--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহৰ আগতে আপুনি গৰ্ভৱতী আছিল নেকি অভিনেত্ৰী আলিয়া ভাট?  আলিয়াই  লুকুৱাব বিচাৰিও লুকুৱাব পৰা নাছিল নেকি কথাটো? আলিয়াৰ  বিয়া এপ্ৰিলত হৈছিল, আৰু কেইদিনমানৰ ভিতৰতে তেওঁলোকৰ সংসাৰলৈ এজন নতুন অতিথিৰ আগমণ ঘটিছিল।  ইয়াৰ অৰ্থ এয়াই নেকি যে বিয়াৰ আগতে  গৰ্ভধাৰণ কৰাৰ বাবেই ততাতৈয়াকৈ আলনয়া বিবাহপাশত আব্ধ হৈছিল। এনেবোৰ প্ৰশ্নই এতিয়া ঘূৰি ফুৰিছে নেট বিশ্বত। বহুতে  আলিয়া ভাটক সমালোচনাৰো  লক্ষ্য কৰি লৈছে।

অৱশ্যে লেখিকা তথা  আলিয়াৰ ভগ্নী শ্বাহিন ভাটে এনেবোৰ সমালোচনাত  নীৰৱ হৈ থাকিব নোৱাৰিলে। শ্বাহিনৰ স্পষ্ট মত ’হ’ব পাৰে, কি ডাঙৰ কথা’?  তেওঁ কয়  যে যিয়েই নহওঁক, এয়া আলিয়াৰ ব্যক্তিগত জীৱন আৰু সিদ্ধান্ত। পৰিয়ালৰ সকলোৱে বহুত সুখী। বাহিৰৰ লোকৰ এনেবোৰ কথাকলৈ সমস্যা ক'ত?
এক সাক্ষাৎকাৰত শ্বাহিনে কয়, "মানুহে এইটোও ভাবি আছে যে আলিয়া মাতৃ হ'লে কাম কৰা বন্ধ কৰিব! সেয়াও সঁচা নেকি?"

ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে বহু বছৰ ধৰি ইজনে সিজনৰ মাজত প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰাৰ  পিছত ১৪ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হৈছিল। মুম্বাইত ৰণবীৰৰ বাসগৃহত বিবাহ অনুষ্ঠান সৰুকৈ অনুষ্ঠিত কৰা হৈছিল। দুমাহৰ পিছত যেতিয়া আলিয়া হলীউডৰ ছবি 'হাৰ্ট অফ ষ্টোন'ৰ বাবে লণ্ডনত আছিল, সকলোৱে জানিব পাৰিছিল যে অভিনেত্ৰীগৰাকী মাতৃ হ'বলৈ গৈ আছে। আলিয়া-ৰণবীৰে চিকিৎসালয়ৰ বিচনাত শুই থকা শিশুটোৰ এখন ফটোও শ্বেয়াৰ কৰিছিল।

শ্বাহিনে কয় "মই আলিয়াৰ হৈ কথা নকওঁ। কাৰণ এয়া তেওঁৰ ব্যক্তিগত জীৱনৰ কথা। তেওঁৰ ব্যক্তিগত জীৱনত যি ঘটে সেয়া সম্পূৰ্ণৰূপে তেওঁৰ কথা। মই কেৱল ক'ব পাৰোঁ যে সকলোৰে নিজৰ কেতবোৰ স্বাধীনতা থাকে। এইক্ষেত্ৰত কোনেও দায়িত্ব ল’ব নালাগে। সদায় নেতিবাচক মন্তব্য থাকিবই।  সমাজ এখনত বাস কৰিবলৈ, আমি কি শুনিব লাগে আৰু সেইবোৰ এখন কাণেৰে শুনি  আন খন কাণেৰে উলিয়াই দিহব লাগে সেয়া শিকিব লাগিব। "

তেওঁ লগতে কয় "এইবছৰটো আমাৰ পৰিয়ালৰ বাবে এটা ভাল বছৰ। আমাৰ পৰিয়ালত  সদস্যৰ সংখ্যা বাঢ়িছে। ইয়াতকৈ অধিক আনন্দদায়ক কথা কি হ'ব পাৰে!"আলিয়াক শেষবাৰৰ বাবে অয়ন মুখাৰ্জী পৰিচালিত ছবি  'ব্ৰহ্মাস্ত্ৰ'ত দেখা গৈছিল।  একে সময়তে আলিয়াৰ নিজা প্ৰযোজনাত নেটফ্লিক্সত 'ডাৰ্লিংছ' মুক্তি দিয়া হৈছিল। 'হাৰ্ট অফ ষ্টোন' অহা বছৰ মুক্তি পাব। 

ইয়াৰ মাজতে তেওঁ আন কোনো চলচ্চিত্ৰৰ বাবে চুক্তি স্বাক্ষৰ কৰা নাই বুলি জানিব পৰা গৈছে। মাক হোৱাৰ পিছত, অলপ বিশ্ৰাম লৈ আলিয়াই পুনৰ কামলৈ ঘূৰি আহিব বিচাৰে। ৰণবীৰে ঘৰত  শিশুটোৰ যত্ন ল'ব। অভিনেতা ৰণবীৰ কাপুৰেও কৈছে যে তেওঁ এজন ভাল দেউতাক হ'ব বিচাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী