--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অৱশেষত বহু জল্পনা-কল্পনাৰ অন্তত বলীউডৰ বহু চৰ্চিত বিয়াখন হ'লগৈ। বিকি কৌশলৰ জীৱনৰ লগৰী হৈ গৃহলক্ষ্মী হ'ল মোহময়ী কেটৰিনা কাঈফ। ৯ ডিচেম্বৰত এই দুই তাৰকাই যুগ্ম জীৱনৰ পাতনি মেলে। বিয়াখন পাতিলে ঠিকেই…এতিয়া ঘৰখনো পাতিব লাগে। সপোনৰ সংসাৰখনৰ পাতনি ক'ত মেলিব তাকে লৈ নানা পৰিকল্পনা বিকৰিনা অৰ্থাৎ বিকি আৰু কেটৰিনাৰ। এইখিনিতে বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী অনুষ্কা শৰ্মাৰ এটা ইনষ্টাগ্ৰাম পোষ্ট ভাইৰেল হৈ পৰিছে।

অনুষ্কাই বিকি-কেটৰিনাৰ বিবাহক শুভকামনা জ্ঞাপন কৰি কয় ''দুয়োজন ধুনীয়া মানুহক অলেখ শুভকামনা। প্ৰেম আৰু বুজাপৰাৰ মাজেৰে দুয়ো চিৰজীৱনৰ কাৰণে সুখী হোৱা। এইটো অতি আনন্দৰ কথা যে দুয়ো বিবাহপাশত আৱদ্ধ হ'লা। এতিয়া সোনকালেই তোমালোকৰ নতুন ঘৰটোলৈ আহা.. যাতে আমি আৰু ঘৰ নিৰ্মাণ কৰি থকাৰ শব্দবোৰ শুনি থাকিবলগীয়া নহয়।'' শেষৰ কথাটো কওঁতে অনুষ্কাই দুটা ফানী ই'মজীও ব্যৱহাৰ কৰিছে। এই ইনষ্টা পোষ্টটোত অনুষ্কাই বিকি আৰু কেটৰিনাক টেগো কৰিছে। ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে বিৰুষ্কা অৰ্থাৎ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ ওচৰ-চুবুৰীয়া হ'ব নৱ দম্পতী বিকি আৰু কেটৰিনা।

ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা অনুষ্কা শৰ্মাৰ পোষ্টটো

উল্লেখ্য যে বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাক অনুৰাগীসকলে যেনেদৰে 'বিৰুষ্কা' বুলি মৰমত মাতে ঠিক তেনেদৰে বিকি আৰু কেটৰিনাকো অনুৰাগীসকলে 'বিকৰিনা' বুলি মাতিবলৈ লৈছে। কিছুমানে 'বিক্যেট' বুলিও মাতে। মুঠৰ ওপৰত 'বিকৰিনা' 'বিৰুষ্কা'ৰ ওচৰ-চুবুৰীয়া হ'বলৈ গৈ থকা খবৰটোৱে সুখী কৰি তুলিছে তেওঁলোকৰ অনুৰাগীসকলক। অনুষ্কা শৰ্মা আৰু বিৰাট কোহলী মুম্বাইৰ অভিজাত এলেকা জুহুৰ এটা সাগৰমুখী বিলাসী অট্টালিকাত বাস কৰে। বিকি আৰু কেটৰিনাই একেটা অট্টালিকাৰে অষ্টম মহলাটো পাঁচ বছৰৰ বাবে ভাড়ালৈ লৈছে। এই ৫,০০০ বৰ্গফুটৰ এপাৰ্টমেণ্টৰ ভাড়া হৈছে প্ৰতি মাহে ৯ লাখ টকা। উল্লেখ্য যে অনুষ্কা শৰ্মা আৰু কেটৰিনা কাঈফে 'জব তক হে জান' আৰু 'জিৰো'ত একেলগে অভিনয় কৰিছিল। তেতিয়াৰে পৰা দুয়োৰে মাজত আছে এক বন্ধুত্বসুলভ সম্পৰ্ক।

আৰু পঢ়কঃ ‘কাচা বাদাম’ গাই জনপ্ৰিয় হোৱা ভুৱন বাদ্যকৰ এইবাৰ নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ