--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ অতীতৰ প্ৰধানমন্ত্ৰীসকলতকৈ বেছি জনপ্ৰিয় নেকি? এই প্ৰশ্ন এতিয়া বহুতৰে মনত উদয় হৈছে৷ শেহতীয়া এক সমীক্ষাই মোদী কিমান জনপ্ৰিয় তাৰ এক আভা, দাঙি ধৰিছে৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ আগে আগে প্ৰকাশ পোৱা   'শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী'  লেই প্ৰশ্নৰ উত্তৰো বহুতকে দিবলৈ সক্ষম হৈছে এক সমীক্ষাই। শেহতীয়াকৈ  চি-ভোটাৰে  ভাৰতৰ আটাইতকৈ জনপ্ৰিয় প্ৰধানমন্ত্ৰী  কোন সেয়া জানিবলৈ এটা সমীক্ষা  চলাইছে৷ 

সমীক্ষাটোত প্ৰক্তন প্ৰধানমন্ত্ৰী  জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, অটল বিহাৰী বাজপেয়ী, মনমোহন সিং আৰু নৰেন্দ্ৰ মোদীৰ মাজত ''স্বাধীন ভাৰতৰ শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী কোন''শিতানত তুলনা কৰা হৈছে৷  চি-ভোটাৰ সমীক্ষাই  তিনিজন প্ৰধানমন্ত্ৰীৰ নামৰ ক্ষেত্ৰত সৰ্বাধিক সঁহাৰি লাভ কৰিছে ৷ তেওঁলোক হ’ল  নৰেন্দ্ৰ মোদী, অটল বিহাৰী বাজপেয়ী আৰু ইন্দিৰা গান্ধী।

লক্ষ্যণীয়ভাবে মোদী স্বাধীন ভাৰতৰ এতিয়ালৈকে 'শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী' বুলি শেহতীয়া চি-ভোটাৰ সমীক্ষাত প্ৰকাশ পাইছে। সমীক্ষাত  প্ৰায় ৪৭  শতাংশ অংশগ্ৰহণকাৰীয়ে  নৰেন্দ্ৰ মোদীক "স্বাধীন ভাৰতৰ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী" হিচাপে উল্লেখ কৰিছে।

চি-ভোটাৰ সমীক্ষাৰ  প্ৰায় ১৬ শতাংশ অংশগ্ৰহণকাৰীয়ে  প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক এজন উন্নত প্ৰধানমন্ত্ৰী হিচাপে বাছনি কৰিছে।

প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক চি-ভোটাৰ জৰীপত "স্বাধীন ভাৰতৰ শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী" শ্ৰেণীত ১২ শতাংশ লোকে পছন্দ কৰিছে।৯ শতাংশই  জৱাহৰলাল নেহৰুক ''স্বাধীন ভাৰতৰ শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী'' শ্ৰেণীৰ চতুৰ্থ পছন্দ হিচাবে ৰাখিছে।স্বাধীন ভাৰতৰ ৫ম শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী হৈছে মনমোহন সিং। 

চি-ভোটাৰ জৰীপত মাত্ৰ ৮ শতাংশ লোকে মনমোহন সিঙক এজন ভাল প্ৰধানমন্ত্ৰী হিচাপে বাছনি কৰিছে। চি-ভোটাৰ জৰীপে অৱশ্যে পূৰ্বৰ তুলনাত প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয়তা হ্ৰাস হোৱা দেখুৱাইছে।  মমতা বেনাৰ্জী, অৰবিন্দ কেজৰিৱাল, নীতিশ কুমাৰ আৰু ৰাহুল গান্ধীৰ তুলনাত মোদীয়ে  ৫২ শতাংশ ভোট লাভ কৰি তেওঁ এতিয়াও প্ৰধানমন্ত্ৰী পদৰ বাবে আটাইতকৈ পছন্দৰ ব্যক্তি হৈ পৰিছে। উল্লেখ্য বিগত  বৰ্ষত চলোৱা একেধৰণৰ সমীক্ষাত  এ৫৩ শতাংশ অংশগ্ৰহণকাৰীয়ে মোদীক প্ৰধানমন্ত্ৰী হিচাবে উপযুক্ত ব্যক্তি বুলি বিবেচনা কৰিছিল৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement