--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহৰ আগতে আপুনি গৰ্ভৱতী আছিল নেকি অভিনেত্ৰী আলিয়া ভাট?  আলিয়াই  লুকুৱাব বিচাৰিও লুকুৱাব পৰা নাছিল নেকি কথাটো? আলিয়াৰ  বিয়া এপ্ৰিলত হৈছিল, আৰু কেইদিনমানৰ ভিতৰতে তেওঁলোকৰ সংসাৰলৈ এজন নতুন অতিথিৰ আগমণ ঘটিছিল।  ইয়াৰ অৰ্থ এয়াই নেকি যে বিয়াৰ আগতে  গৰ্ভধাৰণ কৰাৰ বাবেই ততাতৈয়াকৈ আলনয়া বিবাহপাশত আব্ধ হৈছিল। এনেবোৰ প্ৰশ্নই এতিয়া ঘূৰি ফুৰিছে নেট বিশ্বত। বহুতে  আলিয়া ভাটক সমালোচনাৰো  লক্ষ্য কৰি লৈছে।

অৱশ্যে লেখিকা তথা  আলিয়াৰ ভগ্নী শ্বাহিন ভাটে এনেবোৰ সমালোচনাত  নীৰৱ হৈ থাকিব নোৱাৰিলে। শ্বাহিনৰ স্পষ্ট মত ’হ’ব পাৰে, কি ডাঙৰ কথা’?  তেওঁ কয়  যে যিয়েই নহওঁক, এয়া আলিয়াৰ ব্যক্তিগত জীৱন আৰু সিদ্ধান্ত। পৰিয়ালৰ সকলোৱে বহুত সুখী। বাহিৰৰ লোকৰ এনেবোৰ কথাকলৈ সমস্যা ক'ত?
এক সাক্ষাৎকাৰত শ্বাহিনে কয়, "মানুহে এইটোও ভাবি আছে যে আলিয়া মাতৃ হ'লে কাম কৰা বন্ধ কৰিব! সেয়াও সঁচা নেকি?"

ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে বহু বছৰ ধৰি ইজনে সিজনৰ মাজত প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰাৰ  পিছত ১৪ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হৈছিল। মুম্বাইত ৰণবীৰৰ বাসগৃহত বিবাহ অনুষ্ঠান সৰুকৈ অনুষ্ঠিত কৰা হৈছিল। দুমাহৰ পিছত যেতিয়া আলিয়া হলীউডৰ ছবি 'হাৰ্ট অফ ষ্টোন'ৰ বাবে লণ্ডনত আছিল, সকলোৱে জানিব পাৰিছিল যে অভিনেত্ৰীগৰাকী মাতৃ হ'বলৈ গৈ আছে। আলিয়া-ৰণবীৰে চিকিৎসালয়ৰ বিচনাত শুই থকা শিশুটোৰ এখন ফটোও শ্বেয়াৰ কৰিছিল।

শ্বাহিনে কয় "মই আলিয়াৰ হৈ কথা নকওঁ। কাৰণ এয়া তেওঁৰ ব্যক্তিগত জীৱনৰ কথা। তেওঁৰ ব্যক্তিগত জীৱনত যি ঘটে সেয়া সম্পূৰ্ণৰূপে তেওঁৰ কথা। মই কেৱল ক'ব পাৰোঁ যে সকলোৰে নিজৰ কেতবোৰ স্বাধীনতা থাকে। এইক্ষেত্ৰত কোনেও দায়িত্ব ল’ব নালাগে। সদায় নেতিবাচক মন্তব্য থাকিবই।  সমাজ এখনত বাস কৰিবলৈ, আমি কি শুনিব লাগে আৰু সেইবোৰ এখন কাণেৰে শুনি  আন খন কাণেৰে উলিয়াই দিহব লাগে সেয়া শিকিব লাগিব। "

তেওঁ লগতে কয় "এইবছৰটো আমাৰ পৰিয়ালৰ বাবে এটা ভাল বছৰ। আমাৰ পৰিয়ালত  সদস্যৰ সংখ্যা বাঢ়িছে। ইয়াতকৈ অধিক আনন্দদায়ক কথা কি হ'ব পাৰে!"আলিয়াক শেষবাৰৰ বাবে অয়ন মুখাৰ্জী পৰিচালিত ছবি  'ব্ৰহ্মাস্ত্ৰ'ত দেখা গৈছিল।  একে সময়তে আলিয়াৰ নিজা প্ৰযোজনাত নেটফ্লিক্সত 'ডাৰ্লিংছ' মুক্তি দিয়া হৈছিল। 'হাৰ্ট অফ ষ্টোন' অহা বছৰ মুক্তি পাব। 

ইয়াৰ মাজতে তেওঁ আন কোনো চলচ্চিত্ৰৰ বাবে চুক্তি স্বাক্ষৰ কৰা নাই বুলি জানিব পৰা গৈছে। মাক হোৱাৰ পিছত, অলপ বিশ্ৰাম লৈ আলিয়াই পুনৰ কামলৈ ঘূৰি আহিব বিচাৰে। ৰণবীৰে ঘৰত  শিশুটোৰ যত্ন ল'ব। অভিনেতা ৰণবীৰ কাপুৰেও কৈছে যে তেওঁ এজন ভাল দেউতাক হ'ব বিচাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’