--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ বিয়াৰ চিঠিত মহেন্দ্ৰ সিং ধোনীৰ এখন পুৰণি ফটো সংলগ্ন কৰিলে এগৰাকী অনুৰাগীয়ে। তাৰপাছতে চৰ্চালৈ আহিছে এই লৈ।

সাধাৰণতে প্ৰিয় খেলুৱৈসকলক লৈ উন্মাদনা সমগ্ৰ বিশ্বতে দেখা যায়। ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয়। ইয়াতো ক্ৰিকেটাৰৰ উন্মাদনা কেতিয়াবা ডাঙৰ উচ্চতাত উপনীত হয়। আৰু সেইজন ক্ৰিকেটাৰ যদি মহেন্দ্ৰ সিং ধোনী হয়, তেন্তে উন্মাদনা আন এটা স্তৰলৈ যোৱাটো নিশ্চিত।

এনে উদাহৰণ কৰ্ণাটকত দেখা গ’ল। ধোনিৰ প্ৰতি থকা প্ৰেম ইমানেই যে এজন অনুৰাগীয়ে তেওঁৰ বিয়াৰ কাৰ্ডত নিজৰ প্ৰিয় তাৰকাৰ এখন ছপা কৰি দিলে। ইনষ্টাগ্ৰামৰ এটা ফেন পেজৰ সহায়ত এই ছবিখন পোহৰলৈ আহিছে।

দেখিবলৈ পোৱা গৈছে যে বিয়াৰ কাৰ্ডখনত ধোনিৰ এখন পুৰণি ফটো ছপা হৈ আছে। ২০১৩ চনত চেম্পিয়নছ ট্ৰফী জয় কৰাৰ পিছত ধোনিয়ে সংবাদমেললৈ লৈ আহিছিল ট্ৰফীটো। সেই ছবিখন বিয়াৰ কাৰ্ডত ছপা কৰা হৈছে। 

আই পি এল আৰম্ভ হ’বলৈ বাকী আছে তিনি সপ্তাহ। ৩১ মাৰ্চৰ পৰা প্ৰথমখন খেল আৰম্ভ কৰিব ধোনীয়ে। তেওঁলোকৰ প্ৰতিদ্বন্দ্বী গুজৰাট টাইটানছ। ইতিমধ্যে ধোনীয়ে প্ৰশিক্ষণ আৰম্ভ কৰিছে। বহুতে ভাবে যে এয়া ধোনীৰ শেষ আই পি এল। তেনে সময়তে ধোনীক লৈ এই উন্মাদনাই তেওঁৰ অশেষ জনপ্ৰিয়তাকে প্ৰতিপন্ন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু