--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিতৰ্কত সোমাই পৰিছে বাংলাদেশৰ অধিনায়ক ছাকিব আল হাছান। এটা ইভেণ্টলৈ গৈ নিজৰে এজন ফেনক প্ৰহাৰ কৰিবলৈ উদ্যত হয় ছাকিব। ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টি-২০ মেচ খেলি উঠিয়ে এই ইভেণ্টলৈ গৈছিল ছাকিব। তাত অনুৰাগীয়ে ঘেৰি ধৰাত বাংলাদেশী অল ৰাউণ্ডাৰগৰাকীৰ মেজাজ হেৰাই যায়।

ইংলেণ্ডক পৰাস্ত কৰাৰ তিনি ঘণ্টাৰ পাছত ছাকিবে এটা পণ্যৰ লঞ্চ ইভেণ্টলৈ যায়। তাত উপস্থিত হোৱাৰ পিছতে বিশৃংখলতাৰ সৃষ্টি হ’ল। বহুতে ঘেৰি ধৰিলে ছাকিবক। অটোগ্ৰাফ বিচাৰিবলৈ ধৰিলে। বহু লোকে বাংলাদেশৰ অধিনায়কক স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছিল।

অনুৰাগীৰ অত্যাচাৰত খৰ্গহস্ত হৈ পৰে ছাকিব। ক্ষুব্ধ ছাকিবে টুপী খুলি কেইবাজনো অনুৰাগীক প্ৰহাৰ কৰে। তাৰপাছতে আন্তঃৰাষ্ট্ৰীয় এটা শৃংখলা চলি থকাৰ মাজতে পণ্যৰ প্ৰচাৰমূলক অনুষ্ঠানত ছাকিবৰ অংশগ্ৰহণক লৈ ইতিমধ্যে প্ৰশ্ন উত্থাপন হৈছে।

কিন্তু এয়াই প্ৰথম নহয়, ক্ৰিকেট কেৰিয়াৰত বাৰে বাৰে বিতৰ্কত লিপ্ত হৈছে ছাকিব। যোৱা বাংলাদেশ প্ৰিমিয়াৰ লীগত বল ৱাইড নিদিয়াৰ বাবে লেগ আম্পায়াৰৰ সৈতে তেওঁৰ কাজিয়া হৈছিল। ২০২১ চনত বাংলাদেশ প্ৰিমিয়াৰ লীগত আম্পায়াৰৰ সিদ্ধান্তত ক্ষুব্ধ হৈ ছাকিবে ষ্টাম্পত কিক মাৰিছিল।

শেহতীয়াকৈ ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ছাকিবে নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিছে। এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৬০০০ ৰান আৰু ৩০০ উইকেট সম্পূৰ্ণ কৰা বিশ্বৰ তৃতীয়জন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় তেওং। এতিয়ালৈকে এই কৃতিত্ব কেৱল সনাথ জয়সূৰিয়া আৰু শ্বাহিদ আফ্ৰিদীয়েহে লাভ কৰিছে।

বাংলাদেশে ছাকিবৰ নেতৃত্বত চলি থকা প্ৰথমখন টি-২০ মেচত বিশ্ব চেম্পিয়ন ইংলেণ্ডক পৰাস্ত কৰে। দেওবাৰে বাংলাদেশ-ইংলেণ্ডৰ দ্বিতীয়খন টি-২০ মেচ। এই মেচখনত জয়ী হ’লে তিনিখন মেচৰ শৃংখলাত বাংলাদেশে ২-০ ত অগ্ৰগতি লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক