--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰদ্ধা ৱাকাৰ আৰু নিকি যাদৱৰ হত্যাই  দিল্লীত জোকাৰণিৰ সৃষ্টি কৰি থকাৰ সময়তে আন এটা হত্যাকাণ্ড সংঘটিত হৈছে ৰাজধানী চহৰ খনত৷ দিল্লীৰ এজন লোকে তেওঁৰ পত্নী আৰু ছমহীয়া  পুত্ৰক হত্যা কৰাৰ পিছত অভিযুক্তজনে নিজেই আৰক্ষী থানালৈ ফোন কৰি এই ঘটনাৰ বিষয়ে খবৰ দিয়ে৷

 ঘটনাটো শনিবাৰে পোহৰলৈ আহিছে৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে ব্ৰিজেশ নামৰ লোক জনে  তেওঁৰ পত্নীৰ বিৰুদ্ধে  বিবাহ বহিৰ্ভূত সম্পৰ্কত জড়িত থকাৰ অভিযোগ কৰিছে আৰু সেইবাবেই  তেওঁক হত্যা কৰা বুলি কৈছে। ব্ৰিজেশৰ বিৰুদ্ধে তেওঁৰ পত্নী অঞ্জলি আৰু তেওঁলোকৰ ছমহীয়া  পুত্ৰক চুৰি আৰু স্ক্ৰুড্ৰাইভাৰেৰে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। 

শুক্ৰবাৰে নিশা উত্তৰ-পূব দিল্লীৰ শকুৰপুৰ অঞ্চলত এই হত্যাকাণ্ড সংঘটিত হয়।হত্যাৰ পিছত, লোকজনে নিজেই আৰক্ষী চকীলৈ ফোন কৰি হত্যাৰ বিষয়ে জনায়। এজন আৰক্ষী বিষয়াই কয়  যে লোকজনে  তেওঁৰ পত্নী আৰু পুত্ৰক ফোনযোগে হত্যাৰ বিষয়ে আৰক্ষীক  অৱগত কৰাৰ পিছতে আৰক্ষীৰ এটা দল ঘটনাস্থলীলৈ যায় । ঘটনাস্থলীত আৰক্ষীয়ে লোক জনৰ পত্নী আৰু পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰে। অভিযুক্তজনক আৰক্ষীয়ে লগে লগে গ্ৰেপ্তাৰ কৰে। 

উল্লেখ্য মহাৰাষ্ট্ৰৰ পালঘৰৰ বাসিন্দা শ্ৰদ্ধা ৱাকাৰৰ প্ৰেমিক  আফতাব আমিন পুনাৱালাৰ বিৰুদ্ধে যোৱা বছৰ দিল্লীত শ্ৰদ্ধাক  হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল। হত্যাৰ পিছত আফতাবৰ বিৰুদ্ধে শ্ৰদ্ধাৰ মৃতদেহৰ টুকুৰা  বিভিন্ন অঞ্চলত  পেলাই দিয়াৰ অভিযোগ উঠিছিল। এই ঘটনাত সমগ্ৰ দেশ হতবাক হৈছিল। দিল্লীত আন এটা হত্যাকাণ্ডৰ খবৰ পোহৰলৈ  আহিছে। সেয়া হৈছে নিকিৰ হত্যাকাণ্ড৷ ইয়াৰ মাজতে দিল্লীত পত্নী-পুত্ৰৰ  হত্যাকাণ্ডৰ খবৰে আলোড়ণৰ সৃষ্টি কৰিছে৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক