--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমে বয়স নামানে বোলা কথাষাৰ বহুদিনৰে পৰাই সত্য প্ৰমাণিত হৈ আহিছে৷ কিন্তু প্ৰেমে যে  লিংগও নামানে সেইকথাও বহু সময়ত প্ৰমাণিত হৈ আহিছে৷ প্ৰেমে লিংগ নামানে বাবেই বহু সময়ত পুৰুষে পুৰুষক আৰু মহিলাই মহিলাক বিয়া পাতিছে৷ মহিলাই মহিলাক বিয়া পতাৰ এটা ঘটনা ঘটিছে বিহাৰত৷ বিহাৰৰ ৰোজাদা আৰক্ষী থানা এলেকাত সংঘটিত  অদ্ভূত প্ৰেমৰ এক আশ্চৰ্যকৰ কাহিনীয়ে বহুতকে হতবাক কৰি তুলিছে৷ 

ধাৰহাৰা গাঁৱৰ শুক্লা দেৱীয়ে বিয়াৰ ১০ বছৰৰ পিছত গিৰিয়েকৰ  সৰু ভনীয়েক চোনিৰ প্ৰেমত পৰে । পাঁচ মাহ আগতে তেওঁলোক দুয়ো ঘৰত বিবাহপাশতো আৱদ্ধ হয়৷ পত্নীৰ সকলো কথা জনাৰ পিছতো  শুক্লা দেৱীৰ  স্বামীয়ে একো আপত্তি কৰা নাছিল৷  শুক্লা দেৱীয়ে  চোনিৰ সৈতে পতি- পত্নীৰ দৰে বাস কৰিবলৈ আৰম্ভ কৰিলে৷ শেহতীয়াকৈ  চোনিৰ ডাঙৰ ভগ্নী ঊষা দেৱী হঠাতে শুক্লা দেৱীৰ  ঘৰত উপস্থিত হয়৷  শুক্লা দেৱীয়ে চোনিক বিয়া পতাকলৈ ঊষাই শুক্লা দেৱীৰ সৈতে তৰ্কত লিপ্ত হয়৷   শেষত ঊষাই ভনীয়েক চোনিক নিজৰ  লগত লৈ যায়।

বিষয়টোক লৈ খঙত অগ্নিশৰ্মা হৈ পৰা  শুকলা দেৱীয়ে আৰক্ষী চকীত উপস্থিত হয়  আৰু চোনিক অপহৰণ কৰা বুলি  অভিযোগ দাখিল কৰে৷ আৰক্ষীক দিয়া আবেদনত শুক্লা দেৱীয়ে কৈছে যে তেওঁ ২০১৩  চনত প্ৰমাদে কুমাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।তেওঁৰ  দুটা সন্তানো আছে। এই সময়ছোৱাত তেওঁ নিজৰ ননদ  চোনিৰ প্ৰেমত পৰে। প্ৰেম ইমানেই বাঢ়িছিল যে ৫ মাহ আগতে শুক্লা দেৱীয়ে চোনি কুমাৰীক বিয়া কৰায় আৰু দুয়ো বিবাহিত জীৱন যাপন কৰিবলৈ আৰম্ভ কৰে।  স্বামী প্ৰমোদেও এই কথা জানিছিল৷ কিন্তু শুক্লা- চোনিৰ  দুয়োৰে সন্মতি থকাৰ বাবে গিৰিয়েকে  একো ক'ব পৰা নাছিল। তিনিওজনে একেটা ঘৰতে একেলগে বাস কৰিবলৈ লৈছিল। 

শুক্লাই অভিযোগ কৰিছে যে  চোনিৰ  ডাঙৰ ভগ্নী ঊষা দেৱীয়ে ১০-১৫ জন লোকৰ সৈতে তেওঁৰ ঘৰত উপস্থিত হৈ   তেওঁৰ পত্নী চোনি কুমাৰীক অপহৰণ কৰি  লৈ যায় ।  শুক্লা দেৱীয়ে কয় যে তেওঁ ননদ চোনি  কুমাৰীক বহুত ভালপায়, তেওঁ  অবিহনে শুক্লাই  জীয়াই থাকিব নোৱাৰে বুলিও আৰক্ষীক জনাইছে৷   শুক্লাৰ সৈতে আৰক্ষী চকীলৈ যোৱা তেওঁৰ স্বামী প্ৰমোদেও শুক্লা দেৱীয়ে  যি ভালপায় সেয়া কৰা উচিত বুলি আৰক্ষীক জনায়৷  গোচৰটো এতিয়াও চলি আছে, আৰক্ষীয়েও তদন্ত কৰি আছে৷ 






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু