--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত যেন শাপমুক্ত হ’ল বিৰাট কোহলী৷ ৪০  মাহৰ পিছত বিৰাটে আটাইতকৈ দীঘল ফৰ্মেটত শতক অৰ্জন কৰিবলৈ সক্ষম হ’ল। কোহলীয়ে তিনিওটা ফৰ্মেটতে ৭৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰিছে৷ বিৰাট কোহলীয়ে আহমেদাবাদত ৩ বছৰ আৰু ৪ মাহৰ পিছত টেষ্ট ক্ৰিকেটত পুনৰ এটা শতকৰ মুখ দেখিবলৈ সক্ষম হৈছে। 

বিৰাটে শেষবাৰৰ বাবে ২০১৯ চনৰ নৱেম্বৰত এটা টেষ্ট শতক অৰ্জন কৰিছিল। কলকাতাৰ ইডেন গাৰ্ডেনত বাংলাদেশৰ বিৰুদ্ধে দিবা-নিশাৰ টেষ্টত কোহলীয়ে ১৩৬ ৰাণৰ এক সুন্দৰ ইনিংছ খেলিছিল।সেই প্ৰাপ্তিৰ পিছত বিৰাটে ৪১  খন টেষ্ট ইনিংছত ছয়টা অৰ্ধ-শতক অৰ্জন কৰিছে, কিন্তু তিনিটা সংখ্যাত উপনীত হ'বলৈ সক্ষম হোৱা নাই। অৱশেষত ৪২  সংখ্যক  ইনিংছত তেওঁ এটা শতক অৰ্জন কৰিবলৈ সক্ষম হ’ল৷

কোহলীয়ে আহমেদাবাদ টেষ্টৰ প্ৰথম ইনিংছত পাঁচটা বাউণ্ডেৰীৰ সহায়ত ২৪১ টা বলত ব্যক্তিগত শতক সম্পূৰ্ণ কৰিছে। চতুৰ্থ দিনা দুপৰীয়াৰ আহাৰ বিৰতিৰ পিছত বিৰাটে ভাৰতীয় ইনিংছৰ ১৩৮.২ অভাৰত লিয়'নৰ বলত ১  ৰাণ  লৈ শতক সম্পূণ কৰে৷

কোহলীয়ে তেওঁৰ টেষ্ট কেৰিয়াৰৰ ২৮ সংখ্যক  শতক সম্পূৰ্ণ কৰিছিল। সৰ্বাধিক টেষ্ট শতক অৰ্জন কৰা ক্ৰিকেটাৰসকলৰ তালিকাত তেওঁ দক্ষিণ আফ্ৰিকাৰ গ্ৰেম স্মিথ আৰু অষ্ট্ৰেলিয়াৰ এলেন বৰ্ডাৰক পিছ পেলাই যাবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত তেওঁ অষ্ট্ৰেলিয়াৰ মাইকেল ক্লাৰ্ক আৰু দক্ষিণ আফ্ৰিকাৰ হাছিম আমলাৰ অভিলেখ স্পৰ্শ কৰিবলৈ সমৰ্থ হৈছে। উল্লেখ্য  গ্ৰেম আৰু বৰ্ডাৰে টেষ্টত ২৭ টা কৈ শতক অৰ্জন কৰিছে। ক্লাৰ্ক আৰু আমলাই কোহলীৰ দৰে ২৮ টা টেষ্ট শতক অৰ্জন কৰিছে। যদি  আন এটা টেষ্ট শতক অৰ্জন কৰে তেন্তে কোহলীয়ে জো ৰুট আৰু কিংবদন্তি ডন ব্ৰেডমেনকো স্পৰ্শ কৰিব পাৰিব । কাৰণ দুয়োজনে টেষ্টত ২৯ টাকৈ শতক অৰ্জন কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু