--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট, চমুকৈ ইডি- এ বিত্তীয় খেলিমেলিৰ অভিযোগত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (পিএফআই) সৈতে সম্পৰ্কিত ২৩ টা বেংক একাউণ্ট ৰদ কৰিছে।  লগতে ইডি- এ পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰে সম্পৰ্কিত সংগঠন ৰিহেব ইণ্ডিয়া ফাউণ্ডেচন (আৰআইএফ)ৰ ১০ টা বেংক একাউণ্টো ৰদ কৰিছে। সন্দেহজনক উৎসৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পিএফআই) আৰু ৰিহেব ইণ্ডিয়া ফাউণ্ডেচন (আৰআইএফ)ৰ এই একাউন্ট সমূহত জমা হৈছে বুলি ইডি- এ অভিযোগ কৰিছে।

এক বিবৃতিত ইডি- এ কয়, "পিএফআইৰ একাউণ্টত ৬০ কোটি টকাতকৈও অধিক পৰিমাণৰ ধন জমা কৰা হৈছে। একাউন্ট সমূহত ২০০৯ চনৰ পৰা ৩০ কোটি টকাৰ অধিক নগদ জমা অন্তৰ্ভুক্ত আছে। একেদৰে, ২০১০ চনৰ পৰা আৰআইএফৰ একাউণ্টত প্ৰায় ৫৮ কোটি টকা জমা কৰা হৈছে।" 

এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ বিষয়াসকলৰ মতে, পিএফআইয়ে আন সম্পৰ্কিত অভিযুক্ত ব্যক্তিৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পূৰ্ণ ৰক্ষা কৰি আহিছে আৰু অপৰাধী কৰ্মৰ দ্বাৰা উপাৰ্জিত ধন ৰপ্তানি কৰাত লিপ্ত হৈছে। বিত্তীয় অনুসন্ধান সংস্থাটোৱে লগতে অভিযোগ কৰিছে যে এনে ধনৰাশি নগদ ধনৰ ৰূপত সংগ্ৰহ কৰা হৈছিল, কিন্তু ইয়াৰ বেংক একাউণ্টসমূহত সদস্যসকলৰ পৰা নগদ অনুদান হিচাপে ভুৱাকৈ দেখুৱাই জমা কৰা হৈছিল।

একেদৰে অপৰাধৰ সৈতে জড়িত ধন নগদ ধনৰ ৰূপত সংগ্ৰহ কৰাৰ পিছত পিএফআই- ৰ নেতাসকলে বিভিন্ন ব্যক্তিৰ বেংক একাউণ্টত জমা কৰিছিল আৰু পিছত এই পুঁজি পিএফআইৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হৈছিল বুলিও ইডি- এ বিবৃতিটোত উল্লেখ কৰে। 

অপৰাধমূলক ষড়যন্ত্ৰৰ অংশ হিচাপে উপসাগৰীয় দেশসমূহত সুসংগঠিত নেটৱৰ্কৰ জৰিয়তে পুঁজি সংগ্ৰহ কৰাত পিএফআই জড়িত আছে বুলি অভিযোগ কৰি বিভাগটোৱে এই অপৰাধী কাৰ্যৰ দ্বাৰা উপাৰ্জিত ধন গোপনে ভূগৰ্ভৰ তলেৰে অবৈধ চেনেলৰ জৰিয়তে ভাৰতলৈ প্ৰেৰণ কৰা হয় বুলিও উল্লেখ কৰিছে। 

এনেদৰে পিএফআই আৰু ইয়াৰ সম্পৰ্কিত প্ৰতিষ্ঠানবোৰে এক বৃহত্তৰ অপৰাধমূলক ষড়যন্ত্ৰৰ অংশ হিচাপে বিভিন্ন বেআইনী কাৰ্যকলাপ সম্পাদন কৰাৰ বাবে দেশ আৰু বিদেশৰ ভিতৰত পুঁজি সংগ্ৰহ কৰি আহিছে বুলি ইডি- এ অভিযোগ কৰিছে।

সেয়েহে এই সংগঠনসমূহৰ বিৰুদ্ধে বহুকেইটা অভিযোগ পঞ্জীয়ন কৰাৰ লগতে সংগঠনসমূহৰ সদস্যসকলৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল কৰা হৈছে তথা দোষী সাব্যস্ত কৰা হৈছে বুলিও ইডি- এ বিবৃতিটোত সংযোগ কৰিছে। 

ইডিয়ে ইতিমধ্যে লক্ষ্ণৌৰ বিশেষ পিএমএলএ আদালতত কেম্পাছ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ সৈতে কাৰ্য্যালয়-বাহক আৰু পিএফআইৰ সদস্যসকলৰ বিৰুদ্ধে দুখন অভিযোগপত্ৰ দাখিল কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ