--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰতীয় ৰিজাৰ্ভ বেংকে  দেশৰ ৯ টা বৃহৎ ৰাজহুৱা খণ্ডৰ বেংকক জৰিমনা বিহিছে।  ৰিজাৰ্ভ বেংকে   দেশৰ বেঙ্কিং প্ৰণালী নিৰীক্ষণ কৰে। যদি কোনো বেংকে  নিয়ম উলংঘা কৰে তেন্তে কঠোৰ ব্যৱস্থা লোৱা হয়। দেশৰ সকলো বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানে অৰ্থনৈতিক ক্ষেত্ৰত ৰিজাৰ্ভ বেংকে জাৰি কৰা সকলো নিয়ম অনুসৰণ কৰিব লাগিব। 

যদি কোনো অনিয়ম হয় অনুজ্ঞাপত্ৰ বাতিল কৰাৰ দৰে কঠোৰ ব্যৱস্থাও  ৰিজাৰ্ভ বেংকে  গ্ৰহণ কৰিব পাৰে।  ৰিজাৰ্ভ বেংকে  ইতিমধ্যে কেইবাটাও বেংকৰ অনুজ্ঞাপত্ৰ বাতিলো কৰিছে। শেহতীয়াকৈ এটা ডাঙৰ বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে।  লগতে আন নটা বেংকক জৰিমনা বিহা হৈছে। এই বেংক কেইটাক  ভাৰতীয় ৰিজাৰ্ভ বেংকে মুঠ ১২ লাখ টকাৰ জৰিমনা বিহিছে। অৱশ্যে কিবা কাৰণত এইকেইটা বেংকৰ অনুজ্ঞাপত্ৰ বাতিল হ'লেও গ্ৰাহকৰ কোনো সমস্যা নহ'ব। 

কাৰণ তেওঁলোকৰ সকলো জমাৰ দায়িত্ব ৰিজাৰ্ভ বেংকৰ ওপৰত থাকিব ।ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি ওৰিশাৰ বঢ়মপুৰ সহকাৰী নগৰ বেংকৰ বিৰুদ্ধে ৩.১০ লাখ টকা, মহাৰাষ্ট্ৰৰ ওচমানাবাদ জনতা সহকাৰী বেংকক ২.৫ লাখ টকা আৰু ছান্টাৰামপুৰ নগৰ সমবায় বেংক লিমিটেডক ২ লাখ টকা জৰিমনা বিহা হৈছিল। পশ্চিম বংগৰ সমবায় বেংক, পশ্চিম বংগৰ অ' স্মল ফাইনেন্স বেংক লিমিটেড, গুজৰাটৰ নৱনগৰ কো-অপাৰেটিভ বেংক লিমিটেড, মধ্য প্ৰদেশৰ  চেণ্ট্ৰেল বেংক লিমিটেড, ছত্তীশগড়ৰ ৰেণুকা নাগৰীক সহায়ক বেংক লিমিটেড আৰু ঝাৰখণ্ডৰ জামছেদপুৰ নগৰ সমবায় বেংক লিমিটেডক ১ লাখ টকাৰ জৰিমনা বিহা হৈছে।  

ওৰিশা আৰু মধ্য প্ৰদেশৰ কেন্দ্ৰপাৰা নগৰ সমবায় বেঙ্ক লিমিটেড  কৃষ্ণা মাৰ্কেণ্টাইল কো-অপাৰেটিভ বেংক লিমিটেডকো ৫০ হাজাৰ টকাৰ  জৰিমনা বিহা হৈছে। কিন্তু কিবা কাৰণত বেংক বন্ধ হ’লে গ্ৰাহকে ৫  লাখতকৈ অধিক ধন ঘূৰাই নাপাব। আগতে এই সীমা আছিল ১ লাখ লৈকে। এতিয়া ৫ লাখ টকা কৰা হৈছে। বেংকত ৫ লাখ টকাতকৈ বেছি টকা থাকিলেও গ্ৰাহকে মাত্ৰ ৫ লাখ টকাহে ঘূৰাই পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু