--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজিকালি চচিয়েল মিডিয়াত আচৰিত ধৰণৰ ভিডিঅ’ প্ৰকাশ পায়।  ক’ত আগতে বিবাহ অনুষ্ঠানত নৃত্য কৰা লোকৰ পৰা আৰম্ভ কৰি নাম কীৰ্তন কৰি থাকোঁতেই ইহলীলা সম্বৰণ কৰে বহু লোকে। অনুষ্ঠান গীত পৰিৱেশন কৰি থাকোঁতেই হাৰ্ট এটেক হৈ প্ৰাণ হেৰুৱাই শিল্পীয়ে। একে সময়তে মন্দিৰত ভগৱানৰ সন্মুখত শিৰ নত কৰি মৃত্যুক সাৱটি লয় এজন ব্যক্তিয়ে।

হয়, ভগৱানৰ দৰবাৰত ভৰিৰ ওচৰত প্ৰাৰ্থনা কৰি থকাৰ সময়তে হাৰ্ট এটেকত এজন ব্যক্তিৰ মৃত্যু হৈছে। ইয়াৰ এটা ভিডিঅ’ও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ঘটনাৰ তীব্ৰ গতিৰে ভাইৰেল হৈ আছে। যিয়ে এই ভিডিঅ'টো দেখিছে তেওঁ অলপ সময়ৰ বাবে হ'লেও স্তম্ভিত হৈ পৰিছে। বৰ্তমান এই ঘটনাৰ খবৰ আহিছে মধ্যপ্ৰদেশৰ কাটনি জিলাৰ পৰা।


এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াৰ প্ৰতিটো প্লেটফৰ্মত শ্বেয়াৰ কৰা হৈছে। আনহাতে এই ভিডিঅ’টো টুইটাৰত শ্বেয়াৰ কৰিছে নৰেন্দ্ৰ সিং নামৰ এজন ব্যক্তিয়ে। ভিডিঅ’টোত এজন ভক্তই মন্দিৰত সাই বাবাক দৰ্শন কৰাৰ পাছত তেওঁৰ ভৰিৰ ওচৰত বহিছে। ইয়াৰ মাজতে মূৰ তল কৰি প্ৰাৰ্থনা কৰাৰ পাছতে ভগৱানৰ চৰণত একেথৰে পৰি থকা দেখা যায়।

এই সমগ্ৰ ঘটনা মন্দিৰত স্থাপন কৰা চিচিটিভি কেমেৰাত বন্দী হৈছে। যাৰ ভিডিঅ’ই এতিয়া ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মাজত শিৰোনাম দখল কৰিছে। তথ্য অনুসৰি মৃত ব্যক্তিজনৰ নাম ৰাকেশ বুলি কোৱা হৈছে, যিজনে মন্দিৰত সাই বাবাৰ ভৰিত মূৰ থৈ মৃত্যুবৰণ কৰে। বৰ্তমান সময়ত ব্যক্তিজনৰ মৃত্যুৰ ধৰণটো দেখি এতিয়া কিছুমান মানুহে ইয়াক পৰিত্ৰাণ বুলি গণ্য কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু