ডিজিটেল ডেস্কঃদেশৰ প্ৰথমে সূৰ্যৰ পোহৰে স্পৰ্শ কৰা অৰুণাচলৰ চতুৰ্থটো বিমানবন্দৰ মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।মোদীয়ে শনিবাৰে অৰুণাচল প্ৰদেশৰ প্ৰথমটো গ্ৰীণফিল্ড বিমানবন্দৰ উদ্বোধন কৰে। ২০১৯ চনত মোদীয়ে ইটানগৰৰ ওচৰৰ হোলোংগীত বিমানবন্দৰটোৰ আধাৰশিলা স্থাপন কৰিছিল। একে সময়তে প্ৰধানমন্ত্ৰীয়ে ৬০০ মেগাৱাটৰ কামেং জলবিদ্যুৎ প্ৰকল্পও উদ্বোধন কৰে।
বিমানবন্দৰ উদ্বোধন কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে কয়, "নিৰ্বাচনৰ পূৰ্বে মই ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত এই বিমানবন্দৰৰ আধাৰশিলা স্থাপন কৰিছিলো। সেই সময়ত, বহু ৰাজনৈতিক সমালোচকে কৈছিল যে এইটো কেৱল প্ৰাক-নিৰ্বাচনী চমক আছিল। ইয়াক প্ৰকৃততে কাৰ্যকৰী কৰা নহ'ব। কিন্তু তিনি বছৰৰ ভিতৰত প্ৰকল্পটো আজি উদ্বোধন কৰা হ’ল। যিসকলে এনে মন্তব্য কৰিছিল তেওঁলোকৰ বাবে এয়া সঠিক উত্তৰ। '"
বিমানবন্দৰটো মুকলি হোৱাৰ ফলত অৰুণাচল প্ৰদেশৰ কৃষকসকল যথেষ্ট উপকৃত হ'ব। তেওঁলোকৰ উৎপাদিত সামগ্ৰী সহজে দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰিব পৰা যাব। বিমানবন্দৰটোৱে অৰুণাচলৰ লোকসকলৰ উপাৰ্জন বৃদ্ধিত সহায় কৰিব বুলিও প্ৰধানমন্ত্ৰীয়ে কয়।
হোলোংগীৰ এই বিমানবন্দৰৰ নাম হৈছে 'ডনি পোলো'। ৰাজ্যখনৰ থলুৱা ৰীতি-নীতি অনুসৰি, সূৰ্য আৰু চন্দ্ৰক এই নামেৰে কোৱা হয়। বিমানবন্দৰটো অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পৰা ২৫ কিলোমিটাৰ দূৰৈত অৱস্থিত । ইয়াৰ জৰিয়তে ইটানগৰৰ পৰা দেশৰ বাকী অংশলৈ পোনপটীয়া বিমান সেৱা উপলব্ধ হ'ব। উল্লেখ্য এইটো অৰুণাচল প্ৰদেশৰ চতুৰ্থ বিমানবন্দৰ আৰু উত্তৰ-পূব ভাৰতৰ ১৬ সংখ্যক বিমানবন্দৰ।
প্ৰায় ৬৯০ একৰ জুৰি বিস্তৃত বিমানবন্দৰটো নিৰ্মাণৰ বাবে মুঠ ৬৪০ কোটি টকা ব্যয় কৰা হৈছে। বিমানবন্দৰটোৱে ৰাজ্যখনৰ পৰ্যটনৰ বিকাশত সহায় কৰিব বুলি ধাৰণা কৰা হৈছে। ইয়াৰ উপৰি ৰাজ্যখনৰ সামগ্ৰী আৰু কৃষিজাত সামগ্ৰী দেশৰ যিকোনো স্থানলৈ দ্ৰুততাৰে সৰবৰাহ কৰিব পৰা যাব। সেই অঞ্চলৰ ৰোগীসকলেও উন্নত চিকিৎসাৰ বাবে দেশৰ আন প্ৰান্তলৈ সহজে ভ্ৰমণ কৰিব পাৰিব।
ডনি পোলো বিমানবন্দৰত মুঠ ২,৩০০ মিটাৰ দৈৰ্ঘ্যৰ ৰানৱে আছে। আধুনিক ডিজাইনত নিৰ্মিত এই বিমানবন্দৰটো সকলো দিশৰ পৰাই উন্নত বুলি কোৱা হৈছে। বিমানবন্দৰৰ টাৰ্মিনেলটোও আকৰ্ষণীয়। সেউজ শক্তিৰ বিষয়ে সাধাৰণ মানুহৰ সজাগতা সৃষ্টিৰ কথা মনত ৰাখি ইয়াক সৃষ্টি কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে কয় ’কেইবা দশক ধৰি উত্তৰ-পূব ভাৰতক দিল্লীয়ে সকলে উপেক্ষা কৰি আহিছে। কিন্তু অটল বিহাৰী বাজপেয়ী শাসনলৈ অহাৰ পিছৰে পৰা আমি সেই ধাৰণা সলনি কৰিছো। আমি ২০১৪ চনত পুনৰ ক্ষমতালৈ আহিছিলো আৰু তাৰ পিছত মই এই স্থানক পুনৰ গুৰুত্ব দিবলৈ আৰম্ভ কৰিলোঁ। বৰ্তমান অঞ্চলটোৱে সংস্কৃতিৰ পৰা কৃষিলৈ, বাণিজ্যৰ পৰা সংযোগলৈ, ব্যৱসায়ৰ পৰা পৰ্যটনলৈ আৰু টেলিকমৰ পৰা বস্ত্ৰলৈকে সকলো দিশতে উন্নতি কৰি আছে।
কামেং শক্তি প্ৰকল্পটো অঞ্চলটোৰ সৰ্ববৃহৎ শক্তি প্ৰকল্প হ'বলৈ গৈ আছে। ই বছৰি ৩,৩৫৩ নিযুত একক শক্তি উৎপাদন কৰিবলৈ সক্ষম হ'ব। ইয়াৰ জৰিয়তে অৰুণাচল প্ৰদেশে বিনামূলীয়াকৈ প্ৰায় ৩৯৮ নিযুত ইউনিট (২০০ কোটি টকা) বিদ্যুৎ লাভ কৰিব। প্ৰকল্পটোত প্ৰায় ৮,৪৫০ কোটি টকা ব্যয় কৰা হৈছে।’