--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰতীয় ৰিজাৰ্ভ বেংকে  দেশৰ ৯ টা বৃহৎ ৰাজহুৱা খণ্ডৰ বেংকক জৰিমনা বিহিছে।  ৰিজাৰ্ভ বেংকে   দেশৰ বেঙ্কিং প্ৰণালী নিৰীক্ষণ কৰে। যদি কোনো বেংকে  নিয়ম উলংঘা কৰে তেন্তে কঠোৰ ব্যৱস্থা লোৱা হয়। দেশৰ সকলো বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানে অৰ্থনৈতিক ক্ষেত্ৰত ৰিজাৰ্ভ বেংকে জাৰি কৰা সকলো নিয়ম অনুসৰণ কৰিব লাগিব। 

যদি কোনো অনিয়ম হয় অনুজ্ঞাপত্ৰ বাতিল কৰাৰ দৰে কঠোৰ ব্যৱস্থাও  ৰিজাৰ্ভ বেংকে  গ্ৰহণ কৰিব পাৰে।  ৰিজাৰ্ভ বেংকে  ইতিমধ্যে কেইবাটাও বেংকৰ অনুজ্ঞাপত্ৰ বাতিলো কৰিছে। শেহতীয়াকৈ এটা ডাঙৰ বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে।  লগতে আন নটা বেংকক জৰিমনা বিহা হৈছে। এই বেংক কেইটাক  ভাৰতীয় ৰিজাৰ্ভ বেংকে মুঠ ১২ লাখ টকাৰ জৰিমনা বিহিছে। অৱশ্যে কিবা কাৰণত এইকেইটা বেংকৰ অনুজ্ঞাপত্ৰ বাতিল হ'লেও গ্ৰাহকৰ কোনো সমস্যা নহ'ব। 

কাৰণ তেওঁলোকৰ সকলো জমাৰ দায়িত্ব ৰিজাৰ্ভ বেংকৰ ওপৰত থাকিব ।ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি ওৰিশাৰ বঢ়মপুৰ সহকাৰী নগৰ বেংকৰ বিৰুদ্ধে ৩.১০ লাখ টকা, মহাৰাষ্ট্ৰৰ ওচমানাবাদ জনতা সহকাৰী বেংকক ২.৫ লাখ টকা আৰু ছান্টাৰামপুৰ নগৰ সমবায় বেংক লিমিটেডক ২ লাখ টকা জৰিমনা বিহা হৈছিল। পশ্চিম বংগৰ সমবায় বেংক, পশ্চিম বংগৰ অ' স্মল ফাইনেন্স বেংক লিমিটেড, গুজৰাটৰ নৱনগৰ কো-অপাৰেটিভ বেংক লিমিটেড, মধ্য প্ৰদেশৰ  চেণ্ট্ৰেল বেংক লিমিটেড, ছত্তীশগড়ৰ ৰেণুকা নাগৰীক সহায়ক বেংক লিমিটেড আৰু ঝাৰখণ্ডৰ জামছেদপুৰ নগৰ সমবায় বেংক লিমিটেডক ১ লাখ টকাৰ জৰিমনা বিহা হৈছে।  

ওৰিশা আৰু মধ্য প্ৰদেশৰ কেন্দ্ৰপাৰা নগৰ সমবায় বেঙ্ক লিমিটেড  কৃষ্ণা মাৰ্কেণ্টাইল কো-অপাৰেটিভ বেংক লিমিটেডকো ৫০ হাজাৰ টকাৰ  জৰিমনা বিহা হৈছে। কিন্তু কিবা কাৰণত বেংক বন্ধ হ’লে গ্ৰাহকে ৫  লাখতকৈ অধিক ধন ঘূৰাই নাপাব। আগতে এই সীমা আছিল ১ লাখ লৈকে। এতিয়া ৫ লাখ টকা কৰা হৈছে। বেংকত ৫ লাখ টকাতকৈ বেছি টকা থাকিলেও গ্ৰাহকে মাত্ৰ ৫ লাখ টকাহে ঘূৰাই পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক