--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ অতীতৰ প্ৰধানমন্ত্ৰীসকলতকৈ বেছি জনপ্ৰিয় নেকি? এই প্ৰশ্ন এতিয়া বহুতৰে মনত উদয় হৈছে৷ শেহতীয়া এক সমীক্ষাই মোদী কিমান জনপ্ৰিয় তাৰ এক আভা, দাঙি ধৰিছে৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ আগে আগে প্ৰকাশ পোৱা   'শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী'  লেই প্ৰশ্নৰ উত্তৰো বহুতকে দিবলৈ সক্ষম হৈছে এক সমীক্ষাই। শেহতীয়াকৈ  চি-ভোটাৰে  ভাৰতৰ আটাইতকৈ জনপ্ৰিয় প্ৰধানমন্ত্ৰী  কোন সেয়া জানিবলৈ এটা সমীক্ষা  চলাইছে৷ 

সমীক্ষাটোত প্ৰক্তন প্ৰধানমন্ত্ৰী  জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, অটল বিহাৰী বাজপেয়ী, মনমোহন সিং আৰু নৰেন্দ্ৰ মোদীৰ মাজত ''স্বাধীন ভাৰতৰ শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী কোন''শিতানত তুলনা কৰা হৈছে৷  চি-ভোটাৰ সমীক্ষাই  তিনিজন প্ৰধানমন্ত্ৰীৰ নামৰ ক্ষেত্ৰত সৰ্বাধিক সঁহাৰি লাভ কৰিছে ৷ তেওঁলোক হ’ল  নৰেন্দ্ৰ মোদী, অটল বিহাৰী বাজপেয়ী আৰু ইন্দিৰা গান্ধী।

লক্ষ্যণীয়ভাবে মোদী স্বাধীন ভাৰতৰ এতিয়ালৈকে 'শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী' বুলি শেহতীয়া চি-ভোটাৰ সমীক্ষাত প্ৰকাশ পাইছে। সমীক্ষাত  প্ৰায় ৪৭  শতাংশ অংশগ্ৰহণকাৰীয়ে  নৰেন্দ্ৰ মোদীক "স্বাধীন ভাৰতৰ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী" হিচাপে উল্লেখ কৰিছে।

চি-ভোটাৰ সমীক্ষাৰ  প্ৰায় ১৬ শতাংশ অংশগ্ৰহণকাৰীয়ে  প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক এজন উন্নত প্ৰধানমন্ত্ৰী হিচাপে বাছনি কৰিছে।

প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক চি-ভোটাৰ জৰীপত "স্বাধীন ভাৰতৰ শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী" শ্ৰেণীত ১২ শতাংশ লোকে পছন্দ কৰিছে।৯ শতাংশই  জৱাহৰলাল নেহৰুক ''স্বাধীন ভাৰতৰ শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী'' শ্ৰেণীৰ চতুৰ্থ পছন্দ হিচাবে ৰাখিছে।স্বাধীন ভাৰতৰ ৫ম শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী হৈছে মনমোহন সিং। 

চি-ভোটাৰ জৰীপত মাত্ৰ ৮ শতাংশ লোকে মনমোহন সিঙক এজন ভাল প্ৰধানমন্ত্ৰী হিচাপে বাছনি কৰিছে। চি-ভোটাৰ জৰীপে অৱশ্যে পূৰ্বৰ তুলনাত প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয়তা হ্ৰাস হোৱা দেখুৱাইছে।  মমতা বেনাৰ্জী, অৰবিন্দ কেজৰিৱাল, নীতিশ কুমাৰ আৰু ৰাহুল গান্ধীৰ তুলনাত মোদীয়ে  ৫২ শতাংশ ভোট লাভ কৰি তেওঁ এতিয়াও প্ৰধানমন্ত্ৰী পদৰ বাবে আটাইতকৈ পছন্দৰ ব্যক্তি হৈ পৰিছে। উল্লেখ্য বিগত  বৰ্ষত চলোৱা একেধৰণৰ সমীক্ষাত  এ৫৩ শতাংশ অংশগ্ৰহণকাৰীয়ে মোদীক প্ৰধানমন্ত্ৰী হিচাবে উপযুক্ত ব্যক্তি বুলি বিবেচনা কৰিছিল৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু