--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ বিয়াৰ চিঠিত মহেন্দ্ৰ সিং ধোনীৰ এখন পুৰণি ফটো সংলগ্ন কৰিলে এগৰাকী অনুৰাগীয়ে। তাৰপাছতে চৰ্চালৈ আহিছে এই লৈ।

সাধাৰণতে প্ৰিয় খেলুৱৈসকলক লৈ উন্মাদনা সমগ্ৰ বিশ্বতে দেখা যায়। ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয়। ইয়াতো ক্ৰিকেটাৰৰ উন্মাদনা কেতিয়াবা ডাঙৰ উচ্চতাত উপনীত হয়। আৰু সেইজন ক্ৰিকেটাৰ যদি মহেন্দ্ৰ সিং ধোনী হয়, তেন্তে উন্মাদনা আন এটা স্তৰলৈ যোৱাটো নিশ্চিত।

এনে উদাহৰণ কৰ্ণাটকত দেখা গ’ল। ধোনিৰ প্ৰতি থকা প্ৰেম ইমানেই যে এজন অনুৰাগীয়ে তেওঁৰ বিয়াৰ কাৰ্ডত নিজৰ প্ৰিয় তাৰকাৰ এখন ছপা কৰি দিলে। ইনষ্টাগ্ৰামৰ এটা ফেন পেজৰ সহায়ত এই ছবিখন পোহৰলৈ আহিছে।

দেখিবলৈ পোৱা গৈছে যে বিয়াৰ কাৰ্ডখনত ধোনিৰ এখন পুৰণি ফটো ছপা হৈ আছে। ২০১৩ চনত চেম্পিয়নছ ট্ৰফী জয় কৰাৰ পিছত ধোনিয়ে সংবাদমেললৈ লৈ আহিছিল ট্ৰফীটো। সেই ছবিখন বিয়াৰ কাৰ্ডত ছপা কৰা হৈছে। 

আই পি এল আৰম্ভ হ’বলৈ বাকী আছে তিনি সপ্তাহ। ৩১ মাৰ্চৰ পৰা প্ৰথমখন খেল আৰম্ভ কৰিব ধোনীয়ে। তেওঁলোকৰ প্ৰতিদ্বন্দ্বী গুজৰাট টাইটানছ। ইতিমধ্যে ধোনীয়ে প্ৰশিক্ষণ আৰম্ভ কৰিছে। বহুতে ভাবে যে এয়া ধোনীৰ শেষ আই পি এল। তেনে সময়তে ধোনীক লৈ এই উন্মাদনাই তেওঁৰ অশেষ জনপ্ৰিয়তাকে প্ৰতিপন্ন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক