--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমে বয়স নামানে বোলা কথাষাৰ বহুদিনৰে পৰাই সত্য প্ৰমাণিত হৈ আহিছে৷ কিন্তু প্ৰেমে যে  লিংগও নামানে সেইকথাও বহু সময়ত প্ৰমাণিত হৈ আহিছে৷ প্ৰেমে লিংগ নামানে বাবেই বহু সময়ত পুৰুষে পুৰুষক আৰু মহিলাই মহিলাক বিয়া পাতিছে৷ মহিলাই মহিলাক বিয়া পতাৰ এটা ঘটনা ঘটিছে বিহাৰত৷ বিহাৰৰ ৰোজাদা আৰক্ষী থানা এলেকাত সংঘটিত  অদ্ভূত প্ৰেমৰ এক আশ্চৰ্যকৰ কাহিনীয়ে বহুতকে হতবাক কৰি তুলিছে৷ 

ধাৰহাৰা গাঁৱৰ শুক্লা দেৱীয়ে বিয়াৰ ১০ বছৰৰ পিছত গিৰিয়েকৰ  সৰু ভনীয়েক চোনিৰ প্ৰেমত পৰে । পাঁচ মাহ আগতে তেওঁলোক দুয়ো ঘৰত বিবাহপাশতো আৱদ্ধ হয়৷ পত্নীৰ সকলো কথা জনাৰ পিছতো  শুক্লা দেৱীৰ  স্বামীয়ে একো আপত্তি কৰা নাছিল৷  শুক্লা দেৱীয়ে  চোনিৰ সৈতে পতি- পত্নীৰ দৰে বাস কৰিবলৈ আৰম্ভ কৰিলে৷ শেহতীয়াকৈ  চোনিৰ ডাঙৰ ভগ্নী ঊষা দেৱী হঠাতে শুক্লা দেৱীৰ  ঘৰত উপস্থিত হয়৷  শুক্লা দেৱীয়ে চোনিক বিয়া পতাকলৈ ঊষাই শুক্লা দেৱীৰ সৈতে তৰ্কত লিপ্ত হয়৷   শেষত ঊষাই ভনীয়েক চোনিক নিজৰ  লগত লৈ যায়।

বিষয়টোক লৈ খঙত অগ্নিশৰ্মা হৈ পৰা  শুকলা দেৱীয়ে আৰক্ষী চকীত উপস্থিত হয়  আৰু চোনিক অপহৰণ কৰা বুলি  অভিযোগ দাখিল কৰে৷ আৰক্ষীক দিয়া আবেদনত শুক্লা দেৱীয়ে কৈছে যে তেওঁ ২০১৩  চনত প্ৰমাদে কুমাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।তেওঁৰ  দুটা সন্তানো আছে। এই সময়ছোৱাত তেওঁ নিজৰ ননদ  চোনিৰ প্ৰেমত পৰে। প্ৰেম ইমানেই বাঢ়িছিল যে ৫ মাহ আগতে শুক্লা দেৱীয়ে চোনি কুমাৰীক বিয়া কৰায় আৰু দুয়ো বিবাহিত জীৱন যাপন কৰিবলৈ আৰম্ভ কৰে।  স্বামী প্ৰমোদেও এই কথা জানিছিল৷ কিন্তু শুক্লা- চোনিৰ  দুয়োৰে সন্মতি থকাৰ বাবে গিৰিয়েকে  একো ক'ব পৰা নাছিল। তিনিওজনে একেটা ঘৰতে একেলগে বাস কৰিবলৈ লৈছিল। 

শুক্লাই অভিযোগ কৰিছে যে  চোনিৰ  ডাঙৰ ভগ্নী ঊষা দেৱীয়ে ১০-১৫ জন লোকৰ সৈতে তেওঁৰ ঘৰত উপস্থিত হৈ   তেওঁৰ পত্নী চোনি কুমাৰীক অপহৰণ কৰি  লৈ যায় ।  শুক্লা দেৱীয়ে কয় যে তেওঁ ননদ চোনি  কুমাৰীক বহুত ভালপায়, তেওঁ  অবিহনে শুক্লাই  জীয়াই থাকিব নোৱাৰে বুলিও আৰক্ষীক জনাইছে৷   শুক্লাৰ সৈতে আৰক্ষী চকীলৈ যোৱা তেওঁৰ স্বামী প্ৰমোদেও শুক্লা দেৱীয়ে  যি ভালপায় সেয়া কৰা উচিত বুলি আৰক্ষীক জনায়৷  গোচৰটো এতিয়াও চলি আছে, আৰক্ষীয়েও তদন্ত কৰি আছে৷ 






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক