--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহৰ অৰ্থ হৈছে আত্মীয়, বন্ধুবৰ্গ আৰু ভোজৰ সংমিশ্ৰণ। আজিকালি বিদেশলৈ গৈও বহুতে  বিয়া পাতে।বিয়া বুলি ক’লেই দৰ-কইনাৰ লগতে বৰযাত্ৰীৰ বাবে বাছ, সৰু গাড়ী আদি ভাড়া কৰা হয়৷ কিন্তু শেহতীয়াকৈ এনে এখন বিয়াৰ কথা পোহৰলৈ আহিছে যি খন বিয়াত দৰা-কইনাই কোনো বাছ বা সৰু গাড়ীৰ সলনি আত্মীয় আৰু বন্ধুবৰ্গৰ বাবে এখন বিমানেই ভাড়া কৰি পেলাইছে৷  

বিয়াৰ অভ্যাগতই  ভাড়া কৰা বিমান উঠি যাত্ৰা কৰাৰ বিডিঅ’টো এতিয়া ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোৱে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই কথাই  বহুতকে  হতবাক কৰিও তুলিছে। কিছুমানে কৈছে, "ময়ো ঠিক এনে এজন ডাঙৰ মানুহেই হ'ব বিচাৰো।" 


শেহতীয়াকৈ, ইনষ্টাগ্ৰামত এই ভিডিঅ'টো ভাইৰেল হৈছে। শ্ৰেয়া শ্বাহ নামৰ এগৰাকী  ইনষ্টা ব্যৱহাৰকাৰীয়ে এই ভিডিঅ'টো পোষ্ট কৰিছে৷ দম্পতীহালে বিয়াৰ বাবে এখন বিমান ভাড়া লৈছিল! বিমানত  কইনা আৰু দৰাই আনন্দ মনেৰে বহি গৈছে৷ ভিডিঅ’টোত এগৰাকী যুৱতীয়ে  হাঁহি হাঁহি কৈছিল যে তেওঁ তেওঁৰ ভনীয়েকৰ বিয়াৰ বাবে এখন বিমান ভাড়াত লৈছে। তাৰ পিছতে  যাত্ৰীসকলৰ কোলাহল শুনিবলৈ পোৱা গৈছে৷  যাত্ৰীসকলৰ প্ৰত্যককেই অতি অনন্দিত হৈ থকা দেখিবলৈ পোৱা গৈছে৷  

ইনষ্টাগ্ৰামত পোষ্ট কৰা ভিডিঅ'টোৰ শিৰোনামটোত লিখা আছে, "কেমেৰাটো ঘূৰাই দিয়া হওঁক। অনুমান কৰক আমি বিয়াখনৰ বাবে  ক'লৈ গৈ আছো?" পুনেৰ ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীজনে অৱশ্যে সেয়া কাৰ বিয়া সেই বিষয়ত  কোনো মন্তব্য কৰা নাই।

ভিডিঅ'টো ৮৬০,০০০ ৰো অধিক ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে লাইক কৰিছে। ২,০০০ৰো অধিক মন্তব্য আহিছে। কোনোবাই লিখিছে, " ধনী বুলি নোকোৱাকৈয়ে  আপোনাৰ ওচৰত কিমান টকা আছে সেয়া বুজাই দিয়াৰ এয়া এটা  ভাল কৌশল" । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক