--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহৰ অৰ্থ হৈছে আত্মীয়, বন্ধুবৰ্গ আৰু ভোজৰ সংমিশ্ৰণ। আজিকালি বিদেশলৈ গৈও বহুতে  বিয়া পাতে।বিয়া বুলি ক’লেই দৰ-কইনাৰ লগতে বৰযাত্ৰীৰ বাবে বাছ, সৰু গাড়ী আদি ভাড়া কৰা হয়৷ কিন্তু শেহতীয়াকৈ এনে এখন বিয়াৰ কথা পোহৰলৈ আহিছে যি খন বিয়াত দৰা-কইনাই কোনো বাছ বা সৰু গাড়ীৰ সলনি আত্মীয় আৰু বন্ধুবৰ্গৰ বাবে এখন বিমানেই ভাড়া কৰি পেলাইছে৷  

বিয়াৰ অভ্যাগতই  ভাড়া কৰা বিমান উঠি যাত্ৰা কৰাৰ বিডিঅ’টো এতিয়া ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোৱে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই কথাই  বহুতকে  হতবাক কৰিও তুলিছে। কিছুমানে কৈছে, "ময়ো ঠিক এনে এজন ডাঙৰ মানুহেই হ'ব বিচাৰো।" 


শেহতীয়াকৈ, ইনষ্টাগ্ৰামত এই ভিডিঅ'টো ভাইৰেল হৈছে। শ্ৰেয়া শ্বাহ নামৰ এগৰাকী  ইনষ্টা ব্যৱহাৰকাৰীয়ে এই ভিডিঅ'টো পোষ্ট কৰিছে৷ দম্পতীহালে বিয়াৰ বাবে এখন বিমান ভাড়া লৈছিল! বিমানত  কইনা আৰু দৰাই আনন্দ মনেৰে বহি গৈছে৷ ভিডিঅ’টোত এগৰাকী যুৱতীয়ে  হাঁহি হাঁহি কৈছিল যে তেওঁ তেওঁৰ ভনীয়েকৰ বিয়াৰ বাবে এখন বিমান ভাড়াত লৈছে। তাৰ পিছতে  যাত্ৰীসকলৰ কোলাহল শুনিবলৈ পোৱা গৈছে৷  যাত্ৰীসকলৰ প্ৰত্যককেই অতি অনন্দিত হৈ থকা দেখিবলৈ পোৱা গৈছে৷  

ইনষ্টাগ্ৰামত পোষ্ট কৰা ভিডিঅ'টোৰ শিৰোনামটোত লিখা আছে, "কেমেৰাটো ঘূৰাই দিয়া হওঁক। অনুমান কৰক আমি বিয়াখনৰ বাবে  ক'লৈ গৈ আছো?" পুনেৰ ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীজনে অৱশ্যে সেয়া কাৰ বিয়া সেই বিষয়ত  কোনো মন্তব্য কৰা নাই।

ভিডিঅ'টো ৮৬০,০০০ ৰো অধিক ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে লাইক কৰিছে। ২,০০০ৰো অধিক মন্তব্য আহিছে। কোনোবাই লিখিছে, " ধনী বুলি নোকোৱাকৈয়ে  আপোনাৰ ওচৰত কিমান টকা আছে সেয়া বুজাই দিয়াৰ এয়া এটা  ভাল কৌশল" । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু