--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিকি কৌশল আৰু কেটৰিনা কাঈফৰ বিয়াখন খুব সুন্দৰকৈ সমাপন হৈ গল। এতিয়া মাথোঁ চাৰিওদিশে বিয়াৰে খবৰ। এইবাৰ সৰুপৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী অংকিতা লোখণ্ডেৰ বিয়াৰ খবৰ পোহৰলৈ আহিছে। দীৰ্ঘদিনীয়া প্ৰেমিক বিকি জৈনৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ব অংকিতা। 'পৱিত্ৰ ৰিস্তা' নামৰ ছিৰিয়েলখনৰ জৰিয়তে ঘৰে ঘৰে জনপ্ৰিয় হৈ উঠিছিল অংকিতা। 'মানৱ' আৰু 'অৰ্চনা' এই যুটীটোক খুব পচন্দ কৰিছিল দৰ্শকসকলে। মানৱ চৰিত্ৰটো ৰূপায়ন কৰিছিল প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতে আৰু অৰ্চনাৰ চৰিত্ৰত অভিনয় কৰিছিল অংকিতাই ।

এই ধাৰাবাহিকখনত অভিনয় কৰিয়েই সুশান্ত আৰু অংকিতা ইজনে সিজনৰ প্ৰেমত পৰিছিল। দুয়ো বিবাহৰ সিদ্ধান্তও লৈ পেলাইছিল। প্ৰায় ৬ বছৰীয়া প্ৰেমৰ সম্পৰ্কত থকাৰ পাছত দুয়োৰে মাজত হঠাতে বিচ্ছেদ ঘটিছিল, এই কথা সকলোৱে জানে। দুয়ো দুয়োৰ পৰা আঁতৰি আহি বেলেগ পথত আগবাঢ়িল।

সুশান্তৰ সৈতে বিচ্ছেদ ঘটাৰ পাছতেই অংকিতা লোখণ্ডে বিকি জৈনৰ প্ৰেমত পৰে। ইয়াৰ মাজতে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ খবৰে সকলোকে শোকৰ সাগৰত ডুবালে। দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত এতিয়া অংকিতা আৰু বিকি চিৰজীৱনৰ বাবে এক হ'বলৈ গৈ আছে। ১৪ ডিচেম্বৰত অগ্নিক সাক্ষীক কৰি বিবাহ পাশত আৱদ্ধ হ'ব অংকিতা আৰু বিকি। অংকিতাৰ মেহেন্দি অনুষ্ঠান দেওবাৰে অনুষ্ঠিত হয়। এই অনুষ্ঠানত অংকিতাক তেওঁৰ বন্ধুবৰ্গৰ সৈতে নৃত্যত মতলীয়া হোৱা দেখা গৈছিল। উল্লেখ্য যে দুয়োৰে বাগদান পৰ্বত ইজনে সিজনক আঙঠি পিন্ধাওতে সুশান্ত সিং ৰাজপুতৰ চিনেমা 'ৰাবতা'ৰ গান বাজি উঠিছিল।

আৰু পঢ়কঃ শোকাৱহ জাহাজ দুৰ্ঘটনা! মৃত্যু ৯, সন্ধানহীন ২, জীৱন্তে উদ্ধাৰ ৩ জন


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ