয়ে কয়  "মই বহুতকে  তেওঁলোকৰ সংস্কৃতি আৰু ভাষা জীয়াই ৰাখিবলৈ নিস্বাৰ্থভাৱে কাম কৰা দেখিছোঁ।’’ প্ৰধানমন্ত্ৰীয়ে তেনে  ভ্লগাৰসকলক দেশত  প্ৰথমবাৰৰ বাবে ভোটদা কৰিবলগীয়া  ভোটাৰসকলক উৎসাহিত কৰিবলৈ আহ্বান জনায়। তেওঁ সকলোকে চৰকাৰৰ 'নেছনেল ক্ৰিয়েটৰ এৱাৰ্ড' অভিযানত অংশগ্ৰহণ কৰিবলৈও আহ্বান জনায়। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু