--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰদ্ধা ৱাকাৰ আৰু নিকি যাদৱৰ হত্যাই  দিল্লীত জোকাৰণিৰ সৃষ্টি কৰি থকাৰ সময়তে আন এটা হত্যাকাণ্ড সংঘটিত হৈছে ৰাজধানী চহৰ খনত৷ দিল্লীৰ এজন লোকে তেওঁৰ পত্নী আৰু ছমহীয়া  পুত্ৰক হত্যা কৰাৰ পিছত অভিযুক্তজনে নিজেই আৰক্ষী থানালৈ ফোন কৰি এই ঘটনাৰ বিষয়ে খবৰ দিয়ে৷

 ঘটনাটো শনিবাৰে পোহৰলৈ আহিছে৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে ব্ৰিজেশ নামৰ লোক জনে  তেওঁৰ পত্নীৰ বিৰুদ্ধে  বিবাহ বহিৰ্ভূত সম্পৰ্কত জড়িত থকাৰ অভিযোগ কৰিছে আৰু সেইবাবেই  তেওঁক হত্যা কৰা বুলি কৈছে। ব্ৰিজেশৰ বিৰুদ্ধে তেওঁৰ পত্নী অঞ্জলি আৰু তেওঁলোকৰ ছমহীয়া  পুত্ৰক চুৰি আৰু স্ক্ৰুড্ৰাইভাৰেৰে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। 

শুক্ৰবাৰে নিশা উত্তৰ-পূব দিল্লীৰ শকুৰপুৰ অঞ্চলত এই হত্যাকাণ্ড সংঘটিত হয়।হত্যাৰ পিছত, লোকজনে নিজেই আৰক্ষী চকীলৈ ফোন কৰি হত্যাৰ বিষয়ে জনায়। এজন আৰক্ষী বিষয়াই কয়  যে লোকজনে  তেওঁৰ পত্নী আৰু পুত্ৰক ফোনযোগে হত্যাৰ বিষয়ে আৰক্ষীক  অৱগত কৰাৰ পিছতে আৰক্ষীৰ এটা দল ঘটনাস্থলীলৈ যায় । ঘটনাস্থলীত আৰক্ষীয়ে লোক জনৰ পত্নী আৰু পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰে। অভিযুক্তজনক আৰক্ষীয়ে লগে লগে গ্ৰেপ্তাৰ কৰে। 

উল্লেখ্য মহাৰাষ্ট্ৰৰ পালঘৰৰ বাসিন্দা শ্ৰদ্ধা ৱাকাৰৰ প্ৰেমিক  আফতাব আমিন পুনাৱালাৰ বিৰুদ্ধে যোৱা বছৰ দিল্লীত শ্ৰদ্ধাক  হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল। হত্যাৰ পিছত আফতাবৰ বিৰুদ্ধে শ্ৰদ্ধাৰ মৃতদেহৰ টুকুৰা  বিভিন্ন অঞ্চলত  পেলাই দিয়াৰ অভিযোগ উঠিছিল। এই ঘটনাত সমগ্ৰ দেশ হতবাক হৈছিল। দিল্লীত আন এটা হত্যাকাণ্ডৰ খবৰ পোহৰলৈ  আহিছে। সেয়া হৈছে নিকিৰ হত্যাকাণ্ড৷ ইয়াৰ মাজতে দিল্লীত পত্নী-পুত্ৰৰ  হত্যাকাণ্ডৰ খবৰে আলোড়ণৰ সৃষ্টি কৰিছে৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু