--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ তাৰকাৰ বিবাহে সদায় অনুৰাগীসকলক আকৰ্ষিত কৰি আহিছে। এইবাৰ, বলীউডৰ তাৰকাৰ সৈতে  ৰাজনীতিকৰ মিলনৰ এক পৰ্ব আৰম্ভ হৈছে। অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু ৰাজনীতিক ৰাঘৱ চাদ্ধাই  এক নতুন যাত্ৰা আৰম্ভ কৰিবলৈ সাজু হৈছে।

আপৰ সাংসদ চাদ্ধাই বিয়াৰ  আগতে পৰিণীতিক প্ৰথমবাৰৰ বাবে  লগ পোৱাৰ  অভিজ্ঞতাৰ বিষয়ে মুকলি কৈছে। ইউটিউবাৰ ৰণবীৰ আল্লাবাদিয়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাঘৱ চাদ্ধাই তেওঁৰ ৰোমান্টিক মুহূৰ্তৰ কথা উল্লেখ কৰিছে  আৰু তেওঁ চোপ্ৰাক কেনেদৰে লগ পাইছিল সেয়াও ব্যক্ত কৰিছে।   প্ৰথম সাক্ষাতক  এক যাদুকৰী মুহূৰ্ত বুলি অভিহিত কৰি তেওঁ কয় যে তেওঁলোকে এক 'অতি সাধাৰণ ' ভাবে  লগ পাইছিল আৰু তেওঁ ঈশ্বৰক তেওঁৰ জীৱনত পৰিণীতিক দিয়াৰ বাবে প্ৰতিদিনে ধন্যবাদ জনাই আহিছে। "মই অত্যন্ত সুখী যে মই তেওঁক  মোৰ সংগী হিচাপে পাইছো। তেওঁক  মোক দিয়াৰ বাবে মই প্ৰতিদিনে ভগৱানক ধন্যবাদ জনাইছো," চাদ্ধাই কয়।

জানিব পৰা মতে ৰাঘৱ চাদ্ধা আৰু পৰিণীতি চোপ্ৰাই ৰাজস্থানৰ উদয়পুৰত লীলা পেলেচত বিবাহ পাশত আৱদ্ধ হ'ব। পৰিয়াল আৰু বন্ধুবৰ্গৰ উপস্থিতিত  বিবাহৰ উৎসৱ ১৭ ৰ পৰা ২৪ ছেপ্টেম্বৰলৈ চলিব বুলি জানিব পৰা গৈছে।

দুয়োকে ডিনাৰ ডেটৰ পিছত মুম্বাইৰ এখন ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দেখা পোৱা গৈছিল। ৰাঘৱ-পৰিণীতাই  মে’ মাহত তেওঁলোকৰ বাগদানৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি তেওঁলোকৰ সম্পৰ্ক আনুষ্ঠানিক কৰি তুলিছিল। ৰাঘৱ আৰু পৰিণীতিয়ে নতুন দিল্লীৰ কাপুৰথালা হাইছত আঙুঠি বিনিময় কৰিছিল।  আঙুঠি সলনি কৰাৰ অনুষ্ঠান শিখ পৰম্পৰা অনুসৰি  সম্পন্ন  হৈছিল। অনুষ্ঠানত অতিথিসকলৰ বাবে নানান সুস্বাদু খাদ্যৰে ৰাতিৰ আহাৰৰ ব্যৱস্থাও কৰা হৈছিল। ৰাঘৱ আৰু পৰিণীতিৰ বাগদান অনুষ্ঠানলৈ মুঠ ১৫০ জন লোকক আমন্ত্ৰণ জনোৱা হৈছিল। 

প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ ভগ্নীৰ বাগদান অনুষ্ঠানৰ বাবে আমেৰিকাৰ পৰা দিল্লীলৈ আহিছিল। আমাজনৰ কাৰ্যবাহী মেনেজাৰ থমাছ ডাৰ্কোৱিজও দিল্লীত উপস্থিত আছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ