--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ তাৰকাৰ বিবাহে সদায় অনুৰাগীসকলক আকৰ্ষিত কৰি আহিছে। এইবাৰ, বলীউডৰ তাৰকাৰ সৈতে  ৰাজনীতিকৰ মিলনৰ এক পৰ্ব আৰম্ভ হৈছে। অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু ৰাজনীতিক ৰাঘৱ চাদ্ধাই  এক নতুন যাত্ৰা আৰম্ভ কৰিবলৈ সাজু হৈছে।

আপৰ সাংসদ চাদ্ধাই বিয়াৰ  আগতে পৰিণীতিক প্ৰথমবাৰৰ বাবে  লগ পোৱাৰ  অভিজ্ঞতাৰ বিষয়ে মুকলি কৈছে। ইউটিউবাৰ ৰণবীৰ আল্লাবাদিয়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাঘৱ চাদ্ধাই তেওঁৰ ৰোমান্টিক মুহূৰ্তৰ কথা উল্লেখ কৰিছে  আৰু তেওঁ চোপ্ৰাক কেনেদৰে লগ পাইছিল সেয়াও ব্যক্ত কৰিছে।   প্ৰথম সাক্ষাতক  এক যাদুকৰী মুহূৰ্ত বুলি অভিহিত কৰি তেওঁ কয় যে তেওঁলোকে এক 'অতি সাধাৰণ ' ভাবে  লগ পাইছিল আৰু তেওঁ ঈশ্বৰক তেওঁৰ জীৱনত পৰিণীতিক দিয়াৰ বাবে প্ৰতিদিনে ধন্যবাদ জনাই আহিছে। "মই অত্যন্ত সুখী যে মই তেওঁক  মোৰ সংগী হিচাপে পাইছো। তেওঁক  মোক দিয়াৰ বাবে মই প্ৰতিদিনে ভগৱানক ধন্যবাদ জনাইছো," চাদ্ধাই কয়।

জানিব পৰা মতে ৰাঘৱ চাদ্ধা আৰু পৰিণীতি চোপ্ৰাই ৰাজস্থানৰ উদয়পুৰত লীলা পেলেচত বিবাহ পাশত আৱদ্ধ হ'ব। পৰিয়াল আৰু বন্ধুবৰ্গৰ উপস্থিতিত  বিবাহৰ উৎসৱ ১৭ ৰ পৰা ২৪ ছেপ্টেম্বৰলৈ চলিব বুলি জানিব পৰা গৈছে।

দুয়োকে ডিনাৰ ডেটৰ পিছত মুম্বাইৰ এখন ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দেখা পোৱা গৈছিল। ৰাঘৱ-পৰিণীতাই  মে’ মাহত তেওঁলোকৰ বাগদানৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি তেওঁলোকৰ সম্পৰ্ক আনুষ্ঠানিক কৰি তুলিছিল। ৰাঘৱ আৰু পৰিণীতিয়ে নতুন দিল্লীৰ কাপুৰথালা হাইছত আঙুঠি বিনিময় কৰিছিল।  আঙুঠি সলনি কৰাৰ অনুষ্ঠান শিখ পৰম্পৰা অনুসৰি  সম্পন্ন  হৈছিল। অনুষ্ঠানত অতিথিসকলৰ বাবে নানান সুস্বাদু খাদ্যৰে ৰাতিৰ আহাৰৰ ব্যৱস্থাও কৰা হৈছিল। ৰাঘৱ আৰু পৰিণীতিৰ বাগদান অনুষ্ঠানলৈ মুঠ ১৫০ জন লোকক আমন্ত্ৰণ জনোৱা হৈছিল। 

প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ ভগ্নীৰ বাগদান অনুষ্ঠানৰ বাবে আমেৰিকাৰ পৰা দিল্লীলৈ আহিছিল। আমাজনৰ কাৰ্যবাহী মেনেজাৰ থমাছ ডাৰ্কোৱিজও দিল্লীত উপস্থিত আছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা