--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত যেন শাপমুক্ত হ’ল বিৰাট কোহলী৷ ৪০  মাহৰ পিছত বিৰাটে আটাইতকৈ দীঘল ফৰ্মেটত শতক অৰ্জন কৰিবলৈ সক্ষম হ’ল। কোহলীয়ে তিনিওটা ফৰ্মেটতে ৭৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰিছে৷ বিৰাট কোহলীয়ে আহমেদাবাদত ৩ বছৰ আৰু ৪ মাহৰ পিছত টেষ্ট ক্ৰিকেটত পুনৰ এটা শতকৰ মুখ দেখিবলৈ সক্ষম হৈছে। 

বিৰাটে শেষবাৰৰ বাবে ২০১৯ চনৰ নৱেম্বৰত এটা টেষ্ট শতক অৰ্জন কৰিছিল। কলকাতাৰ ইডেন গাৰ্ডেনত বাংলাদেশৰ বিৰুদ্ধে দিবা-নিশাৰ টেষ্টত কোহলীয়ে ১৩৬ ৰাণৰ এক সুন্দৰ ইনিংছ খেলিছিল।সেই প্ৰাপ্তিৰ পিছত বিৰাটে ৪১  খন টেষ্ট ইনিংছত ছয়টা অৰ্ধ-শতক অৰ্জন কৰিছে, কিন্তু তিনিটা সংখ্যাত উপনীত হ'বলৈ সক্ষম হোৱা নাই। অৱশেষত ৪২  সংখ্যক  ইনিংছত তেওঁ এটা শতক অৰ্জন কৰিবলৈ সক্ষম হ’ল৷

কোহলীয়ে আহমেদাবাদ টেষ্টৰ প্ৰথম ইনিংছত পাঁচটা বাউণ্ডেৰীৰ সহায়ত ২৪১ টা বলত ব্যক্তিগত শতক সম্পূৰ্ণ কৰিছে। চতুৰ্থ দিনা দুপৰীয়াৰ আহাৰ বিৰতিৰ পিছত বিৰাটে ভাৰতীয় ইনিংছৰ ১৩৮.২ অভাৰত লিয়'নৰ বলত ১  ৰাণ  লৈ শতক সম্পূণ কৰে৷

কোহলীয়ে তেওঁৰ টেষ্ট কেৰিয়াৰৰ ২৮ সংখ্যক  শতক সম্পূৰ্ণ কৰিছিল। সৰ্বাধিক টেষ্ট শতক অৰ্জন কৰা ক্ৰিকেটাৰসকলৰ তালিকাত তেওঁ দক্ষিণ আফ্ৰিকাৰ গ্ৰেম স্মিথ আৰু অষ্ট্ৰেলিয়াৰ এলেন বৰ্ডাৰক পিছ পেলাই যাবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত তেওঁ অষ্ট্ৰেলিয়াৰ মাইকেল ক্লাৰ্ক আৰু দক্ষিণ আফ্ৰিকাৰ হাছিম আমলাৰ অভিলেখ স্পৰ্শ কৰিবলৈ সমৰ্থ হৈছে। উল্লেখ্য  গ্ৰেম আৰু বৰ্ডাৰে টেষ্টত ২৭ টা কৈ শতক অৰ্জন কৰিছে। ক্লাৰ্ক আৰু আমলাই কোহলীৰ দৰে ২৮ টা টেষ্ট শতক অৰ্জন কৰিছে। যদি  আন এটা টেষ্ট শতক অৰ্জন কৰে তেন্তে কোহলীয়ে জো ৰুট আৰু কিংবদন্তি ডন ব্ৰেডমেনকো স্পৰ্শ কৰিব পাৰিব । কাৰণ দুয়োজনে টেষ্টত ২৯ টাকৈ শতক অৰ্জন কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক