--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিতৰ্কত সোমাই পৰিছে বাংলাদেশৰ অধিনায়ক ছাকিব আল হাছান। এটা ইভেণ্টলৈ গৈ নিজৰে এজন ফেনক প্ৰহাৰ কৰিবলৈ উদ্যত হয় ছাকিব। ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টি-২০ মেচ খেলি উঠিয়ে এই ইভেণ্টলৈ গৈছিল ছাকিব। তাত অনুৰাগীয়ে ঘেৰি ধৰাত বাংলাদেশী অল ৰাউণ্ডাৰগৰাকীৰ মেজাজ হেৰাই যায়।

ইংলেণ্ডক পৰাস্ত কৰাৰ তিনি ঘণ্টাৰ পাছত ছাকিবে এটা পণ্যৰ লঞ্চ ইভেণ্টলৈ যায়। তাত উপস্থিত হোৱাৰ পিছতে বিশৃংখলতাৰ সৃষ্টি হ’ল। বহুতে ঘেৰি ধৰিলে ছাকিবক। অটোগ্ৰাফ বিচাৰিবলৈ ধৰিলে। বহু লোকে বাংলাদেশৰ অধিনায়কক স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছিল।

অনুৰাগীৰ অত্যাচাৰত খৰ্গহস্ত হৈ পৰে ছাকিব। ক্ষুব্ধ ছাকিবে টুপী খুলি কেইবাজনো অনুৰাগীক প্ৰহাৰ কৰে। তাৰপাছতে আন্তঃৰাষ্ট্ৰীয় এটা শৃংখলা চলি থকাৰ মাজতে পণ্যৰ প্ৰচাৰমূলক অনুষ্ঠানত ছাকিবৰ অংশগ্ৰহণক লৈ ইতিমধ্যে প্ৰশ্ন উত্থাপন হৈছে।

কিন্তু এয়াই প্ৰথম নহয়, ক্ৰিকেট কেৰিয়াৰত বাৰে বাৰে বিতৰ্কত লিপ্ত হৈছে ছাকিব। যোৱা বাংলাদেশ প্ৰিমিয়াৰ লীগত বল ৱাইড নিদিয়াৰ বাবে লেগ আম্পায়াৰৰ সৈতে তেওঁৰ কাজিয়া হৈছিল। ২০২১ চনত বাংলাদেশ প্ৰিমিয়াৰ লীগত আম্পায়াৰৰ সিদ্ধান্তত ক্ষুব্ধ হৈ ছাকিবে ষ্টাম্পত কিক মাৰিছিল।

শেহতীয়াকৈ ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ছাকিবে নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিছে। এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৬০০০ ৰান আৰু ৩০০ উইকেট সম্পূৰ্ণ কৰা বিশ্বৰ তৃতীয়জন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় তেওং। এতিয়ালৈকে এই কৃতিত্ব কেৱল সনাথ জয়সূৰিয়া আৰু শ্বাহিদ আফ্ৰিদীয়েহে লাভ কৰিছে।

বাংলাদেশে ছাকিবৰ নেতৃত্বত চলি থকা প্ৰথমখন টি-২০ মেচত বিশ্ব চেম্পিয়ন ইংলেণ্ডক পৰাস্ত কৰে। দেওবাৰে বাংলাদেশ-ইংলেণ্ডৰ দ্বিতীয়খন টি-২০ মেচ। এই মেচখনত জয়ী হ’লে তিনিখন মেচৰ শৃংখলাত বাংলাদেশে ২-০ ত অগ্ৰগতি লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু