--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিকি কৌশল আৰু কেটৰিনা কাঈফৰ বিয়াখন খুব সুন্দৰকৈ সমাপন হৈ গল। এতিয়া মাথোঁ চাৰিওদিশে বিয়াৰে খবৰ। এইবাৰ সৰুপৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী অংকিতা লোখণ্ডেৰ বিয়াৰ খবৰ পোহৰলৈ আহিছে। দীৰ্ঘদিনীয়া প্ৰেমিক বিকি জৈনৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ব অংকিতা। 'পৱিত্ৰ ৰিস্তা' নামৰ ছিৰিয়েলখনৰ জৰিয়তে ঘৰে ঘৰে জনপ্ৰিয় হৈ উঠিছিল অংকিতা। 'মানৱ' আৰু 'অৰ্চনা' এই যুটীটোক খুব পচন্দ কৰিছিল দৰ্শকসকলে। মানৱ চৰিত্ৰটো ৰূপায়ন কৰিছিল প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতে আৰু অৰ্চনাৰ চৰিত্ৰত অভিনয় কৰিছিল অংকিতাই ।

এই ধাৰাবাহিকখনত অভিনয় কৰিয়েই সুশান্ত আৰু অংকিতা ইজনে সিজনৰ প্ৰেমত পৰিছিল। দুয়ো বিবাহৰ সিদ্ধান্তও লৈ পেলাইছিল। প্ৰায় ৬ বছৰীয়া প্ৰেমৰ সম্পৰ্কত থকাৰ পাছত দুয়োৰে মাজত হঠাতে বিচ্ছেদ ঘটিছিল, এই কথা সকলোৱে জানে। দুয়ো দুয়োৰ পৰা আঁতৰি আহি বেলেগ পথত আগবাঢ়িল।

সুশান্তৰ সৈতে বিচ্ছেদ ঘটাৰ পাছতেই অংকিতা লোখণ্ডে বিকি জৈনৰ প্ৰেমত পৰে। ইয়াৰ মাজতে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ খবৰে সকলোকে শোকৰ সাগৰত ডুবালে। দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত এতিয়া অংকিতা আৰু বিকি চিৰজীৱনৰ বাবে এক হ'বলৈ গৈ আছে। ১৪ ডিচেম্বৰত অগ্নিক সাক্ষীক কৰি বিবাহ পাশত আৱদ্ধ হ'ব অংকিতা আৰু বিকি। অংকিতাৰ মেহেন্দি অনুষ্ঠান দেওবাৰে অনুষ্ঠিত হয়। এই অনুষ্ঠানত অংকিতাক তেওঁৰ বন্ধুবৰ্গৰ সৈতে নৃত্যত মতলীয়া হোৱা দেখা গৈছিল। উল্লেখ্য যে দুয়োৰে বাগদান পৰ্বত ইজনে সিজনক আঙঠি পিন্ধাওতে সুশান্ত সিং ৰাজপুতৰ চিনেমা 'ৰাবতা'ৰ গান বাজি উঠিছিল।

আৰু পঢ়কঃ শোকাৱহ জাহাজ দুৰ্ঘটনা! মৃত্যু ৯, সন্ধানহীন ২, জীৱন্তে উদ্ধাৰ ৩ জন


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু